< Вихід 5 >

1 А потім прийшли Мойсей й Аарон, та й сказали до фараона: „Так сказав Господь, Бог Ізраїлів: Відпусти наро́д Мій, — і нехай вони святкують Мені на пустині!“
এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”
2 А фараон відказав: „Хто Господь, що послухаюсь сло́ва Його, щоб відпустити Ізраїля? Не знаю Господа, і також Ізраїля не відпущу́!“
ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
3 І сказали вони: „Бог євреїв стрівся з нами. Нехай же ми пі́демо триденною дорогою на пустиню, і принесемо жертви Господе́ві, Богові нашому, щоб не доторкнувся Він до нас мором або мечем“.
তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”
4 І сказав до них цар Єгипту: „Чому ви, Мойсею та Аароне, відриваєте народ від його робіт? Ідіть до своїх діл!“
কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, তোমালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা?” এই বুলি লোকসকলক তেওঁ ক’লে, “তোমালোক কামলৈ ঘূৰি যোৱা।”
5 І сказав фараон: „Таж багато тепер цього простолюду, а ви здержуєте їх від їхніх робіт“.
ফৰৌণে পুনৰ ক’লে, “বৰ্তমান আমাৰ দেশত অনেক ইস্ৰায়েলী লোক আছে, আৰু তোমালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছা।”
6 І того дня фараон наказав погоничам народу та писарям, говорячи:
সেই দিনাই ফৰৌণে লোক সকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে,
7 „Не давайте більше наро́дові соломи, щоб робити цеглу, як учо́ра й позавчо́ра. Нехай ідуть самі, та збирають собі соломи.
“আগেয়ে দিয়াৰ দৰে তেওঁলোকক ইটা বনাবলৈ তোমালোকে নৰা আনি নিদিবা। তেওঁলোকে নিজেই গৈ নৰা বিচাৰি লওক।
8 А призна́чене число цегли, що вони робили вчо́ра й позавчо́ра, накладете на них, — не зменшуйте з нього. Вони нероби, тому кричать: „Ходім, принесімо жертву нашому Богові!“
তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।”
9 Нехай буде тяжка́ праця на цих людей, і нехай працюють на ній, і нехай покинуть облудні слова“.
তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধূৰ কৰি দিয়া হওক; যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি বিভ্রান্তিজনক কথাত মন নিদিয়ে।
10 І вийшли погоничі народу й писарі його, та й сказали до того народу, говорячи: „Так сказав фараон: Я не буду давати вам соломи.
১০তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ।
11 Самі йдіть, наберіть собі соломи, де́ знайдете, бо нічого не зменшене з вашої роботи!“
১১তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”
12 І розпоро́шився народ той по всій єгипетській землі, щоб збирати стерню́ на солому.
১২তেতিয়া লোক সকলে নৰা বিচাৰি জমা কৰিবলৈ মিচৰ দেশৰ চাৰিওফালে সিঁচৰতি হৈ গ’ল।
13 А погоничі наставали, говорячи: „Скінчі́ть вашу щоденну працю в час так, як коли б була́ солома“.
১৩তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰি ক’লে, “তোমালোকক নৰা দিওঁতে, তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা।”
14 І були биті писарі синів Ізраїлевих, що їх настановили над ними фараонові погоничі, говорячи: „Чому ви не скінчи́ли свого при́ділу для виробу цегли й учора й сьогодні, як було дотепер?“
১৪তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”
15 І прибули́ писарі Ізраїлевих синів, та й кричали до фараона, говорячи: „Для чого ти так робиш рабам своїм?
১৫সেয়ে কাৰখানাত কাম কৰা ইস্ৰায়েলী কৰ্মচাৰী সকলে ফৰৌণৰ ওচৰলৈ আহিল; আৰু তেওঁক কাকুতি কৰি ক’লে, “আপোনাৰ দাস বিলাকৰ খেত্ৰত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে?
16 Соломи не дають твоїм рабам, а цеглу — кажуть нам — робіть! І ось раби твої биті, — і грішиш ти перед народом своїм!“
১৬আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস সকলৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।”
17 А він відказав: „Неро́би ви, неро́би! Тому ви говорите: Ходім, принесімо жертву Господе́ві.
১৭কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলোৱে এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’
18 А тепер ідіть, працюйте, а соломи не дадуть вам! Але призна́чене число цегли ви дасте!“
১৮সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যোৱা। আপোনালোকক পুনৰ নৰা দিয়া নহব, কিন্তু তোমালোকে আগৰ পৰিমাণৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব।”
19 І бачили Ізраїлеві писарі себе в біді, коли говорено: „Не зменшуйте з цегли вашої щоденного в його часі!“
১৯“তোমালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহব।” এই কথা কোৱাৰ পাছত, ইস্ৰায়েলী মুখিয়াল সকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে।
20 І стріли вони Мойсея та Аарона, що стояли насупроти них, як вони виходили від фараона,
২০তেওঁলোকে ফৰৌণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্রসাদৰ বাহিৰত ঠিয় হৈ থকা মোচি আৰু হাৰোণক লগ পালে।
21 та й сказали до них: „Нехай побачить вас Господь — і нехай вас осудить, бо ви вчинили нена́висним дух наш в очах фараона й в очах його рабів, — щоб дати меча в їхню руку повбивати нас!“
২১তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”
22 І вернувся Мойсей до Господа та й сказав: „Господи, чому Ти кривду вчинив цьому наро́дові? Чому Ти послав мені це?
২২তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে?
23 Бо відко́ли прийшов я до фараона, щоб говорити Твоїм Ім'я́м, він ще більшу кривду чинить цьому народові, а насправді Ти не визволив народу Свого!“
২৩মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলক যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”

< Вихід 5 >