< Єремія 32 >
1 Слово, що було до Єремії від Господа за десятого року Седекії, царя Юдиного, — це вісімнадцятий рік Навуходоно́сора.
১যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।
2 А тоді військо вавилонського царя обляга́ло Єрусалим, а пророк Єремія був ув'я́знений в подві́р'ї в'язни́ці, що була при домі царя Юдиного,
২সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
3 що ув'язни́в його Седекія, цар Юдин, говорячи: „На́що ти пророкуєш отак: Так говорить Господь: Ось Я ви́дам це місто в руку вавилонського царя, — і він здобу́де його.
৩যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;
4 А Седекія, цар Юдин, не втече́ від руки халдеїв, бо конче буде він даний в руку вавилонського царя́, і будуть говорити уста́ його з його устами, а очі його будуть бачити очі його.
৪যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;
5 І заведе́ він Седекію до Вавилону, і він буде там, аж поки Я відві́даю його, говорить Господь. Коли ж будете воювати з халдеями, не пощасти́ться вам“.
৫কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”
6 А Єремія відказав: „Було мені слово Господнє таке:
৬যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
7 Ось Ганамеїл, син Шаллума, твого дя́дька, іде до тебе сказати: Купи собі моє поле, що в Анатоті, бо ти маєш викупне́ право купити.
৭‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”
8 І прийшов до мене Ганамеїл, син дядька мого, за Господнім словом, до подві́р'я в'язни́ці, та й сказав мені: Купи моє поле, що в Анатоті, що в Веніяминовому краї, бо твоє право спа́дщини й твій викуп, — купи собі! І пізнав я, що це слово Господнє.
৮পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।
9 І купив я це поле від Ганамеїла, сина дядька мого, що в Анатоті, і відважив йому десять і сім ше́клів срібла.
৯এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
10 І написав я ку́пчу, і запечатав, і засві́дчив сві́дками, та й зважив срібло вагою.
১০মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
11 І взяв я ку́пчого листа запеча́таного, за зако́ном та уста́вами, і відкритого.
১১তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।
12 І дав я ку́пчого листа Барухові, синові Нерійї, Махсеїного сина, на очах сина дядька мого Ганамеїла та на очах свідків, що написані в купчому листі, на очах усіх юдеїв, що сиділи в подвір'ї в'язниці.
১২তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।
13 І наказав я Барухові на їхніх очах, говорячи:
১৩তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো
14 Так говорить Господь Саваот, Бог Ізраїлів: Візьми ці листи, цього ку́пчого листа, — і запеча́таного, і того листа відкритого, — і даси його в гли́няний по́суд, щоб заховались на довгий час.
১৪“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’
15 Бо так промовляє Господь Саваот, Бог Ізраїлів: Ще будуть купуватися доми́ та поля й виноградники в цьому Кра́ї!
১৫কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”
16 І молився я до Господа пото́му, як дав був ку́пчого листа Барухові, Нерейїному синові, промовляючи:
১৬নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,
17 О Господи, Боже! Ти небо та землю створив Своєю поту́жною силою та Своїм ви́тягненим раме́ном, — нічо́го для Тебе нема неможли́вого!
১৭“হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
18 Милість Ти тисячам чи́ниш, і за провину батькі́в після них віддаєш в лоно їхніх синів, Боже великий та могу́тній, Госпо́дь Савао́т Йому Йме́ння!
১৮তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
19 Великий в пораді й могу́тній у чи́нах, що очі Твої відкриті на всі доро́ги лю́дських синів, щоб кожному дати згідно з його доро́гою та згідно з плодо́м його чи́нів,
১৯তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
20 що знаки та чу́да чинив Ти в єги́петськім кра́ї, і чиниш їх аж по цей день, і між Ізраїлем, і між наро́дом, і зробив Собі Йме́ння, як цього дня!
২০তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
21 І Ти вивів наро́д Свій Ізраїля з кра́ю єгипетського зна́ками та чу́дами, і рукою поту́жною, і раме́ном ви́тягненим та стра́хом великим.
২১তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।
22 І дав Ти їм край цей, який їхнім батька́м заприсяг був, щоб дати їм край цей, що тече молоком він та медом.
২২আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
23 І прийшли, і посіли його, та не слухалися Твого голосу, і Зако́ном Твоїм не ходили; усього, що Ти наказав їм робити, вони не робили, і Ти вчинив, що спітка́ло їх все оце лихо.
