< Єремія 43 >
1 І сталося, як Єремія скінчи́в говорити до всього народу всі слова Господа, Бога їхнього, всі ті слова́, з якими послав його до них Господь, Бог їхній,
১সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
2 то сказав Азарія, син Гошаїн, і Йоханан, син Кареахів, та всі бундю́чні люди, кажучи до Єремії: „Брехню ти говориш! Не послав тебе Господь, Бог наш, сказати: Не входьте до Єгипту, щоб чужи́нцями заме́шкати там, —
২হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক যোহানন আদি সকলো গৰ্ব্বী লোকে যিৰিমিয়াক ক’লে, “তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিচৰত নোসোমাবা, এই বুলি ক’বলৈ আমাৰ ঈশ্বৰ যিহোৱাই তোমাক পঠিওৱা নাই।’
3 то тебе намовив проти нас Барух, син Нерійїн, щоб віддати нас у руку халдеїв, щоб повбивати нас, і щоб вигнати нас до Вавилону“.
৩কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কলদীয়াসকলৰ হাতত শোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰুকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে।
4 І не послухався Йоханан, син Кареахів, і всі військо́ві зверхники та ввесь народ Господнього голосу, щоб сидіти в Юдиному кра́ї.
৪এই হেতুকে কাৰেহৰ পুতেক যোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও যিহূদা দেশত বাস কৰিবলৈ যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
5 І взяв Йоханан, син Кареахів, та всі військо́ві зверхники всю Юдину решту, що вернулися від усіх народів, куди були ви́гнані, щоб заме́шкати в Юдиному кра́ї,
৫কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।
6 мужчин та жінок, і дітей та царськи́х дочо́к, і всяку душу, що Невузар'адан, начальник царсько́ї сторожі, позоставив був із Ґедалією, сином Ахікама, сина Шафанового, і з пророком Єремією та з Барухом, сином Нерійїним,
৬অৰ্থাৎ পুৰুষ, মহিলা, ল’ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰদান ৰক্ষক-সেনাপতিয়ে গতাই দিয়া সকলো লোকক, যিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক কাৰেহৰ পুতেক যোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ’ল; আৰু তেওঁলোক মিচৰ দেশত সোমাল।
7 і прийшли до єгипетського кра́ю, бо не послухалися Господнього голосу, і прийшли до Тахпанхесу.
৭কিয়নো তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ নিদিলে; আৰু তেওঁলোক তহ্পন্হেচলৈকে গ’ল।
8 І було слово Господнє до Єремії в Тахпанхесі таке:
৮তেতিয়া তহ্পন্হেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
9 „Візьми в свою руку великі каміння, і сховай їх у глині на цегляно́му майда́ні, що при вході до фараонового дому в Тахпанхесі, на оча́х юдейських людей.
৯“তুমি তোমাৰ হাতত গোটাদিয়েক ডাঙৰ শিল লৈ তহ্পন্হেচত ফৰৌণৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটাৰ গাঁঠনি আছে, তাৰ চুৰ্কীৰ মাজত যিহুদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি থ’বা।
10 І скажеш до них: Так говорить Господь Саваот, Бог Ізраїлів: Ось Я пошлю й візьму́ Навуходоносора, царя вавилонського, Мого раба, і поставлю його трона над тими каміннями, що Я поховав, і він своє царське́ шатро́ розтя́гне над ними.
১০তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব।
11 І він при́йде, і вдарить єгипетський край: що призначене на смерть — пі́де на смерть, а що до поло́ну — до поло́ну, а що на меча — піде на меча.
১১তেওঁ আহি মিচৰক আঘাত কৰিব; আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ’ব।
12 I підпалю́ огонь у домах єгипетських богів, і він попа́лить їх, і забере їх у поло́н, і він очи́стить єгипетський край, як чистить пастух свою одіж, і ви́йде звідти в споко́ї.
১২আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
13 І він поламає посвячені стовпи́ Бет-Шемеша, що в єгипетському кра́ї, а доми єгипетських богі́в попа́лить огнем“.
১৩তেওঁ মিচৰ দেশত থকা বৈৎ-চেমচৰ স্তম্ভবোৰ ভাঙিব আৰু মিচৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰি পেলাব।