< Від Марка 6 >

1 І вийшовши звідтіля, прибув у свою країну; і йшли слідом за Ним ученики Його.
তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল।
2 І, як настала субота, почав у школї навчати; й многі, слухаючи, дивувались, кажучи: Звідкіля се в Него? і що се за розум, даний Йому, що дива такі руками Його роблять ся?
পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?
3 Хиба ж сей не тесля, син Мариї, брат Яковів, і Йосиїв, і Юдин, і Симонів? і хиба не тут між нами сестри Його? І поблазнились Ним.
ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
4 Рече ж їм Ісус: Не єсть пророк без чести, хиба що в країні своїй, та в родині, і в домівці своїй.
তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”
5 І не міг там ніякого чуда зробити, тільки на деяких недужих положивши руки, сцїлив їх.
সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷
6 І дивувавсь недовірством їх. І ходив кругом по селах, навчаючи.
তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
7 І покликав дванайцятьох, та й почав їх посилати по двоє, і дав їм власть над духами нечистими;
যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
8 і звелїв їм, щоб нічого не брали на дорогу, тільки одну палицю: ні торбини, нї хліба, ні у черес грошей,
এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়;
9 щоб обувались у постоли й не вдягались у дві одежині.
আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
10 І рече їм: Де б ви нї зайшли в яку господу, там пробувайте, аж поки вийдете звідтіля.
১০যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
11 А хто не прийме вас, анї слухати ме вас, то, виходячи звідтіля, обтрусіть і порох із під ніг ваших, на сьвідкуваннє їм. Істино глаголю вам: Одраднїще буде Содомові та Гоморі суднього дня, ніж городові тому.
১১কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
12 І вийшовши вони, проповідували, щоб каялись.
১২পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;
13 І бісів багато виганяли, й намащували оливою багато недужих, і сцїляли.
১৩বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
14 І дочувся цар Ірод (явне бо зробилось імя Його), і каже: Що Йоан Хреститель із мертвих устав, і того роблять ся чудеса від него.
১৪এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।
15 Инші казали, що се Ілия; инші ж казали, що се пророк або один з пророків.
১৫কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।
16 Почувши ж Ірод, сказав: Що се Йоан, котрого я стяв, він устав з мертвих.
১৬কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”।
17 Сей бо Ірод, піславши, взяв Йоана, та й звязав його в темниці за Іродияду, жінку Филипа, брата свого; бо оженивсь із нею.
১৭কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
18 Сказав бо Иоан Іродові: Що не годить ся тобі мати жінку брата твого.
১৮আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”।
19 Іродияда ж лютувала на него, й, хотіла його вбити, та не могла.
১৯এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
20 Ірод бо боявсь Иоана, знавши його, яко чоловіка праведного й сьвятого, то й беріг його й, слухаючи його, багато робив, і залюбки його слухав.
২০কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
21 Як же настав день нагідний, кали Ірод на свої родини бенкет справив дукам своїм, та гетьманам, та значним Галилейським,
২১কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
22 і як увійшла дочка тієї Іродияди, танцювала, й догодила Іродові, й, тим, що сиділи з ним, озвав ся цар до дївицї: Проси в мене, чого бажаєш, а дам тобі.
২২তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
23 І поклявсь їй: Що, чого б у мене нї попросила, дам тобі, хочби й половину царства мого.
২৩আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
24 Вона ж, вийшовши, каже матері своїй: Чого просити? Та ж каже: Голови Йоана Хрестителя.
২৪তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”
25 І, ввійшовши зараз швидко до царя, просила, кажучи: Хочу, шоб менї дав зараз на блюді голову Йоана Хрестителя.
২৫তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”
26 І зажурившись вельми цар, та задля клятьби й задля тих, що з ним сиділи, не хотів їй відмовити.
২৬তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
27 І зараз піславши цар ката, звелїв принести голову його; він же пійшовши, стяв його в темниці.
