< Осія 12 >

1 Єфрем пасе вітра й женеться за вітром із схо́ду. Неправду й руїну розмно́жує він кожного дня, умову складають з Ашшу́ром, олива ж несе́ться в Єгипет.
ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
2 Та в Господа з Юдою пря, і Якова Він навісти́ть за путя́ми його́, за діла́ми його йому зве́рне.
যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
3 Він в утро́бі тримав за п'яту́ свого брата, а в силі своїй він боровся із Богом, —
গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল।
4 і боровся він з Анголом, — та й перемі́г. Плакав він, і блага́в він Його́, у Бет-Елі знайшов Він його́, і там з нами гово́рить.
তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
5 А Господь — Бог Савао́т, Його Йме́ння — Госпо́дь.
তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
6 А ти через Бога свого наве́рнешся, стережи милість та суд, і за́вжди надійся на Бога свого́!
এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
7 Немов Ханаа́н, — у нього в руці неправдива вага́, любить він кривду чинити.
যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
8 І каже Єфрем: Справді я збагати́вся, знайшов я маєток собі! У всіх моїх чи́нах не зна́йдуть провини мені, що гріхом би була́.
ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
9 А Я — Госпо́дь, Бог твій від кра́ю єгипетського, — ще в наме́тах тебе посаджу́, немов за днів свята.
কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
10 І Я говорив до пророків, і виді́ння розмно́жив, і через пророків Я при́тчі казав.
১০মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
11 Хіба беззако́ння лиши́в Ґілеа́д, і марно́тою стались лиш там? У Ґілґа́лі прино́сили в жертву волів, а їхні же́ртівники — мов ті купи каміння на бо́рознах пі́льних.
১১গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
12 І втік Яків на поле Ара́ма, а Ізра́їль за жінку робив, і за жінку отару стері́г.
১২যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
13 І через пророка Госпо́дь із Єгипту Ізраїля ви́вів, і пророком стере́жений був він.
১৩যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
14 Єфре́м Господа гірко розгні́вав, і тому́ його вчинки криваві Він ли́шить на ньому, і пове́рне йому його сором.
১৪কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।

< Осія 12 >