< 2 хроніки 28 >

1 Аха́з був віку двадцяти літ, коли він зацарював, і шістнадцять літ царював в Єрусалимі.
আহজে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল, বিশ বছৰ; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, সেয়া তেওঁ নকৰিলে৷
2 І ходив він доро́гами Ізра́їлевих царів, а також робив литих бовванів Ваалів.
তাৰ পৰিৱর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; আনকি তেওঁ বাল দেৱতাৰ প্ৰতিমাবোৰ কেচাঁ লো সাঁচত ঢালি সাজিছিল।
3 І він кадив у долині Бен-Гіннома, і палив своїх синів огнем за гидо́тами тих народів, що Господь повиганяв їх перед Ізраїлевими синами.
তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা দূৰ কৰা জাতি সমূহৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তান সকলক জুইত দগ্ধ কৰিছিল।
4 І він прино́сив же́ртви та кадив на па́гірках і на висо́тах, та під кожним зеленим деревом.
তেওঁ পবিত্ৰ ঠাইবোৰত, পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
5 І дав його Господь, Бог його, в руку сирійського царя, і вони повбивали з його війська та взяли́ до неволі від нього багатьох полоне́них, і спровадили до Дама́ску. Крім то́го, він був ви́даний і в руку Ізраїлевого царя, і той ура́зив його великою пора́зою.
এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷
6 І побив Пеках, син Ремалії, в Юді сто й двадцять тисяч одного дня, все мужів хоро́брих, за те, що залишили вони Господа, Бога їхніх батьків.
কিয়নো আহজৰ লোকসকল তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে, সেই বাবে ৰমলিয়াৰ পুত্ৰ পেকহে যিহূদাৰ এক লাখ বিশ হাজাৰ লোকক একে দিনাই বধ কৰিলে; তেওঁলোক সকলোৱেই বীৰপুৰুষ আছিল৷
7 А Зіхрі, лицар Єфремів, забив Маасею, царсько́го сина, й Азрікама, володаря дому, й Елкану, другого по царі.
জিখ্ৰী নামেৰে এজন শক্তিশালী ইফ্ৰিমীয়া বীৰে ৰাজকোঁৱৰ মাচেয়াক, ঘৰগিৰী অজ্ৰীকামক আৰু ৰজাৰ প্ৰধান মন্ত্ৰী ইল্কানাক বধ কৰিলে।
8 І Ізраїлеві сини взяли́ до неволі зо своїх братів двісті тисяч жіно́к, синів та дочо́к, а також пограбува́ли від них велику здо́бич, і спрова́дили ту здобич до Самарії.
তাতে ইস্ৰায়েলৰ সন্তান সকলে, তেওঁলোকৰ দুই লাখ লোকক তেওঁলোকৰ পত্নী আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসকল বন্দী কৰি লৈ গ’ল৷ তেওঁলোকে অনেক বস্তু লুট কৰিলে, আৰু সেই লুটদ্ৰব্যবোৰ চমৰিয়ালৈ লৈ গ’ল।
9 А там був Господній пророк, Одед ім'я́ йому. І він вийшов перед ві́йсько, що вхо́дило до Самарії, та й сказав їм: „Ось Господь, Бог ваших батькі́в, у гніві на Юду, віддав їх у вашу руку, а ви повибива́ли між ними з лютістю, яка досягла́ аж до небе́с.
কিন্তু ওদেদ নামেৰে যিহোৱাৰ এজন ভাববাদী সেই ঠাইত আছিল৷ তেওঁ চমৰিয়ালৈ অহা সেই সৈন্যসামন্তৰ লগত সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল৷ তেওঁ তেওঁলোকক ক’লে, “কিয়নো তোমালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা যিহূদালৈ ক্ৰুদ্ধ হ’ল, সেই কাৰণে তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে; তাতে তোমালোকে আকাশ ঢুকি পোৱা ক্ৰোধেৰে তেওঁলোকক বধ কৰিলা।
10 А тепер ви заду́муєте здобути собі за рабів та за неві́льниць дітей Юди та Єрусалиму. Чи ж за вами самими нема провин проти Господа, Бога вашого?
১০এতিয়া যিহূদাৰ আৰু যিৰূচালেমৰ লোকসকলক তোমালোকৰ বন্দী আৰু বেটী কৰি, বশত ৰাখিবলৈ মন কৰিছাহঁক৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তোমালোকৰ নিজৰো জানো পাপবোৰ নাই?
11 Отож, послухайте мене тепер, і верніть тих полоне́них, яких взяли́ ви до неволі з ваших братів, бо на вас ре́вність Господнього гніву!“
১১এই হেতুকে এতিয়া মোৰ কথা শুনা: তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে।”
12 І встали дехто з голів Єфремових синів: Азарія, син Єгоханана, Берехія, син Мешіллемотів, і Єхізкійя, син Шаллумів, і Амаса, син Хадлаїв, проти тих, що прихо́дили з ві́йська,
১২তেতিয়া ইফ্ৰয়িমৰ সন্তান সকলৰ মাজৰ নির্দিষ্ট কিছুমান অধ্যক্ষ - যিহোহানৰ পুত্ৰ অজৰিয়া, মচিল্লেমোটৰ পুত্ৰ বেৰেখিয়া, চল্লূমৰ পুত্ৰ যিহিষ্কিয়া আৰু সদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল;
13 та й сказали до них: „Не приво́дьте цих полоне́них сюди, бо на провину нам проти Господа ви заду́муєте додати це до наших гріхів та до нашої прови́ни. Бо велика наша прови́на та жар гніву Господнього на Ізраїля!“
১৩তেওঁলোকে তেওঁলোকক ক’লে, “তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দোষবোৰ বঢ়াবৰ অৰ্থে তোমালোকে যিহোৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছাহঁক; কাৰণ আমাৰ দোষ অধিক আৰু ইস্ৰায়েলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে।”
14 І озбро́єні покинули тих полоне́них та ту здо́бич перед зверхниками та всім збором.
