< Ісая 45 >
1 Так говорить Госпо́дь до Свого пома́занця Кіра: Я мі́цно тримаю тебе за прави́цю, щоб перед обличчям твоїм повали́ти наро́ди, і з сте́гон царів розв'яжу́ пояси́, щоб відчини́ти двері перед тобою, а брами не будуть зами́кані.
১যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,
2 Я перед тобою піду́ й повирі́внюю ви́сунене, двері мідні злама́ю і порозбива́ю залізні засуви.
২মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম।
3 І дам тобі ска́рби, що в те́мряві, та бага́тства захо́вані, щоб пізнав ти, що Я — то Господь, Який кличе тебе за йме́нням твоїм, Бог Ізраїлів,
৩মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
4 ради раба Мого Якова й ради вибра́нця Мого Ізраїля, і кличу тебе твоїм іме́нням, тебе називаю, хоч ти не знаєш Мене.
৪মোৰ দাস যাকোবৰ আৰু মোৰ মনোনীত ইস্ৰায়েলৰ বাবে, যদিও তুমি মোক নাজানা, তথাপিও মই তোমাক নাম ধৰি মাতিলোঁ আৰু সন্মানীয় উপাধি দিলোঁ।
5 Я — Господь, і нема вже ніко́го, нема іншого Бога, крім Ме́не. Я тебе підпері́зую, хоч ти не знаєш Мене,
৫ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
6 щоб дізна́лися зо сходу сонця й з заходу, що крім Мене немає нічо́го; Я — Господь, і нема вже ніко́го,
৬সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে: ময়েই যিহোৱা, আন কোনো নাই।
7 Я, що світло форму́ю та те́мність творю́, чиню мир і недолю творю́, Я — Господь, Який робить це все!
৭মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
8 Спустіть ро́су згори́, небеса́, а із хмар хай спливе́ справедливість! Хай земля відкрива́ється, і хай поро́дить спасі́ння та правду, хай ра́зом ростуть! Я, Господь, це вчинив!
৮হে গগন মণ্ডল, ওপৰৰ পৰা তুমিয়ে বৰষুন বৰষোৱা! বৰষুন স্বৰূপে আকাশৰ পৰা তুমিয়ে ধাৰ্মিকতা ৰূপ পৰিত্রান বৰষোৱা। পৃথিবীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব; আৰু ধর্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই, যিহোৱাইয়ে দুয়োকো সৃষ্টি কৰিলোঁ।
9 Горе тому́, хто з Творце́м своїм сва́риться, черепо́к із земни́х черепкі́в! Чи глина повість ганчаре́ві своєму: „Що робиш?“а ді́ло його: „Ти без рук!“
৯যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
10 Горе тому́, хто патя́кає ба́тькові: „Пощо ти пло́диш?“а жі́нці: „Пощо ти родиш?“
১০‘আপুনি জন্মদাতা ৰূপে কি কৰিছে?’ এই বুলি যি জনে পিতৃক, বা ‘আপুনি কি জন্ম দিছে?’ এই বুলি মহিলাক কয়, তেওঁৰ সন্তাপ হ’ব।
11 Так говорить Господь, Святий Ізраїлів, і Той, Хто його вформува́в: „Питайте Мене про майбу́тнє, а долю синів Моїх й чин Моїх рук позоста́вте Мені!“
১১ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, নিৰ্মাণকৰ্ত্তা যিহোৱাই এই কথা কৈছে: আগলৈ হ’ব লগা ঘটনাৰ বিষয়ে, আৰু মোৰ সন্তান সকলৰ বিষয়ে মোক প্রশ্ন কৰিছানে? মোৰ হাতৰ কাৰ্যৰ বিষয়ে কি কৰিম তোমালোকে মোক কৈছানে?’
12 Я землю вчини́в і створи́в люди́ну на ній, небеса́ Я руками Своїми простя́г і про їхні зо́рі звелів.
