< Nnwom 143 >

1 Dawid dwom. Ao Awurade, tie me mpaeɛbɔ, tie me nkotosrɛ; wɔ wo nokorɛdie ne tenenee mu bra bɛboa me.
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
2 Mfa wʼakoa nkɔ atemmuo mu, na ɔteasefoɔ biara ntene wɔ wʼanim.
তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
3 Ɔtamfoɔ no taa me, ɔbɔ me hwe fam; ɔma me tena esum mu te sɛ wɔn a wɔawuwu dadaada.
শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
4 Ɛno enti me honhom atɔ piti wɔ me mu; na mʼakoma aba mu abu wɔ me mu.
সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
5 Mekae tete nna no; medwendwene wo nnwuma ne deɛ wo nsa ayɛ nyinaa ho.
মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
6 Mepagya me nsa kyerɛ wo; wo ho sukɔm de me kra sɛ asase wesee.
মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। (চেলা)
7 Ao Awurade, gye me so ntɛm; me honhom tɔ piti. Mfa wʼanim nhinta me anyɛ saa a, mɛyɛ sɛ wɔn a wɔkɔ amena mu no.
হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
8 Ma mente wʼadɔeɛ a ɛnsa da no ho asɛm daa anɔpa, na mede me ho ato wo so. Kyerɛ me ɛkwan a memfa so, na wo na mema me kra so kyerɛ.
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
9 Ao Awurade gye me firi mʼatamfoɔ nsam, na wo mu na mede me ho hinta.
হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
10 Kyerɛ me na menyɛ wʼapɛdeɛ, na wo ne me Onyankopɔn; ma wo honhom pa no nni me ɛkan wɔ asase tamaa so.
১০তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
11 Ao Awurade, wo din enti, kyɛe me nkwa so; wo tenenee mu, yi me firi ɔhaw mu.
১১হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
12 Wɔ wʼadɔeɛ a ɛnsa da no mu, yi mʼatamfoɔ hɔ; na sɛe wɔn a wɔkyiri me nyinaa, na meyɛ wo ɔsomfoɔ.
১২তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।

< Nnwom 143 >