< Об'явлення 21 >
1 І бачив я нове небо й нову землю, перве бо небо і перва земля перейшла, а моря вже більше не було.
১তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল।
2 А я Йоан бачив город той сьвятий, новий Єрусалим, що сходив від Бога з неба, приготований, як невіста украшена чоловікові своєму.
২আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ।
3 І чув я голос великий з неба, що глаголав: Ось, оселя Божа з людьми, і, дому вати ме з ними; а вони будуть Його люде, і сам Бог буде з ними, Бог їх.
৩পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷
4 І обітре Бог усяку сльозу з очей їх; і смерти більш не буде; анї смутку, анї крику, анї труду не буде вже; перве бо минуло.
৪তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
5 І рече Сидячий на престолї: Ось, усе нове роблю. І рече мснї: Напиши; сї бо слова правдиві і вірні.
৫পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”
6 І рече менї: Стало ся! Я АльФа і Омега, почин і конець. Я дам жадному з жерела води життя дармо.
৬পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
7 Хто побідйть, наслїдить усе, і я буду йому Бог, а він буде менї син.
৭যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব।
8 А боязким, і невірним, і огидним, і душогубцям, і блудникам, і чарівникам, і ідолським служителям, і веїм ложникам часть їх в озері, палаючому огнем і сїркою, що єсть смерть друга. (Limnē Pyr )
৮কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।” (Limnē Pyr )
9 І приступив до мене один із семи ангелів, що мають сїм чаш, повні семи пораз останніх, і говорив зо мною, глаголючи: Ходи, покажу тобі невісту, жену Агнця.
৯তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।”
10 І понїс мене духом на гору велику, і високу, і показав менї город великий, сьвятий Єрусалим, що сходив з неба від Бога,
১০তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।
11 і мав славу Божу; а сьвітло Його подібне до найдорощого каменя наче до каменя ясписового, як хришталь блискучого,
১১সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷
12 а мав він мур великий і високий, мав дванайцять воріт, а на воротах дванайцять ангелів, та й імена написані, котрі були дванайцять роди синів Ізраїлевих.
১২তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷
13 Від сходу троє воріт, від півночі троє воріт, від полудня троє воріт, від заходу троє воріт.
১৩তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে।
14 А мур города мав дванайцять підвалин, а на них імена дванайцяти апостолів Агнця.
১৪আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।
15 А той, хто говорив зо мною, мав золоту тростину, щоб змірити город і ворота його, і мур його.
১৫আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল।
16 А город той четверокутний, а довжина його стілька, скілька ширина. І змірив город тростиною на дванайцять тисяч стадий; довжина, і ширина і вишина його однакі.
১৬সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান।
17 І змірив мур його на сто сорок чотири локот міри чоловічої, котра була ангелська (міра).
১৭পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল।
18 А була будівля муру його ясписова, а город - золото чисте, подібне до чистого шкла.
১৮সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা।
19 А підвалини муру городського всяким дорогим каміннєм украшені. Перва підвалина яспис, друга сафир, третя халькидон, четверта смарагд,
১৯নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল।
20 пята сардоних, шеста сард, сема хризолит, восьма бериль, девята топаз, десята хризопрас, одинайцята гиякинт, дванадцята аметист.
২০প্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল।
21 А дванайцять воріть то дванайцять перед. А кожні ворота з однієї перли. А вулиця города - то золото чисте, як шкло просяйне.
২১সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল।
22 А храму не бачив я в ньому; бо Господь Бог Вседержитель - його храм, і Агнець.
২২তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।
23 І не потрібує город той сонця, анї місяця, щоб сьвітили в ньому, бо слава Божа осьвітила його, а сьвітильник його - Агнець.
২৩সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ।
24 А народи, що будуть спасені, ходити муть у сьвітлї його; а царі земні принесуть славу і честь свою до нього.
২৪জাতিবোৰে সেই দীপ্তিত অহা-যোৱা কৰিব; আৰু পৃথিৱীৰ ৰজা সকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব।
25 А ворота його не будуть зачинятись днями; ночі бо не буде там
২৫তাৰ দ্ৱাৰবোৰ দিনত কেতিয়াও বন্ধ নহব; কিয়নো তাত ৰাতি নহব;
26 І принесуть славу і честь народів до него
২৬তেওঁলোকে জাতি সকলৰ প্ৰতাপ আৰু মৰ্যদা তাৰ ভিতৰলৈ আনিব।
27 І не ввійде до него нїщо погане, анї хто робить гидоту та лож, тільки ті, що написані в книзі життя Агнцевій.
২৭আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