< 1 царів 11 >
1 А цар Соломон покохав багато чужи́нних жінок: і дочку́ фараонову, моавітянок, аммонітянок, едомітянок, сидонянок, хіттіянок,
১সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷
2 із тих народів, що про них Господь сказав був Ізраїлевим синам: „Не вві́йдете між них, і вони не вві́йдуть між вас, бо вони справді нахилять ваші серця до своїх богі́в“. До них прихили́вся Соломон коха́нням.
২যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল।
3 І було в нього жінок-княгинь сім сотень, а наложниць — три сотні. І жінки́ його прихили́ли його серце.
৩চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল।
4 І сталося на час Соломонової старости, жінки́ його прихили́ли його серце до інших богі́в; і серце його не було все з Господом, Богом, як серце його батька Давида.
৪কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
5 І пішов Соломон за Астартою, богинею сидонською, та за Мілкомом, гидо́тою аммонітською.
৫কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷
6 І робив Соломон зле в оча́х Господніх, і не йшов певно за Господом, як його батько Давид.
৬এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
7 Тоді Соломон збудував же́ртівника для Кемоша, моавської гидо́ти, на горі, що навпроти Єрусалиму, та для Молоха, гидо́ти аммонських синів.
৭সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
8 І так він зробив для всіх своїх чужи́нних жіно́к, що кадили та прино́сили жертви для своїх богів.
৮তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷
9 І розгнівався Господь на Соломона, бо його серце відхили́лося від Господа, Бога Ізраїлевого, що два ра́зи йому являвся,
৯যিহোৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ’ল, কিয়নো তেওঁৰ মন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পৰা অপথে গ’ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল,
10 і наказував йому про цю річ, — щоб не ходити за іншими богами. Та не вико́нував він того, що наказав був Господь.
১০আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল; কিন্তু যিহোৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে।
11 І сказав Господь до Соломона: „Тому́, що було це з тобою, і не вико́нував ти Мого заповіту та постанов Моїх, що Я наказав був тобі, Я конче відберу́ царство твоє, та й дам його твоєму рабові.
১১সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।
12 Тільки за твоїх днів не зроблю́ того ради батька твого Давида, — з руки сина твого відберу́ його!
১২কিন্তু তোমাৰ পিতৃ দায়ূদৰ কাৰণে মই তোমাৰ জীৱন কালত এনে ধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল’ম।
13 Та всього царства Я не відберу́, — одне племе́но Я дам синові твоєму ради раба Мого Давида та ради Єрусалиму, якого Я вибрав“.
১৩তথাপি মই গোটেই ৰাজ্য কাঢ়ি নল’ম কিন্তু মোৰ দাস দায়ূদৰ বাবে আৰু মোৰ মনোনীত যিৰূচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম।”
14 І поставив Господь Соломонові за проти́вника едо́млянина Гада́да, — він із царсько́го насіння в Едо́мі.
১৪তেতিয়া যিহোৱাই ইদোমীয়া হদদ নামেৰে চলোমনৰ এজন শত্ৰুক বিদ্ৰোহ কৰালে৷ তেওঁ ইদোম দেশীয় ৰাজবংশৰ এজন লোক আছিল।
15 І сталося, коли Давид був з Едомом, коли Йоа́в, начальник війська, пішов поховати трупи, то він повбивав кожного чоловічої статі в Едомі.
১৫যি সময়ত দায়ুদ ইদোম দেশত আছিল, তেতিয়া সেনাপতি যোৱাবে হত হোৱা প্ৰতিজন লোকক ইদোমত মৈদাম দিবলৈ গৈছিল৷
16 Бо шість місяців сидів там Йоав та ввесь Ізраїль, аж поки він не ви́губив кожного чоловічої статі в Едомі.
১৬যোৱাব আৰু সমুদায় ইস্ৰায়েল লোক ইদোমত ছমাহ থাকি ইদোমৰ সকলো পুৰুষক সংহাৰ কৰিছিল৷
17 І втік Гада́д, він та з ним мужі едомські, зо слуг його батька, щоб піти до Єгипту; а Гадад був тоді малим хлопцем.
