< Осія 14 >
1 Вернися, Ізраїлю, до Господа, Бога свого́, бо спіткну́вся ти через провину свою́!
১হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।
2 Візьміть із собою слова́, та й зверні́ться до Господа, до Нього промовте: „Прости́ нам усяку провину, та добре прийми, і ми принесе́мо у жертву плода́ своїх уст!
২মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।
3 Ашшу́р не спасе нас, не бу́демо їздити ми на коні́, і не скажемо вже чи́нові рук наших: боже наш, бо тільки Тобою помилуваний сирота́“.
৩অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”
4 „Ворохо́бність їхню вилікую, доброві́льно любитиму їх, бо Мій гнів відверну́вся від нього.
৪যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
5 Я буду Ізраїлеві, як роса́, розцвіте́ він, неначе ліле́я, і пустить корі́ння своє, мов Ліва́н.
৫মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।
6 Розійду́ться його пагінці́, і буде його пишнота́, мов оли́вне те дерево, а па́хощ його — мов Ліва́н.
৬তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।
7 Наве́рнуться ті, що сиділи під ті́нню його́, збіжжя ожи́влять вони й зацвіту́ть, немов той виногра́д, будуть згадки про нього, немов про ліва́нське вино́.
৭তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।
8 Єфрем, — що йому до бовва́нів іще? Я вислухав вже та побачив його, Я для нього немов кипари́с той зелений: з Мене зна́йдений бу́де твій плід“.
৮ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”
9 Хто мудрий, то це зрозумі́є, розумний — і пізна́є, бо про́сті Господні доро́ги, і праведні ходять по них, а грішні спіткну́ться на них!
৯জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।