< Ісая 20 >
1 Того року, коли Тартан прийшов до Ашдоду, як його послав був Сарґон, цар асирійський, і він воював був з Ашдодом і здобув його,
১সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।
2 того ча́су казав був Господь через Ісаю, Амосового сина, говорячи: „Іди, і розв'я́жеш вере́ту з-над сте́гон своїх, і здіймеш взуття́ зо своєї ноги!“І він зробив так, — ходив наги́й та бо́сий.
২সেই সময়ত যিহোৱাই আমোচৰ পুত্ৰ যিচয়াৰ দ্বাৰাই কথা ক’লে, “যোৱা তোমাৰ কঁকালৰ পৰা চট কাপোৰ গুচুউৱা, আৰু তোমাৰ ভৰিৰ জোতা সোলোকোৱা।” তাতে তেওঁ সেইদৰেই কৰি উদং গাৰে আৰু শুদা ভৰিৰে খোজ কাঢ়িলে।
3 І Господь говорив: „Як ходив Мій раб Ісая нагий та босий три роки, — це ознака та чудо про Єгипет та про Етіопію, —
৩যিহোৱাই ক’লে, “মোৰ দাসৰ দৰে যিচয়াই মিচৰ আৰু কুচৰ বিষয়ে এক চিন আৰু অদ্ভুত লক্ষণস্বৰূপে উদং গাৰে আৰু শুদা ভৰিৰে তিনিবছৰলৈকে খোজ কাঢ়িলে,
4 так поведе́ цар асирійський полоне́них Єгипту й вигна́нців Етіопії, юнакі́в та стари́х, нагих та босих, навіть з озадком відкритим. Сором Єгипту!
৪এই দৰে অচূৰৰ ৰজাই বন্দি কৰা মিচৰীয়া লোকসকলক লৈ যাব, আৰু কুচ দেশৰ বহিষ্কৃত লোকসকল যুবক আৰু বুঢ়া, উদং আৰু খালী ভৰি, আৰু অনাবৃত টিকাৰে, মিচৰৰ লাজৰ বাবে লৈ যাব।
5 І будуть збентеже́ні та засоро́млені за Етіопію, куди зве́рнений зір їхній, та за Єгипет, їхню пишноту́.
৫কুচদেশ তেওঁলোকৰ আশা আৰু মিচৰ দেশ তেওঁলোকৰ গৌৰৱ সেই কাৰণে তেওঁলোক আতঙ্কিত আৰু লজ্জিত হ’ব।
6 І скаже того дня мешка́нець того побережжя: Оце таке місце, куди зве́рнений зір наш, куди ми втікали за поміччю, щоб урятуватися перед асирійським царем. І я́к ми втечемо?“
৬সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”