< 1 Самуїлова 3 >
1 А о́трок Самуїл служив Господе́ві при Ілії. А Господнє слово було рідке́ за тих днів, видіння не було часте́.
১চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল।
2 І сталося того дня, коли Ілі́й лежав на своєму місці, а очі його стали затемня́тися, він не міг бачити,
২সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল।
3 і поки Божий світильник ще не погас, а Самуїл лежав у Господньому храмі, там, де Божий ковче́г,
৩ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্বতে চমূৱেলে শুব লৈছিল৷
4 то покли́кав Господь до Самуїла: „Самуїле, Самуїле!“А він відказав: „Ось я!“
৪সেই সময়তে যিহোৱাই চমূৱেলক মাতিলে; তাতে তেওঁ উত্তৰ দি ক’লে, “মই ইয়াতে আছোঁ।”
5 І побіг він до Ілі́я та й сказав: „Ось я, бо ти кликав мене“. А той відказав: „Я не кликав. Вернися, лягай“. І він пішов і ліг.
৫মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে, “আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।” তেতিয়া তেওঁ ক’লে, “মই মতা নাই; তুমি শুই থাকা গৈ;” তেতিয়া তেওঁ গৈ শুই থাকিল।
6 А Господь далі покликав: „Самуїле, Самуїле!“І встав Самуїл, і пішов до Ілія та й сказав: „Ось я, бо ти кликав мене“. А той відказав: „Не кликав я, си́ну мій. Вернися, лягай“.
৬পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
7 А Самуїл ще не пізнав голосу Господа, і ще не відкрилося йому Господнє слово.
৭সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
8 А Господь далі покли́кав Самуїла третій раз. І він устав, і пішов до Ілі́я та й сказав: „Ось я, бо ти кликав мене“. І зрозумів Ілій, що то Господь кличе о́трока.
৮পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”
9 І сказав Ілій до Самуїла: „Іди, лягай. І якщо знову покличе тебе, то скажеш: „Говори, Господи, бо раб Твій слухає Тебе!“І пішов Самуїл, та й ліг на своє місце.
৯তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
10 І ввійшов Господь, і став, і покли́кав, як перед тим: „Самуїле, Самуїле!“А Самуїл відказав: „Говори, Господи, бо раб Твій слухає!“
১০পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
11 І сказав Господь до Самуїла: „Ось Я зроблю́ таку річ серед Ізраїля, що в кожного, хто почує про неї, задзвени́ть в обох ву́хах його.
১১তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
12 Того дня Я виконаю над Ілі́єм все, що Я говорив про дім його, від поча́тку й до кінця.
১২মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।
13 І розповім йому, що Я суджу́ дім його навіки за гріх, про який він знав, що сини його богозневажають, та не спиняв їх.
১৩কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
14 Тому́ присягнув Я домом Ілі́я, що не очиститься гріх Ілі́євого дому жертвою та жертвою хлібною навіки“.
১৪সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
15 I лежав Самуїл аж до ра́нку, і відчинив двері Господнього дому. А Самуїл боявся розповісти Ілі́єві про те видіння.
১৫তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।
16 І покликав Ілі́й Самуїла, та й сказав: „Самуїле, сину мій!“А той сказав: „Ось я!“
১৬এলীয়ে চমূৱেলক মাতি ক’লে, “মোৰ বোপা চমূৱেল।” তেতিয়া চমূৱেলে ক’লে, “মই ইয়াতে আছোঁ।”
17 І сказав він: „Що́ то за річ, про яку Він говорив до тебе? Не крий правди передо мною. Нехай Господь зробить тобі так, і нехай додасть, якщо ти скажеш неправду передо мною про щось зо всього того, що говорив Він до тебе!“
১৭তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”
18 І розповів йому Самуїл усе те, і не сказав неправди перед ним. А той сказав: „Він — Господь, нехай зробить те, що́ добре в оча́х Його!“
১৮তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
19 І вироста́в Самуїл, а Господь був із ним, і не опустив ані жодного зо всіх Його слів.
১৯চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
20 І ввесь Ізра́їль, від Дана аж до Беер-Шеви, пізнав, що Самуїл вірний, як пророк Господній.
২০তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।
21 А Господь далі показувався в Шіло́, бо Господь явився був у Шіло́ Самуїлові в слові Господньому.
২১যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল।