< Вихід 31 >
1 І промовив Господь до Мойсея, говорячи:
১তাৰ পাছত যিহোৱাই মোচিক ক’লে,
2 „Дивися, — Я покликав на ім'я́ Бецал'ї́ла, сина Урієвого, сина Хура, Юдиного племени,
২“চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।
3 і напо́внив його Духом Божим, мудрістю, і розумуванням, і знання́м, і здібністю до всякої роботи,
৩মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
4 на обми́слення мистецьке, на роботу в золоті, і в сріблі, і в міді,
৪সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব।
5 і в обро́бленні каменя, щоб всаджувати, і в обробленні дерева, щоб робити в усякій роботі.
৫তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।
6 І Я ото дав із ним Оголіява, Ахісамахового сина, Данового племени. А в серце кожного мудросердого Я дав мудрість, — і зроблять вони все, що Я наказав був тобі:
৬চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
7 ски́нію заповіту, і ковчега для свідоцтва, і віко, що на ньому, і всі скині́йні речі,
৭সাক্ষাৎ কৰা তম্বু, সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণ, আৰু তম্বুৰ সকলো আচবাবপত্র।
8 і стола та речі його, і чистого свічника та всі речі його, і жертівника кадила,
৮মেজ আৰু তাৰ সামগ্রী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলো সামগ্রী, ধূপবেদী,
9 і жертівника цілопа́лення та всі речі його, і вмивальницю та підставу її,
৯হোমবেদিৰ সৈতে সকলো সামগ্রী, প্ৰক্ষালন-পাত্ৰৰ সৈতে তাৰ খুৰা।
10 і ша́ти служебні, і ша́ти свяще́нні для священика Аарона, і ша́ти синів його на священнослу́ження,
১০এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।
11 і оливу пома́зання, і запашне́ кадило для святині, — як усе, що Я наказав був тобі, вони зроблять“.
১১অভিষেক তেল, আৰু পবিত্ৰ স্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”
12 І промовив Господь до Мойсея, гово́рячи:
১২যিহোৱাই মোচিক ক’লে,
13 „А ти промовляй Ізраїлевим синам, говорячи: Тільки суботи Мої бу́дете пильнувати, бо це знак поміж Мною та поміж вами для ваших поколінь, щоб ви пізнали, що Я — Госпо́дь, що освячує вас!
১৩“তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব।
14 І будете пильнувати суботу, бо вона святість для вас. Хто опога́нить її, той конче буде забитий, бо кожен, хто робить у ній роботу, то буде стята душа та з-посеред наро́дів її!
১৪সেয়ে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
15 Шість день буде робитися праця, а дня сьомого — субота відпочинку від праці, святість для Господа. Кожен, хто робить роботу за субо́тнього дня, той конче буде забитий!
১৫ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
16 І будуть Ізраїлеві сини доде́ржувати суботу, щоб зробити суботу вічним заповітом для своїх поколінь.
১৬এই হেতুকে ইস্ৰায়েলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুক্ৰমে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা।
17 Це знак навіки поміж Мною та поміж Ізра́їлевими синами, бо шість день творив Господь небо та землю, а дня сьомого — перервав працю та спочив“.
১৭মোৰ আৰু ইস্ৰায়েলী লোকসকলৰ মাজত এয়ে চিৰস্থায়ী চিন হ’ব; কাৰণ যিহোৱাই ছয়দিনতে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্রাম লৈছিল’।”
18 І дав Він Мойсе́єві, коли закінчив говорити з ним на Сінайській горі, дві табли́ці свідо́цтва, табли́ці кам'яні́, писані Божим пальцем.
১৮যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।