< 1 Самуїлова 12 >
1 І сказав Самуїл до всього Ізраїля: „Ось я послухався вашого голосу в усьому, що ви говорили мені, — і поставив над вами царя́.
১চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, তোমালোকে মোক যি যি কৈছিলা, সেই সকলো কথা মই শুনিলো, সেয়ে তোমালোকৰ কাৰণে এজন ৰজা পাতি দিলোঁ।
2 А тепер той цар ось ходить перед вами. А я поста́рів та посивів, а сини мої — ось вони з вами. І я ходив перед вами від своєї мо́лодости аж до цього дня.
২এতিয়া ৰজাই তোমালোকৰ আগত অহা-যোৱা কৰি আছে; কাৰণ মই পকা চুলিয়া বৃদ্ধ হ’লো; আৰু মোৰ সন্তান সকল তোমালোকৰ লগত আছে। যুৱক অৱস্থাৰ পৰা এতিয়ালৈকে মই তোমালোকৰ আগত অহা-যোৱা কৰি আছিলোঁ।
3 Ось я! Свідку́йте проти мене перед Господом та перед Його пома́занцем: чийо́го вола я взяв, чи осла чийо́го взяв я? А кого я гнобив, кому чинив наси́льство? І з чиєї руки взяв я пі́дкупа, і відвернув свої очі від нього? І все це я поверну́ вам“.
৩মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাঁড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
4 А вони сказали: „Не гноби́в ти нас, і не чинив нам наси́льства, і ні від ко́го нічо́го не брав“.
৪তেওঁলোকে ক’লে, আপুনি আমাক প্ৰবঞ্চনা, উপদ্ৰৱ বা আমাৰ হাতৰ পৰা একো বস্তু লোৱা নাই।’
5 І він сказав: „Госпо́дь свідок на вас, і свідок Його пома́занець цього дня, що ви нічого не знайшли в моїй руці“. А народ сказав: „Свідок!“
৫তেওঁ তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী আছে, আৰু তেওঁৰ অভিষিক্ত জনো সাক্ষী হৈ আছে, যে, তোমালোকে মোৰ হাতত একো বস্তু পোৱা নাই।” তেওঁলোকে উত্তৰ দি ক’লে, “যিহোৱা সাক্ষী হৈ আছে।”
6 І сказав Самуїл до народу: „ Свідок Господь, що поставив Мойсея та Ааро́на, і що вивів наших батьків із єгипетського кра́ю.
৬চমূৱেলে লোকসকলক ক’লে, যিহোৱাই মোচি আৰু হাৰোণক নিযুক্ত কৰিছিল, আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
7 А тепер станьте, і я буду суди́тися з вами перед Господнім лицем про всі доброді́йства Господні, які Він учинив із вами та з вашими батька́ми.
৭তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্বপুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।
8 Як Яків прийшов був до Єгипту, і батьки́ ваші кли́кали до Господа, то Господь послав Мойсея та Аарона, і вони вивели ваших батьків із Єгипту, і осади́ли їх у цьому місці.
৮যাকোব মিচৰলৈ অহাৰ পাছত, যেতিয়া তোমালোকৰ পূৰ্ব-পুৰুষসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক পঠালে; তেওঁলোকে মিচৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলে আৰু এই ঠাইতে তেওঁলোকক নিবাস কৰিবলৈ দিলে।
9 Та вони забу́ли Господа, Бога свого, і Він передав їх у руку Сісе́ри, начальника хацорського війська, і в руку филисти́млян та в руку моавського царя, — і вони воювали проти них.
৯কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰিলে; তাতে তেওঁ হাচোৰৰ সেনাপতি চীচৰাৰ, পলেষ্টীয়াসকলৰ আৰু মোৱাবৰ ৰজাৰ হাতত তেওঁলোকক বেচিলে; আৰু সিহঁতে তেওঁলোকৰ লগত যুদ্ধ কৰিলে।
10 І кли́кали вони до Господа та говорили: „Згрішили ми, бо покинули Господа та й служили Ваа́лам та Аста́ртам. А тепер урятуй нас із руки наших ворогів, і ми бу́демо служити Тобі.
১০তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
11 І послав Господь Єруббаа́ла, і Беда́на, і Їфта́ха, і Самуїла, — і врятував вас із руки довко́лишніх ваших ворогів, і ви сиділи безпечно.