১৭কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
18 І встали вони з Мідія́ну й пішли до Пара́ну; і набра́ли вони з собою людей з Парану, та й прийшли до Єгипту, до фараона, царя єгипетського, а той дав йому дім та призна́чив йому утри́мання, і дав йому зе́млю.
১৮তেওঁলোকে মিদিয়নৰ পৰা ওলাই আহি পাৰণলৈ গৈছিল, এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিচৰলৈ গৈছিল আৰু পাছত মিচৰৰ ৰজা ফৰৌণৰ ওচৰলৈ গৈছিল৷ ৰজা ফৰৌণে তেওঁক এটা ঘৰ দিছিল, আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাটিও দিছিল।
19 І знайшов Гадад велику милість у фараонових оча́х, і він дав йому за жінку сестру́ своєї жінки, сестру цариці Тахпенеси.
১৯তাতে হদদে ফৰৌণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে, ফৰৌণে নিজ ভাৰ্য্যা ৰাণী তহপিনেচৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল।
20 І породи́ла йому сестра Тахпенеси сина його Ґенувата, а Тахпенеса ви́ховала його в фараоновому домі. І був Ґенува́т у фараоновому домі серед фараонових синів.
২০তহপিনেচৰ সেই ভনীয়েকে হদদক এটি পুত্ৰ জন্ম দিলে; তেওঁলোকে তাৰ নাম গনুবৎ ৰাখিলে; তাক তহপিনেচে ফৰৌণৰ ঘৰতে ডাঙৰ-দীঘল কৰিলে৷ গনুবৎ ফৰৌণৰ ঘৰতে ফৰৌণৰ পুত্ৰসকলৰ মাজতে বাস কৰিছিল।
21 І почув Гадад в Єгипті, що Давид спочив із своїми батька́ми, та що помер Йоав, начальник ві́йська. І сказав Гадад до фараона: „Відпусти мене, й я піду́ до свого Кра́ю!“
২১পাছত যেতিয়া দায়ুদ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি যোৱাবৰ মৃত্যুৰ কথা হদদে মিচৰ দেশত শুনিবলৈ পালে, তেতিয়া তেওঁ ফৰৌণক ক’লে, “মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ।”
22 А фараон йому відказав: „Чого тобі браку́є при мені, що ти оце хочеш іти до свого кра́ю?“Та той сказав: „Ні, таки конче відпусти́ мене!“
২২তেতিয়া ফৰৌণে তেওঁক ক’লে, “মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা?” হদদে ক’লে, “একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক।”
23 І поставив Бог йому, Соломонові, за противника ще й Резона, сина Ел'яди, що втік від Гадад'езера, царя Цови, свого пана.
২৩ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল, তেওঁ হ’ল ইলিয়াদাৰ পুত্ৰ ৰজোন; এই লোকজনে নিজ প্ৰভু চোবাৰ ৰজা হদদেজৰৰ পৰা পলাই গৈছিল৷
24 І зібрав він при собі людей, та й став провідником банди, коли Давид розбивав їх. І пішли вони до Дама́ску, й осілися в ньому, і панували в Дамаску.
২৪আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।
25 І був він проти́вником для Ізраїля за всіх Соломоновіих днів, а це окрім того лиха, що чинив Гадад. І бри́див він Ізраїлем, і запанував над Сирією.
২৫হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।
26 А Єровоа́м, син Неватів, єфре́мівець, із Цереди, а ім'я́ його матері — Церуа, жінка вдова, — був раб Соломонів. І підняв він ру́ку на царя.
২৬তেতিয়া চৰেদাত থকা ইফ্ৰয়িমীয়া নবাটৰ পুত্ৰ যাৰবিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল৷ তেওঁৰ মাকৰ নাম চৰোৱা আৰু তাই এজনী বিধৱা মহিলা আছিল; তেৱোঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে।
27 А оце та причина, що він підняв руку на царя: Соломон будував Мілло́, і попра́вив пролі́м у Місті Давида, свого батька.
২৭তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পিতৃ দায়ূদৰ নগৰৰ গড়ৰ ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল।
28 А той муж Єровоам був відважний. І побачив Соломон цього юнака́, що він роботя́щий, і призна́чив його над усіма́ носія́ми Йо́сипового дому.