২৩তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।
24 Ось дохо́дять до міста вали́, щоб здобути його, й місто ві́ддане бу́де у руку халдеїв, що воюють із ним, через меч, і голод, і морови́цю. І що говорив Ти, стається, і ось Ти це бачиш.
২৪চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
25 А Ти ж був сказав мені, Господи Боже: Купи собі поле за срі́бло, і засвідч купі́влю свідками, ось місто ві́ддане бу́де у руку халдеїв“.
২৫আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”
26 І було Господнє слово до Єремії, говорячи:
২৬তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
27 „Ось Я — Господь, Бог кожного тіла: чи для Мене є що́сь неможли́ве?
২৭“চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”
28 Тому так промовляє Госпо́дь: Ось Я віддам оце місто у руку халдеїв і в руку Навуходоно́сора, царя вавилонського, — і він здобу́де його!
২৮এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
29 І при́йдуть халдеї, що воюють з цим містом, і підпа́лять це місто огнем, та й спа́лять його й ті доми́, що прино́сились жертви Ваалові на їхніх даха́х, і лили́ся литі жертви для інших богів, щоб Мене прогніви́ти.
২৯আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
30 Бо сини Ізраїлеві та сини Юдині тільки зло учиня́ли на о́чах Моїх від юна́цтва свого́, сини бо Ізраїлеві лиш гніви́ли Мене чином рук своїх, ка́же Господь.
৩০কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।
31 Бо місто це стало Мені на Мій гнів та на лю́тість Мою з того дня, як його збудува́ли, та аж до дня цього, щоб відкинути його від Мого лиця
৩১“কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,
32 за все те зло синів Ізраїлевих та синів Юдиних, яке учини́ли, щоб гніви́ти Мене, — вони, їхні царі, князі́, їхні священики й їхні пророки, і юде́яни й ме́шканці Єрусалиму.
৩২কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
33 І вони оберну́лись до Мене поти́лицею, а не обличчям, хоч Я їх навчав рано й пізно, — та не слухалися, щоб прийняти науку.
৩৩তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
34 І поклали гидо́ти свої в тому храмі, в якому Ім'я́ Моє кли́калося, щоб його занечи́стити.
৩৪কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
35 І побудували жерто́вні пагі́рки Ваалові, що в долині Бен-Гіннома, щоб через огонь перево́дити синів своїх та своїх до́чок Молохові, чого їм не наказував Я, й що не вхо́дило в серце Мені, щоб чинити ту гидо́ту, щоб уводити Юду у гріх.
৩৫তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
36 Тому так промовляє Господь, Бог Ізраїлів, до міста цього, про яке ви говорите: Воно ві́ддане буде у руку царя вавилонського мече́м, і голодом, і морови́цею:
৩৬এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
37 Ось Я їх позбираю зо всіх тих країв, куди ви́гнав був їх Своїм гнівом та люттю Своєю й великим Своїм пересе́рдям, і верну́ їх до місця цього́, і посаджу́ їх безпе́чно, —
৩৭চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
38 і вони Мені стануть наро́дом, а Я буду їм Богом!
৩৮তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
39 І дам Я їм серце одне та дорогу одну, щоб боялись Мене по всі дні на добро́ собі й синам їхнім по них.
৩৯মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
40 І складу́ з ними вічного заповіта, що не відверну́ся від них, щоб їм не чинити Свого добра, і дам їм у серце Свій страх, щоб не відступали від Мене!
৪০তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
41 І буду Я ті́шитись ними, щоб чинити їм добро, і їх посаджу́ на землі цій у правді усім Своїм серцем та всією душею Своєю.
৪১তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
42 Бо так промовляє Господь: Як спрова́див був Я все велике це зло на наро́д цей, так спрова́джу на них все добро, яке провіща́в Я про них!
৪২কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
43 І купуватимуть поле в цім кра́ї, про якого ви кажете: „Він — спусто́шення, так що немає люди́ни й скотини, він ві́дданий в руку халдеїв“.
৪৩তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
44 І бу́дуть вони купувати поля́ за срібло́, і писати про це у листі, й запеча́тувати, і сві́дчити сві́дками, у краї Веніяминовому та в околицях Єрусалиму, і в містах Юдиних, і в містах гірськи́х, і в містах до́лішніх, і в містах півде́нних, — бо верну́ їх із поло́ну, говорить Господь!“
৪৪তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।