১১তাৰ পাছত যিহোৱাই যিৰুব্বাল, বাৰাক, যিপ্তহ আৰু চমূৱেলক পঠাই তোমালোকৰ চাৰিওফালে থকা শত্ৰুবোৰৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তাতে তোমালোকে নিৰাপদে বসতি কৰিলা।
12 А коли ви побачили, що Нахаш, цар аммонських синів, прийшов на вас, то сказали мені: Ні, — нехай царює над нами цар! А Цар ваш — Госпо́дь, Бог ваш.
১২অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।
13 А тепер ось той цар, якого ви вибрали, якого жадали, і ось дав Господь над вами царя.
১৩তোমালোকে মনোনীত কৰা আৰু তোমালোকে বিচাৰা ৰজা এইজন; যিহোৱাই তোমালোকৰ কাৰণে ৰজা নিযুক্ত কৰি দিলে।
14 Якщо ви бу́дете боятися Господа, і бу́дете служити Йому, і бу́дете слухатися Його голосу, і не бу́дете непокі́рні до Господніх заповідей, то будете й ви, і цар, що царює над вами, ходити за Господом, Богом вашим.
১৪তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা।
15 А якщо ви не будете слухатися Господнього голосу, і будете непокі́рні до Господніх за́повідей, то Господня рука буде проти вас та проти ваших батьків!
১৫কিন্তু যদি তোমালোকে যিহোৱাৰ বাক্য পালন নকৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰা, তেন্তে, যিহোৱাৰ হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃসকলৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ’ব।
16 I ось тепер станьте, і побачте ту велику річ, що Господь зробить на ваших оча́х.
১৬সেয়ে তোমালোকে যিহোৱাৰ ওচৰত নিজকে সমর্পণ কৰা আৰু তোমালোকৰ চকুৰ সন্মুখত কৰা যিহোৱাৰ মহৎ কৰ্মবোৰ চোৱা।
17 Чи ж сьогодні не жнива́ на пшеницю? Я покличу до Господа, і Він пошле грім та дощ, а ви пізнаєте й побачите, що велике ваше зло, яке ви зробили в Господніх оча́х жада́нням для себе царя“.
১৭আজি জানো ঘেঁহু ধান দোৱা সময় নহয়? যিহোৱাই যেন মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষাই, ইয়াৰ বাবে মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। ‘তোমালোকে তোমালোকৰ বাবে এজন ৰজা খোজা, যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ অপৰাধ আছিল, সেই বিষয়ে তোমালোকে বুজিবা আৰু দেখিবলৈ পাবা’।
18 І кли́кнув Самуїл до Господа, а Господь послав того дня грім та дощ. І ввесь народ сильно злякався Господа та Самуїла!
১৮তাৰ পাছত চমূৱেলে যিহোৱাৰ ওচৰত নিবেদন কৰিলে, আৰু সেই দিনাই যিহোৱাই মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষালে। এই সকলো দেখি, লোক সকলে যিহোৱালৈ আৰু চমূৱেললৈ অতিশয় ভয় কৰিলে।
19 І сказав увесь народ до Самуїла: „Помолися за своїх рабів до Господа, Бога твого, щоб нам не померти, бо понад усі наші гріхи́ додали́ ми ще й оце зло, що жадали для себе царя“.
১৯তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰণে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”
20 І сказав Самуїл до народу: „Не бійтеся! Ви зробили все те зло, тільки не відступіть від Господа, і служіть Господе́ві всім серцем своїм!
২০চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।
21 І не відступайте, і не йдіть за марно́тами, які не допоможуть і які не врятують, бо марно́та вони.
২১কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
22 Бо Господь не поли́шить народу Свого ради Свого великого Йме́ння, бо зволив Господь зробити вас народом Своїм.
২২যিহোৱাই নিজৰ মহান নামৰ উদ্দেশ্যে নিজৰ প্ৰজাসকলক ত্যাগ নকৰে; কাৰণ তেওঁলোকক নিজৰ প্ৰজা কৰিবলৈ যিহোৱা সন্তোষ হয়।
23 Також я, — не дай мені, Боже, грішити проти Господа, щоб перестав я молитися за вас! І я буду наставля́ти вас на дорогу добру та про́сту.
২৩মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
24 Тільки бійтеся Господа, і служіть Йому правдиво всім вашим серцем, бо ви бачили, які великі діла вчинив Він із вами!
২৪তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
25 А якщо справді бу́дете чинити зло, — погинете й ви, і цар ваш!“
২৫কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।