২৭তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
28 І приніс голову його на блюдї, і дав її дівиці, а дївиця дала її матері своїй.
২৮আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
29 І, довідавшись ученики його, пійшли і взяли тіло його, та й положили його в гробі.
২৯পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।
30 І посходились апостоли до Ісуса, й сповістили Його про все, й що робили, й чого навчали.
৩০পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
31 І рече до них: Ійдїть ви самі окроме в пусте місце, та відпочиньте трохи; було бо багато, що приходили й відходили, й навіть ніколи було їм їсти.
৩১তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
32 І поплили в пусте місце човном, окроме.
৩২তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।
33 І бачив їх народ, як відчалювали, й пізнали Його многі, і збігались туди пішки з усіх городів, та й випередили їх, і посходились до Него.
৩৩কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
34 І вийшовши Ісус, побачив багато народу, й жалкував над ними, що були як вівці, не маючі пастиря, і почав навчати їх багато.
৩৪যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
35 І як уже багато часу минуло, приступивши до Него ученики Його, кажуть: Що се пусте місце, і вже час пізний, -
৩৫পাছত দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল;
36 відпусти їх, щоб, пійшовши по околичнїх хуторах та селах, купили собі хлїба: не мають бо що їсти.
৩৬গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
37 Він же, озвавшись, рече до них: Дайте ви їм їсти. І кажуть Йому: Хиба, пійшовши, купимо за двістї денариїв хлїба, й дамо їм їсти?
৩৭কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?
38 Він же рече до них: Скільки хлїбів маєте? йдїть та подивіть ся. І, взнавши, кажуть: Пять, та дві рибі.
৩৮কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।
39 І звелів їм садовити всіх купа коло купи на зеленій траві,
৩৯তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
40 і посідали вони ряд коло ряду по сотням і по півсотням.
৪০তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
41 І, взявши пять хлїбів та дві рибі, й поглянувши на небо, благословив, і ламав хлїби, та й давав ученикам своїм, щоб клали перед ними; й дві рибі поділив усїм.
৪১তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদকৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
42 І їли всі, й наситились.
৪২তাতে সকলোৱে খাই তৃপ্ত হ’ল।
43 І набрали окрушин дванайцять повних кошів, та й із риб.
৪৩পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
44 А тих, що їли хлїби, було з пять тисяч чоловіка.
৪৪সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
45 І зараз примусив учеників своїх увійти в човен, та плисти на той бік попереду 'д Витсаїдї, поки сам одпустить народ.
৪৫তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
46 І, відпустивши їх, пійшов на гору молитись.
৪৬তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
47 І як настав вечір, був човен серед моря, а він один на землі.
৪৭সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।
48 І бачив, як вони силкувались, веслуючи; був бо вітер противний їм; і коло четвертої сторожи ночі приходить до них, ідучи по морю, і хотів минути їх.
৪৮পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
49 Вони ж, бачивши Його, що ходить по морю, думали, що се мара, та й закричали:
৪৯কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল;
50 всі бо Його бачили, й потрівожились. І зараз заговорив до них, і рече їм: Бодріть ся; се я; не лякайтесь.
৫০কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
51 І ввійшов до них у човен; і втих вітер, і вельми, над міру здумілись у собі, і дивувались.
৫১পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
52 Не зрозуміли бо про хлїби: було бо серце їх засліплене.
৫২কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
53 І, перепливши, прибули в землю Генисарецьку, й причалили.
৫৩তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে।
54 І як вийшли вони з човна, зараз, пізнавши Його,
৫৪আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷
55 кинулись по всій тій околиці, та й почади приносити на ношах тих, що нездужали, як почули, що Він там єсть.
৫৫তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
56 І куди нї приходив Він, у села, чи городи, чи хутори, на майданах клали недужих, і благали Його, щоб їм хоч до краю одежі Його приторкнутись, і хто тільки доторкнувсь Його, спасав ся.
৫৬তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।

< Від Марка 6 >