< До галатів 3 >
1 О, ви нерозумні гала́ти! Хто вас звів не кори́тися правді, вас, яким перед очима Ісус Христос переднакре́слений був, як ніби між вами розп'я́тий?
১হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
2 Це одне хочу знати від вас: чи ви прийняли́ Духа ділами Зако́ну, чи із про́повіді про віру?
২মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে, আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি? নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে?
3 Чи ж ви аж такі нерозумні? Духом почавши, кінчите́ тепер тілом?
৩আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে?
4 Чи ви так багато терпіли нада́рмо? Коли б тільки надармо!
৪আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদি বাস্তৱিকতে সেই দুখভোগ অনর্থক হৈ থাকে?
5 Отже, Той, Хто вам Духа дає й чуда чинить між вами, — чи чинить ділами Зако́ну, чи із про́повіді про віру?
৫গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
6 Так як Авраа́м „був увірував в Бога, — і це залічено за праведність йому“.
৬যেনেকৈ অব্ৰাহামে “ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে।”
7 Тож знайте, що ті, хто від віри, — то сини Авраа́мові.
৭তেনেদৰে আপোনালোকেও এই কথা জানক যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান।
8 І Писа́ння, передбачивши, що вірою Бог виправдає поган, благовісти́ло Авраамові: „Благосло́вляться в тобі всі наро́ди!“
৮ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”
9 Тому́ ті, хто від віри, бу́дуть поблагосло́влені з вірним Авраамом.
৯সেয়েহে, অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
10 А всі ті, хто на діла Зако́ну покладається, — вони під прокля́ттям. Бо написано: , Прокля́тий усякий, хто не триває в усьому, що написано в книзі Зако́ну, щоб чинити оте!“
১০কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”
11 А що перед Богом Зако́ном ніхто не виправдується, то це ясно, бо „праведний житиме вірою“.
১১এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।”
12 А Зако́н не від віри, але „хто чинитиме те, той житиме ним“.
১২বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব।”
13 Христос відкупив нас від прокля́ття Зако́ну, ставши прокля́ттям за нас, бо написано: „Прокля́тий усякий, хто ви́сить на дереві“,
১৩খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
14 щоб Авраамове благослове́ння в Ісусі Христі поши́рилося на поган, щоб обі́тницю Духа прийняти нам вірою.
১৪খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
15 Браття, кажу́ я по-лю́дському: навіть лю́дського затве́рдженого заповіту ніхто не відкидає та до нього не додає.
১৫ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
16 А обі́тниці да́ні були Авраамові й насінню його. Не говориться: „і насінням“, як про багатьох, але як про одно́го: „і Насінню твоєму“, яке є Христос.
১৬ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
17 А я кажу́ це, що заповіту, від Бога затве́рдженого, Зако́н, що прийшов по чотириста тридцяти роках, не відкидає, щоб обі́тницю він зруйнував.
১৭এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰা বাতিল হৈ নাযায়।
18 Бо коли від Зако́ну спадщина, то вже не з обі́тниці; Авраамові ж Бог дарував із обі́тниці.
১৮উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক দান কৰিলে।
19 Що ж Зако́н? Він був даний з причини пере́ступів, аж поки при́йде Насіння, якому обі́тниця да́на була́; він учинений був анголами рукою посере́дника.
১৯তেনেহলে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, অব্রাহামৰ সেই বংশ নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল।
20 Але посере́дник не є для одно́го, Бог же один.
২০এতিয়া এজন মধ্যস্থকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে, তাত এজনতকৈ অধিক লোক আছে; কিন্তু ঈশ্বৰ হ’লে এজনহে।
21 Отож, чи ж Зако́н проти Божих обі́тниць? Зо́всім ні! Якби бо був да́ний Зако́н, щоб він міг оживляти, то праведність справді була б від Зако́ну!
২১তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহলে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।
22 Та все зачинило Писа́ння під гріх, щоб віруючим була да́на обі́тниця з віри в Ісуса Христа.
২২কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিলে। সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
23 Але поки прийшла віра, під Зако́ном стере́жено нас, за́мкнених до при́ходу віри, що мала об'яви́тись.
২৩খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে, আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ।
24 Тому то Зако́н вихо́вником був до Христа, щоб нам виправдатися вірою.
২৪এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ।
25 А як віра прийшла, то вже ми не під вихо́вником.
২৫কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ।
26 Бо ви всі сини Божі через віру в Христа Ісуса!
২৬কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
27 Бо ви всі, що в Христа охристилися, у Христа зодягну́лися!
২৭কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।
28 Нема юдея, ні грека, нема раба, ані вільного, нема чоловічої статі, ані жіночої, — бо всі ви один у Христі Ісусі!
২৮এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
29 А коли ви Христові, то ви Авраамове насіння й за обі́тницею спадкоємці.
২৯আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।