১২মইয়ে পৃথিৱী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
13 Я збуди́в його в правді, і зрівня́ю йому всі доро́ги. Він місто Моє побуду́є і відпу́стить вигна́нців Моїх не за ви́куп і не за дару́нка, — говорить Госпо́дь Савао́т.
১৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলোঁ, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’”
14 Так говорить Господь: Пра́ця Єгипту й торгі́вля Етіопії та високі севаїтяни пере́йдуть до тебе та бу́дуть твої. Пі́дуть вони за тобою, у кайда́нах пере́йдуть, і будуть вклоня́тись тобі та блага́ти тебе́: „Тільки в те́бе є Бог, і нема більш, нема іншого Бога!“
১৪যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কুচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব। তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰাৰ্থনা কৰিব, ‘নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”
15 Справді Ти Бог таємни́чий, Бог Ізраїлів, Спаси́тель!
১৫হে ইস্ৰায়েলৰ ঈশ্বৰ, ত্ৰাণকৰ্ত্তা, নিশ্চয়ে আপুনি নিজকে গোপন ৰাখোঁতা ঈশ্বৰ।
16 Всі вони засоро́мляться й зні́яковіють, майстрі і́долів пі́дуть у соромі ра́зом,
১৬মুৰ্ত্তি সাজোঁতাসকলে অপমান পাব, তেওঁলোকে লাজ পাব আৰু অপদস্থ হ’ব।
17 Ізраїль же буде спасе́ний від Господа вічним спасі́нням: не будете ви засоро́млені ані знесла́влені аж на вічні віки́!
১৭কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
18 Бо так промовляє Господь, Творець неба. Він той Бог, що землю вформува́в та її вчини́в, і міцно поставив її; не як порожне́чу її створи́в, — на прожива́ння на ній Він її вформува́в. Я — Господь, і нема більше іншого Бога!
১৮কোনে পৃথিৱী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
19 Я не говорив в укритті́, на темному місці землі. Я не говорив до насі́ння Якова: Шукаєте да́рмо Мене! Я — Господь, — говорю́ справедливість, звіщаю правдиве!
১৯মই গুপুতে অন্ধকাৰময় কোনো ঠাইত কথা কোৱা নাই; ‘মোক নিৰর্থক ভাবে বিচাৰা,’ এই বুলি মই যাকোবৰ বংশক কোৱা নাই! মই যিহোৱাই, যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষনা কৰোঁ।
20 Збері́ться й прийді́ть, набли́зьтеся ра́зом, урято́вані всі із поганів! Не знає нічо́го, хто дерево носить, боввана свого, та що мо́литься богові, який не поможе.
২০জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।
21 Розкажіть та набли́зьте, і хай ра́зом нара́дяться: Хто розповів це відда́вна, із давніх часі́в це звісти́в? Чи ж не Я, ваш Госпо́дь? Бож немає вже Бога, крім Ме́не, окрім Мене нема Бога праведного та Спасителя!
২১ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
22 Зверніться до Мене й спасе́тесь, всі кі́нці землі, бо Я — Бог, і нема більше іншого Бога!
২২পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
23 Я Собою Самим присяга́в, справедливість із уст Моїх ви́йшла, те слово, яке не пове́рнеться: усяке колі́но вклоня́тися буде Мені, усякий язик присягне́
২৩মোৰ আগত প্ৰত্যেকে আঁঠু ল’ব, প্রত্যেক জীবাই শপত খাব; মই নিজেই শপত খালোঁ; মোৰ ন্যায়পৰায়ণ বিধানৰ কথা কলোঁ, আৰু সেয়ে পুনৰ ঘুৰি নাহিব।
24 й Мені скаже: Тільки в Господі правда та сила! При́йдуть до Нього та засоро́мляться всі, що на Ньо́го запа́люються.
২৪লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব।
25 Через Господа усправедли́вляться, і буде просла́влене всяке насіння Ізраїля!
২৫যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।