< Єремія 8 >
1 Того ча́су, — говорить Господь, — повитя́гують кості царів Юди та кості його князі́в, і кості священиків, і кості пророків, і кості ме́шканців Єрусалиму з їхніх гробі́в,
১যিহোৱাই কৈছে, সেই দিনা শত্ৰূ যিহূদাৰ ৰজাসকলৰ, তাৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ, ভাববাদীসকলৰ, আৰু যিৰূচালেম-নিবাসীসকলৰ হাড়বোৰ তেওঁলোকৰ মৈদামৰ পৰা উলিয়াব।
2 і порозкладають їх перед сонцем і перед місяцем, та перед усіма́ небесними світилами, яки́х вони кохали та служили їм, і що йшли за ними, і що зверта́лися до них, і що вклоня́лися їм. Не будуть вони зі́брані й не будуть похо́вані, — гноєм стануть вони на поверхні землі!
২তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
3 І смерть буде ліпша від життя для всієї решти позоста́лих зо злого цього роду, по всіх цих місцях позосталих, куди Я їх повиганя́в, говорить Господь Саваот.
৩বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।
4 І скажеш до них: Так говорить Госпо́дь: Хіба па́дають — і не встаю́ть? Хіба хто відсту́пить, то вже не верта́ється?
৪তুমি তেওঁলোকক আৰু এই কথা ক’বা, যিহোৱাই এই কথা কৈছে: মানুহ পৰি জানো পুনৰায় নুঠিব? বা অপথে গৈ জানো আকৌ উলটি নাহিব?
5 Чому́ відступив оцей єрусалимський наро́д усевічним відсту́пленням? Міцно схопи́лись вони за ома́ну, не хо́чуть наверну́тись.
৫তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
6 Прислуха́вся Я й слухав: неправду говорять, немає ніко́го, хто б каявсь у своє́му лука́встві, говорячи: Що́ я зробив? Кожен з них оберта́ється до свого бігу, мов той кінь, що жене́ться у бій.
৬মই কাণ পাতি শুনিলোঁ; তেওঁলোকে যথাৰ্থ কথা নক’লে; “মই কি কৰিলোঁ?” এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে, যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা ঘোঁৰাৰ দৰে, তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘুৰে।
7 І ві́дає бу́сел у повітрі умо́влений час свій, а го́рлиця й ла́стівка та жураве́ль стережуть час приле́ту свого, — а наро́д Мій не знає Господнього права!
৭আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
8 Як ви скажете: Ми мудреці, і з нами Господній Зако́н? Ось справді брехне́ю вчинило його брехли́ве писа́рське писа́льне!
৮“আমি জ্ঞানী, আৰু যিহোৱাৰ ব্যৱস্থা আমাৰ লগত আছে”, এই বুলি তোমালোকে কেনেকৈ ক’ব পাৰা? কিন্তু চোৱা! লিখকসকলৰ মিছাকৈ লিখা লিখনীয়ে তাক মিছা কৰি পেলালে।
9 Засоро́млені ці мудреці, збенте́жилися й були схо́плені. Ось вони слово Господнє відки́нули, — що ж за мудрість ще мають вони?
৯জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?
10 Тому їхніх жіно́к віддам іншим, а їхні поля́ — здобувця́м, бо вони від мало́го та аж до великого — усі віддали́сь користолю́бству, від пророка та аж до священика чинять неправду!
১০সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত শোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।
11 І леге́нько ліку́ють нещастя наро́ду Мого, говорячи: „Мир, мир“, — а миру нема!
১১যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
12 Чи вони засоро́милися, що гидо́ту робили? Ні тро́хи вони не засоро́милися, і застида́тись не вміють, — тому́ то впаду́ть між упа́лими в ча́сі наві́щення їх, спіткну́ться, говорить Госпо́дь.
১২তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
13 Зберу їх доще́нту, говорить Господь: не буде ягі́д у них на винограді, і не буде на фі́ґовім дереві фіґ, а їхнє листя пов'я́не, і пошлю́ їм таких, що їх поїдя́ть.
১৩যিহোৱাই কৈছে, মই তেওঁলোকক একত্রিত কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।
14 „Пощо ми сидимо́? Збирайтесь та пі́демо в тверди́нні міста та й поги́немо там, бо Господь, Бог наш, учинив, що ми зги́немо, і напоїв нас водою трійли́вою, бо ми Господе́ві згрішили“.
১৪“আমি কিয় বহি থাকোঁ? আহাঁ, আমি একে লগ হৈ গড়েৰে আবৃত নগৰত সোমাওঁ, আৰু তাত নিজম দি থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে, আৰু বিহ গছৰ ৰস পান কৰালে, কাৰণ আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
15 Ми миру чекали, — й немає добра́, часу ви́лікування — й ось жах!
১৫আমি শান্তিৰ আশা কৰিছিলোঁ, কিন্তু মঙ্গল নহ’ল; আৰু সুস্থৰ সময়লৈ বাট চাইছিলোঁ, কিন্তু চোৱা, ত্ৰাস উপস্থিত।”
16 Чути фи́ркання ко́ней його аж від Дану, від гуку іржа́ння його жеребці́в уся земля затремтіла! І при́йдуть вони, й пожеру́ть усю землю та по́вню її, місто й тих, хто заме́шкує в ньому.
১৬দানৰ পৰা শত্রু ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে? তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেকঢেকনিত গোটেই দেশ কঁপিছে; কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে।
17 Бо ось Я пошлю́ проти вас тих вужі́в та гадю́к, що немає закля́ття на них, і вони вас куса́тимуть, каже Господь!
১৭কিয়নো চোৱা, মই তোমালোকৰ মাজলৈ মন্ত্ৰ নমনা সৰ্প, কালসৰ্পবোৰ পঠিয়াম; যিহোৱাই কৈছে, সেইবোৰে তোমালোকক দংশিব।
18 Яка моя втіха у сму́тку? Болить мені серце моє.
১৮অহ, মই দুখ-নিবাৰক শান্তনা পোৱা হ’লে, কেনে ভাল আছিল! মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্ব্বল হৈছে।
19 Ось голосіння дочки́ Мого наро́ду з далекого кра́ю: „Чи Господь не в Сіоні? Чи не в нім його Цар?“Нащо Мене розгніви́ли своїми бовва́нами, тими чужими марно́тами?
১৯চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?
20 „Минули жнива́, покінчи́лося літо, а ми не спасе́ні“.
২০শস্য দোৱাৰ সময় অতীত হল; গুটি পৰিবৰ সময় শেষ হ’ল, কিন্তু আমি পৰিত্ৰাণ পোৱা নাই।
21 Через нещастя дочки́ народу мого́ знещасли́влений я, і міцно страхіття мене обняло.́
২১মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ, মই শোক কৰিছোঁ, বিচুৰ্ত্তি খাইছোঁ।
22 Чи немає бальза́му в Ґілеа́ді? Чи ж немає там лі́каря? Чому нема ви́лікування для до́ньки наро́ду Мого́?
২২গিলিয়দ প্রদেশত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই? তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?