< Амос 3 >
1 Послухайте сло́ва того́, що Господь говорив проти вас, сино́ве Ізраїлеві, на ввесь оцей рід, що його Я підніс був із кра́ю єгипетського, промовляючи:
১হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই ফৈদৰ বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;
2 Тільки вас Я пізнав зо всіх ро́дів землі, тому вас навіщу́ за всі ваші провини!
২“পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।
3 Чи йдуть двоє ра́зом, якщо не умо́вились?
৩এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে?
4 Чи реве́ в лісі лев, як нема йому здо́бичі? Чи левчу́к видає голос свій із своєї нори́, якщо він не зловив?
৪চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাতৰ ভিতৰত গুজৰি থাকে?
5 Чи впаде́ на землі пташка в сітку, як немає сільця́? Чи піді́йметься сітка з землі, як нічого не зло́вить?
৫ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান্দ উফৰি উঠে?
6 Чи в місті засурмля́ть у сурму́, а наро́д не тремті́тиме? Чи станеться в місті нещастя, що його́ не Госпо́дь допусти́в?
৬নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
7 Бо не чинить нічо́го Господь Бог, не ви́явивши таємни́ці Своєї Своїм рабам пророкам.
৭অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
8 Лев зареве́, — хто того́ не злякається? Господь Бог заговорить, — хто пророкувати не бу́де?
৮সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাববাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
9 Розголосіть над пала́цами в Ашдоді, і над пала́тами в кра́ї єгипетському, та й скажіть: Позбирайтеся на гора́х Самарі́ї, і побачте велике збенте́ження в ній, та у́тиск у ній!
৯তোমালোকে অচ্দোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে’!”
10 І правдиво не вміють робити вони, — говорить Господь, — наси́льство грома́дять та грабу́нок в пала́тах своїх.
১০কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
11 Тому́ так Господь Бог промовляє: Ворог обля́же навколо цієї землі, і скине із тебе він силу твою́, і пограбо́вані бу́дуть пала́ти твої.
১১এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব; তেওঁ তেওঁলোকৰ শক্তিশালী প্রতিৰক্ষাৰ উপায়বোৰ ধ্বংস কৰিব আৰু দুর্গবোৰ লুট কৰিব।”
12 Так говорить Господь: Як ча́сом рятує пастух з пащі ле́в'ячої дві колі́ні, або пи́пку вуха, так будуть врято́вані діти Ізраїлеві, що сидять в Самарі́ї в заку́точку ліжка, та на адама́шку постелі.
১২যিহোৱাই এই কথা কৈছে, “মেৰ-ছাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ-ছাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।”
13 Послухайте ви та й засві́дчіть ув Якововім домі, говорить Господь Бог, Бог Савао́т.
১৩বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া।
14 Бо в той день, коли Я покараю Ізраїля за провини його, то Я покараю за же́ртівники Бет-Елу, — і будуть відру́бані роги же́ртівника, і на землю попа́дають.
১৪কিয়নো মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎএলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব।
15 І Я розіб'ю́ дім зимо́вий разом з домом літнім, і заги́нуть доми́ із слоно́вої кости, і не стане багато домі́в, говорить Госпо́дь.
১৫মই জাৰকাল কটোৱা ঘৰ আৰু জহকাল কটোৱা ঘৰ ভাঙি পেলাম; হাতী দাঁতৰ শিল্পকার্য কৰা ঘৰবোৰ নষ্ট কৰা হ’ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ’ব।” যিহোৱাই এই কথা কৈছে।