< Повторення Закону 13 >
1 Якщо повстане серед тебе пророк або снови́дець, і дасть тобі ознаку або чудо,
১যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়,
2 і збу́деться та ознака й те чудо, що сказав він тобі, до того говорячи: „Ходімо ж за іншими бога́ми, яких ти не знав, і бу́демо їм служити“,
২আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,”
3 то не слухайся слів того пророка або того снови́дця, бо цим Господь, Бог ваш, випробо́вує вас, щоб пізнати, чи ви любите Господа, Бога вашого, усім своїм серцем і всією своєю душею.
৩তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
4 За Господом, Богом вашим, будете ходити, і Його будете боятися, і заповіді його будете виконувати, і голосу Його будете слухатися, і Йому будете служити, і до Нього будете ли́нути.
৪আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
5 А пророк той або той снови́дець нехай буде забитий, бо намовляв на відсту́пство від Господа, Бога вашого, — що вивів вас із єгипетського кра́ю й викупив вас з дому ра́бства, — щоб звести тебе з дороги, що наказав тобі Господь, Бог твій, ходити нею; і вигубиш зло з-посеред себе.
৫তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।
6 Коли намовить тебе брат твій, син твоєї матері, або син твій, або дочка́ твоя, або жінка твого лоня, або твій при́ятель, який тобі як душа твоя, таємно говорячи: „Ходімо ж і служім іншим бога́м“, яких не знав ти та батьки твої,
৬যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ;
7 з богів тих народів, що навколо вас, близьки́х тобі або далеких від тебе, від кінця землі й аж до кінця землі,
৭পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে,
8 то не будеш зго́джуватися з ним і не будеш слухатися його, і не буде милосе́рдитися око твоє над ним, і не змилосе́рдишся й не сховаєш його,
৮তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব।
9 бо конче заб'єш ти його, рука твоя буде на ньому найперше, щоб забити його, рука всього народу — наоста́нку.
৯কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব।
10 І заки́даєш його камінням, і він помре, бо жадав відвернути тебе від Господа, Бога твого, що вивів тебе з єгипетського кра́ю, з дому ра́бства.
১০যিজনে আপোনালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা আপোনালোককএফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব।
11 А ввесь Ізраїль буде слухати і буде боятись, і більше не буде робити такої злої речі серед тебе.
১১তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।
12 Коли почуєш про одне з своїх міст, яке Господь, Бог твій, дає тобі, щоб сидіти там, що про нього кажуть:
১২আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে:
13 вийшли люди, сини велійяа́лові, з-поміж тебе, і звели́ з правдивої дороги ме́шканців свого міста, кажучи: „Ходімо ж, і служім іншим бога́м“, яких ви не знали,
১৩সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”
14 то будеш допитуватися, і будеш досліджувати, і будеш добре питати, а ось — воно правда, дійсна та річ, була зроблена та гидо́та посеред тебе,
১৪তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,
15 то конче ви́бий ме́шканців того міста вістрям меча, — віддай на закляття його й усе, що в ньому, та худобу його вибий вістрям меча.
১৫তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিব।
16 А всю здо́бич його збереш до сере́дини майда́ну його, і спалиш огнем те місто та всю здо́бич його цілковито для Господа, Бога твого. І стане воно купою руїн навіки, не буде вже воно відбудо́ване.
১৬সেই ঠাইৰ সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিব; সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।
17 І нічого з закляття нехай не прилипне до руки твоєї, щоб відвернувся Господь від палючого гніву Свого й дав тобі милосердя, і змилосе́рдився над тобою, і розмно́жив тебе, як присягнув був батькам твоїм,
১৭যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
18 коли будеш слухатися голосу Господа, Бога свого, щоб виконувати всі заповіді Його, що я сьогодні наказую тобі, щоб виконувати те, що справедливе в оча́х Господа, Бога твого.
১৮তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।