< Дії 4 >

1 Як же вони промовляли до народу, приступили до них священики та старшина церковна та Садукеї,
পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
2 сердячись, що вони навчають народ і проповідують в Ісусї воскресеннє з мертвих.
পিতৰ আৰু যোহনে লোক সকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ’ল।
3 І наложили на них руки, і оддали їх під сторожу до ранку, бо вже був вечір.
তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
4 Многі ж з них, що слухали слово, увірували; було ж число людей вірних тисяч з пять.
কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
5 І сталось, зібрались у ранцї князі їх та старші, та письменники в Єрусалимі,
পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
6 та Анна архиєрей, та Каяфа, та Йоан, та Александр і скільки було з родини архиєрейської,
তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
7 і, поставивши їх посерединї, питали: Якою силою, або яким імям, зробили ви се?
তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”
8 Тодї Петр, сповнившись Духом сьвятим, рече до них: Князї людські та старші Ізраїлеві!
তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
9 коли в нас. оце допитують ся про добре дїло (зроблене) недужому чоловікові, чим сей спас ся,
আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
10 то нехай знане буде всїм вам і всьому народові Ізраїлевому, що в імя Ісуса Христа Назорея, котрого ви розняли, котрого Бог воскресив з мертвих; Ним сей стоїть перед вами здоровий.
১০সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
11 Се камінь, зневажений од вас будівничих, що став ся головою угла;
১১যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
12 і нема нї в кому другому спасення, бо й нема иншого імя під небом, даного людям, щоб ним спасатись нам.
১২তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
13 Як же побачили вони сьміливість Петра та Йоана, і постерегли, що се люде невчені і прості, то дивувались; і пізнали їх, що вони були з Ісусом,
১৩পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
14 і, бачивши чоловіка з ними стоячого сцїленого, не мали нїчого сказати проти.
১৪সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
15 Звелівши ж їм вийти з ради, радились між собою,
১৫তেওঁলোকে পাঁচনি সকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-
16 говорячи: Що нам робити з сими людьми? бо велика ознака сталась через них усїм явна, що домують у Єрусалимі, і не можемо відректи.
১৬“এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
17 Тільки ж, щоб більш не ширилось між народом, то заказом закажімо їм, щоб більш не говорили в імя сеє нїкому з людей.
১৭কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।
18 І, покликавши їх, заповіли їм зовсїм не говорити анї навчати в імя Ісусове.
১৮তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
19 Петр же та Йоан, озвавшись до них, рекли: Чи праведно перед Богом слухати вас більш ніж Бога, - судіть.
১৯কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব?
20 Не можна бо нам того, що видїли й що чули, не говорити.
২০কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
21 Вони ж заказавши, відпустили їх, не знайшовши нічого, за що б їх покарати, задля народу; бо всі прославляли Бога за те, що стало ся.
২১পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
22 Було бо більш сорока років чоловікові тому, на котрому стада ся ся ознака сцїлення.
২২আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
23 Відпущені ж прийшли до своїх і сповістили, що казали до них архиєреї та старші.
২৩পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
24 Вони ж, вислухавши те, однодушно підняли голос до Бога й промовили: Владико, Ти єси Бог, що сотворив небо, і землю, і море, і все, що в них;
২৪এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
25 котрий устами Давида, слуги Твого, промовив: Чого збунтувались погане, і люде задумують марні речі?
২৫তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?
26 Повставали царі земні, і князї зібрались докупи на Господа й на Христа Його.
২৬ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে।
27 Бо зібрали ся оправдана сьвятого Сина Твого Ісуса, що Його помазав єси, і Ірод, і Понтийський Пилат з поганами й людьми Ізраїлськими,
২৭হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।
28 зробити, що Твоя рука і рада Твоя наперед призначили статись.
২৮তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
29 І нинї. Господи, споглянь на закази їх, і дай слугам Твоїм з усякою одвагою промовляти слово Твоє,
২৯হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।
30 і простягай руку Твою на спїленнє, і нехай ознаки й чудеса стають ся через імя сьвятого Сина Твого Ісуса.
৩০তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
31 А як помолились вони, захитало ся місце, де зібрались, і сповнились усї Духом сьвятим, і промовляли слово Боже з одвагою.
৩১এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।
32 Множество ж вірних мали одно серце й одну душу; й нї один, що мав, не казав, що се його, а було в них усе спільне.
৩২বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
33 І З великою силою давали апостоли сьвідченнє воскресення Господа Ісуса, й ласка велика була на всїх їх.
৩৩পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।
34 Та й в недостатку нїхто між ними не був; хто бо був властительом земель або домів, ті, продавши, приносили гроші за продане,
৩৪তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল।
35 та й клали у ногах у апостолів, і роздавали кожному, як кому треба було.
৩৫পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
36 Так Йосія, названий від апостолів Варнава (що єсть перекладом: Син одради), левит, родом Кипрянин,
৩৬যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।।
37 мавши поле, продав, та й принїс гроші, та й положив у ногах у апостолів.
৩৭যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনি সকলৰ চৰণত আনি থলে।

< Дії 4 >