< Єремія 14 >
1 Слово Господнє до Єремії, що було в справі посу́хи.
১অনাবৃষ্টিৰ বিষয়ে যিৰিমিয়ালৈ অহা এয়েই যিহোৱাৰ বাক্য।
2 „Упала в жало́бу Юдея, а брами її ослабі́ли, насу́пилися на землі, і знявся крик Єрусалиму.
২“যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে।
3 А вельмо́жі її своїх слуг посилають по во́ду, — вони йдуть до крини́ці — й води не знахо́дять, їхній по́суд порожній верта́ється. Засоро́мляться та зашарі́ють вони, і свої го́лови понакрива́ють.
৩তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ দাসবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে; তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে, আৰু তেওঁলোকৰ মূৰ ঢাকিছে।
4 Тому́, що земля стала спра́гла, бо дощу́ не було на землі, засоро́милися рільники́, свої го́лови понакрива́ли.
৪দেশত বৃষ্টি নোহোৱাত মাটি টান হ’ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে।
5 Навіть ла́ня на полі поро́дить сарня́тко та й кине, бо немає трави.
৫এনে কি, ঘাঁহ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে।
6 Навіть дикі осли́ поставали на голих гора́х, вітер втягують, мов ті шака́ли, і ме́ркнуть їм очі, бо немає трави.
৬আৰু বনৰীয়া গাধবোৰে গছশূন্য পৰ্ব্বতত থিয় হৈ শিয়ালৰ দৰে বায়ুৰ কাৰণে হেঁপাই-ফোঁপাই ফুৰিছে। তৃণ নথকাত তেওঁলোকৰ চকু ক্ষীণাই গৈছে।”
7 Якщо проти нас свідчать наші провини, о Господи, то зроби ради Йме́ння Свого́, бо намно́жились наші відсту́пники, ми Тобі нагріши́ли!
৭হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
8 О надіє Ізраїлева, о Спасителю в ча́сі недолі, — нащо будеш Ти в Кра́ї, як той чужани́ця, й як той подоро́жній, що намета лише на ночлі́г розтяга́є?
৮হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
9 Нащо будеш Ти, мов людина остовпі́ла, немов той сила́ч, що не може спасти́? Таж Ти в нашій сере́дині, Господи, Йме́ння ж Твоє на нас кли́четься, — не залиша́й нас!
৯তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
10 Так говорить Господь до наро́ду цього́: Так люблять вони волочи́тись, а не стри́мувати своїх ніг, тому́ то не має Господь уподо́бання в них, — Він тепер їхню провину згада́є, і їхній гріх покарає!
১০যিহোৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে: “তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে।” এই কাৰণে যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব।
11 І промовив до мене Госпо́дь: Не молись за наро́д цей на добре йому́:
১১যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
12 Як вони будуть по́стити, Я не послухаю їхніх блага́нь, а коли принесуть цілопа́лення й дар, Я їх не прийму́, — бо Я повигу́блюю всіх їх мечем, і голодом, і морови́цею!
১২তেওঁলোকে লঘোন দিলেও মই তেওঁলোকৰ কাতৰোক্তি নুশুনিম আৰু তেওঁলোকে হোম ও নৈবেদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম; কিন্তু তৰোৱাল, আকাল, আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম।”
13 А я відказав: О Господи, Боже! Ось пророки гово́рять до них: „Ви не бу́дете бачити меча́, і не буде вам голоду, правдивий бо мир в цьому місці вам дам!“
১৩তেতিয়া মই ক’লোঁ, “হায় হায়, প্ৰভু যিহোৱা! চোৱা! ভাববাদীসকলে তেওঁলোকক কয়, “তোমালোকে তৰোৱাল নেদেখিবা; বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম’।”
14 Та промовив до мене Господь: Ці пророки неправду Іме́нням Моїм пророкують: Я їх не посилав, і не наказував їм, і їм не говорив! Вони вам пророкують невірні виді́ння та ча́ри, нікче́мність й ома́ну свого се́рця.
১৪তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
15 Тому так промовляє Господь на пророків, які пророкують Іме́нням Моїм, хоч Я не посилав їх, та що кажуть вони: „Меч та голод не буде в цім кра́ї“: від меча́ та від голоду згинуть пророки такі!
১৫এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
16 А наро́д, що таке пророку́ють йому́, розки́даний буде по вулицях Єрусалиму від голоду та від меча́, і не буде кому поховати його́, — вони й їхні жінки́, й їхні сини та їхні до́чки, і виллю на них їхнє зло!
১৬আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
17 І ти скажеш до них оце слово: Хай заходять удень та вночі мої очі слізьми́, і нехай не зати́хнуть, бо ді́вчина, доня народу мого́, буде побита великим нещастям, дуже болю́чим уда́ром!
১৭তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
18 Якщо ви́йду на поле — ось побиті мече́м, й якщо ви́йду до міста — ось помлі́лі із го́лоду, і навіть пророк та священик шмигля́ють по кра́ю, якого не знають.
১৮মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
19 Чи насправді покинув Ти Юду? Чи й Сіоном гиду́є душа Твоя? Чому вра́зив Ти нас — і немає нам ліку? Ми чекаємо миру — й немає добра, і ча́су вздоро́влення — та ось тільки жах!
১৯তুমি যিহূদাক নিচেইকৈ অগ্ৰাহ্য কৰিলা নে? তোমাৰ মনে চিয়োনক ঘিণ কৰিলে নে? তুমি আমাক সুস্থ হ’ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালোঁ, কিন্তু কোনো মঙ্গল নাহিল, আৰু সুস্থ হবৰ সময়লৈ বাট চালোঁ, কিন্তু চোৱা, কেৱল ত্ৰাসহে।
20 Знаємо, Господи, нашу безбожність, вину наших батькі́в, бо ми проти Тебе згріши́ли, —
২০হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
21 та не відкида́й нас ради Йме́ння Свого́, не безчесть трону слави Своєї, пам'ятай, не зламай заповіту Свого із нами!
২১তুমি নিজ নামলৈ চাই আমাক ঘিণ নকৰিবা! নিজ গৌৰৱযুক্ত সিংহাসন অপমানিত নকৰিবা। সোঁৱৰণ কৰা, আমাৰ সৈতে স্থাপন কৰা তোমাৰ নিয়মটি নাভাঙিবা।
22 Хіба є між марни́ми божка́ми пога́нів такі, що спуска́ють дощі? І чи небо саме дає зли́ву? Чи ж не Ти — Господь Бог наш? Тому́ то на Тебе наді́ємось ми, бо Ти це все чи́ниш!
২২জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।