১৪তেতিয়া অস্ত্ৰধাৰী লোকসকলে বন্দী কৰি অনা সেই লোকসকলক আৰু লুটদ্ৰব্যবোৰ অধ্যক্ষসকলৰ আৰু সকলো সমাজৰ আগত এৰি থৈ গ’ল।
15 І встали ті мужі, що були́ озна́чені імена́ми, і взяли́ полоне́них, і всіх їхніх наги́х позодяга́ли зо здо́бичі, і зодягну́ли їх, і обу́ли їх, і нагодува́ли їх, і напоїли їх, і намасти́ли їх, і кожного слабо́го з них пове́зли на ослах. І припрова́дили їх до Єрихо́ну, мі́ста пальм, до їхніх братів, а самі вернулися до Самарії.
১৫পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।
16 Того ча́су послав цар Аха́з до асирійських царів, щоб допомогли́ йому.
১৬সেই সময়ত ৰজা আহজে সাহায্য অনুৰোধ কৰি অচুৰীয়া ৰজাসকলৰ ওচৰলৈ তেওঁৰ দূত পঠিয়ালে।
17 Прийшли ще й едо́мляни, і побили багатьо́х між Юдою, і взяли до неволі полоне́них.
১৭কিয়নো ইদোমীয়াসকলে পুনৰ আহি যিহূদাক পৰাজয় কৰি অনেক লোকক বন্দী কৰি লৈ গৈছিল।
18 А филисти́мляни розси́палися по містах Шефелі та Юдиного Неґеву, і здобули́ Бет-Шемеш, і Айялон, і Ґедерот, і Сохо та зале́жні міста його, і Тімну та залежні міста її, і Ґімзо та залежні міста його, й осі́лися там.
১৮পলেষ্টীয়াসকলেও নিম্ন ভূমিৰ আৰু যিহূদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল৷ তেওঁলোকে বৈৎচেমচ, অয়ালোন, গদেৰো, উপনগৰে সৈতে চোকো, উপনগৰে সৈতে তিম্না আৰু উপনগৰে সৈতে গিমজো অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল।
19 Бо Господь прини́зив Юду через Ахаза, Ізраїлевого царя, бо завільно поступав він щодо Юди, і спроневі́рився великим гріхом проти Господа.
১৯ইস্ৰায়েলৰ ৰজা আহজৰ কাৰণে যিহোৱাই যিহূদাক নত কৰিলে; কিয়নো তেওঁ যিহূদাত কুআচৰণ আৰু যিহোৱাৰ বিৰুদ্ধে অতিশয় অপৰাধ কৰিছিল।
20 І прийшов на нього Тіґлат Пілнеесер, цар асирійський, й утискав його, і не допоміг йому.
২০পাছত অচুৰৰ তিলগৎ-পিলনেচৰ ৰজা তেওঁৰ ওচৰলৈ আহি তেওঁক বলৱান নকৰি তেওঁক কষ্টহে দিলে।
21 Бо Аха́з пограбував був Господній дім, і дім царів, і зверхників, і дав це асирійському царе́ві, та не було це на по́міч йому.
২১কিয়নো অচুৰৰ ৰজাক মূল্যৱান বস্তুবোৰ দিবলৈ আহজে যিহোৱাৰ গৃহৰ আৰু ৰাজ গৃহৰ পৰা আৰু অধ্যক্ষসকলৰ পৰা ধন সম্পত্তি লৈছিল৷ কিন্তু ইয়াৰ দ্বাৰাই তেওঁৰ একো উপকাৰ নহ’ল৷
22 А в ча́сі утиску його́, то продовжував спроневі́рюватися Господе́ві він, той цар Аха́з.
২২ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল।
23 І прино́сив він жертви дама́ським бога́м, що його поби́ли, і говорив: „Через те, що боги сирійських царів допомагають їм, то бу́ду прино́сити їм жертви, і вони будуть допомагати мені!“А вони були йому на те, щоб спотикався він та ввесь Ізраїль!
২৩কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল।
24 І Ахаз зібрав по́суд Божого дому, і порубав по́суд Божого дому. І позамикав він двері Господнього дому, і поробив собі же́ртівники в кожному куті́ в Єрусалимі...
২৪পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল।
25 І в кожному місті Юдиному пороби́в він па́гірки, щоб кадити іншим богам, — і розгні́вав Господа, Бога батьків своїх.
২৫তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷
26 А решта його діл та всі доро́ги його, перші й останні, ото вони описані в Книзі Царів Юдиних та Ізраїлевих.
২৬এতিয়া তেওঁ কৰা সকলো কৰ্ম আৰু তেওঁৰ চৰিত্ৰৰ বৃত্তান্ত প্ৰথমৰে পৰা শেষলৈকে সকলো কথা যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
27 І спочив Аха́з зо своїми батька́ми, і поховали його в місті, в Єрусалимі, бо не вне́сли його до гробі́в Ізраїлевих царів, а замість нього зацарював син його Єзекі́я.
২৭আহজ তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত লোকসকলে তেওঁক ইস্ৰায়েলৰ ৰজাসকলৰ মৈদামনীত মৈদাম নিদিলে, কিন্তু যিৰূচালেম নগৰৰ মাজত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ হিষ্কিয়া তেওঁৰ পদত ৰজা হ’ল।

< 2 хроніки 28 >