< 1 Самуїлова 31 >

1 А филисти́мляни воювали з Ізраїлем. І побігли Ізраїлеві му́жі перед филисти́млянами, і падали трупами на горі Ґілбоа.
পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল।
2 І догнали филисти́мляни Саула та його синів. І повбивали филисти́мляни Йонатана й Авінадава та Малкі-Шуя, Саулових синів.
পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ’ল। তাতে ফিলিষ্টীয়া সকলে তেওঁৰ পুত্ৰ যোনাথন, অবীনাদব, আৰু মল্কীচুৱাক বধ কৰিলে।
3 І став бій тяжки́й для Саула, і його знайшли лу́чники, — він був дуже пора́нений тими лу́чниками.
চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল।
4 І сказав Саул до свого зброєно́ші: „Витягни меча свого, і пробий мене ним, щоб не прийшли ці необрі́зані, і не пробили мене, і не знуща́лися надо мною!“Та не хотів зброєно́ша, бо дуже боявся. Тоді взяв Саул меча, — та й упав на нього!
তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল।
5 І побачив зброєноша, що помер Саул, і впав і він на свого меча, та й помер із ним.
তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল।
6 І помер того дня Саул і троє синів його та зброєноша, також усі люди ра́зом.
এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁৰ তিনিজন পুত্ৰ একেলগে মৰিল।
7 А ізра́їльтяни, що мешкали на тім боці долини й на тім боці Йорда́ну, коли побачили, що повтікали ізра́їльтяни, і що померли Саул та сини його, поки́дали ті міста й повтікали, а филисти́мляни поприхо́дили й осілися в них.
পাছত যেতিয়া উপত্যকাত থকা আৰু যৰ্দ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে, ইস্ৰায়েলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁৰ পুত্ৰ সকল মৰিল; তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ’ল। তাতে পলেষ্টীয়াসকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে।
8 І сталося другого дня, і прийшли филисти́мляни, щоб пообдирати трупи, — та й знайшли Саула та трьох синів його, що лежали на горі Ґілбоа.
পাছদিনা যেতিয়া পলেষ্টীয়াসকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে।
9 І вони стяли йому го́лову, і поздира́ли збро́ю його, і послали в филистимські краї́ навко́ло, щоб сповістити в дома́х їхніх божкі́в та наро́дові.
পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত পলেষ্টীয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে।
10 І вони поклали зброю його в домі Аста́рти, а тіло його прибили на мурі Бет-Шану.
১০সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।
11 І почули ме́шканці ґілеадського Явешу про те, що́ филисти́мляни зробили Саулові,
১১পলেষ্টীয়াসকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া যাবেচ-গিলিয়দ নিবাসী সকলে শুনিলে,
12 і встали всі хоробрі, і йшли всю ніч, і взяли́ Саулове тіло та тіла синів його з муру Бет-Шану, і прийшли до Явешу, та й спалили їх там.
১২তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।
13 І взяли́ вони їхні кості, і поховали під тамари́ском в Явешу, та й по́стили сім день.
১৩তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাওঁ গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে।

< 1 Самуїлова 31 >