২৮সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
29 І сталося того ча́су, і вийшов Єровоам з Єрусалиму. І знайшов його на дорозі шілонянин Ахі́йя, пророк. Він був одя́гнений в нову́ одіж, й оби́два вони були самі на полі.
২৯যি সময়ত যাৰবিয়াম যিৰূচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চীলোনীয়া অহীয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে; তেতিয়া অহীয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল।
30 І схопи́в Ахі́йя за ту нову́ одежу, що була на ньому, та й подер її на дванадцять кусків.
৩০তেতিয়া অহীয়াৰ নিজৰ গাত থকা সেই নতুন কাপোৰ ধৰি তাক ফালি-চিৰি বাৰ ডোখৰ কৰিলে৷
31 І сказав він до Єровоа́ма „Візьми собі десять кусків, бо так сказав Господь, Бог Ізраїля: Оце Я віддира́ю царство з Соломонової руки, і дам тобі десять племе́н.
৩১তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম।
32 А одне племе́но буде йому ради Мого раба Давида та ради Єрусалиму, міста, що Я вибрав його зо всіх Ізраїлевих племе́н.
৩২কিন্তু মোৰ দাস দায়ূদৰ কাৰণে আৰু ইস্ৰায়েলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা যিৰূচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব৷
33 Це тому́, що вони покинули Мене і вклоня́лися Аста́рті, сидонській богині, і Кемошеві, богові моавському, та Мілкомові, богові аммонітському, і не пішли Моїми дорогами, щоб вико́нувати добре в Моїх оча́х, і постанови Мої та заповіді Мої, як батько його Давид.
৩৩কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চীদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তান সকলৰ মিল্কম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
34 Та не візьму́ Я всього царства з руки його, бо оставлю його володарем по всі дні життя його ради раба Мого Давида, що Я вибрав його, який доде́ржував заповідів Моїх та постанов Моїх.
৩৪তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নল’ম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস দায়ূদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকৰ্ত্তা কৰি ৰাখিছো।
35 І візьму́ Я царство з руки його сина, та й дам його тобі, оті десять племе́н.
৩৫কিন্তু তেওঁৰ পুত্ৰৰ হাতৰ পৰা ৰাজ্য লৈ তোমাক দহটা ফৈদ দিম।
36 А синові його дам одне племе́но, щоб позоставався світильник рабові Моєму Давидові, по всі дні перед лицем Моїм в Єрусалимі, місці, що Я вибрав Собі, щоб там перебувало Моє Йме́ння.
৩৬আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক ফৈদ দিম।
37 А тебе Я візьму́, і ти будеш царюва́ти над усім, чого пожадає душа твоя, і ти будеш царем над Ізраїлем.
৩৭তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।
38 І станеться, коли ти слу́хатимешся всього, що Я накажу́ тобі, і пі́деш Моїми дорогами, і робитимеш добре в оча́х Моїх, щоб виконувати постанови Мої та заповіді Мої, як робив раб Мій Давид, то Я бу́ду з тобою, і побудую тобі міцни́й дім, як Я збудував був Давидові, і дам тобі Ізра́їля.
৩৮আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
39 І буду впокоря́ти Давидове насіння ради того, тільки не по всі дні“.
৩৯মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”
40 І шукав Соломон, щоб забити Єровоа́ма. І встав Єровоа́м, і втік до Єгипту, до Шішака, єгипетського царя. І пробува́в він в Єгипті аж до Соломонової смерти.
৪০এই কাৰণে চলোমনে যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু যাৰবিয়াম মিচৰলৈ গ’ল, আৰু মিচৰৰ ৰজা চীচকৰ ওচৰলৈ পলাই গ’ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিচৰতে থাকিল।
41 А решта Соломо́нових діл, і все, що він зробив був, та мудрість його, — ото вони написані в книзі „Соломонові діла“.
৪১চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন-চৰিত্ৰৰ পুস্তকত লিখা নাই?
42 А днів, коли Соломон царював в Єрусалимі над усім Ізраїлем, було́ сорок літ.
৪২চলোমনে যিৰূচালেমত সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিছিল।
43 І спочив Соломон зо своїми батьками, і був похо́ваний у Місті Давида, батька свого, а замість нього зацарював син його Рехав'а́м.
৪৩পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।