< Nnwom 102 >

1 Aberanteɛ mmɔborɔni mpaeɛbɔ. Ɛberɛ a ne home te no na ɔka nʼahometesɛm kyerɛ Awurade. Ao Awurade tie me mpaeɛbɔ; na ma me mmoa ho sufrɛ nnuru wʼanim.
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
2 Mfa wʼanim nhinta me ɛberɛ a mewɔ ahohiahia mu. Brɛ wʼaso ase ma me; na sɛ mesu mefrɛ wo a, gye me so ntɛm.
সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
3 Me nkwa nna reyera te sɛ wisie; me nnompe hyehye te sɛ egya.
কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
4 Mʼakoma aboto na akusa sɛ ɛserɛ; na me kɔn nnɔ aduane.
ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
5 Mʼapinisie denden enti maka honam ne nnompe.
মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
6 Mete sɛ ɛserɛ so patuo, te sɛ ɔpatuo a ɔte mmubuiɛ mu.
মই মৰুভূমিত বাস কৰা এটি ফেঁচাৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।
7 Meda hɔ a, mʼani gu so; mayɛ sɛ anomaa bi a ɔno nko ara si ɛdan atifi.
মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
8 Ɛda mu nyinaa mʼatamfoɔ bɔ me akutia. Wɔn a wɔdi me ho fɛ no bɔ me din de dome.
মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
9 Mede nsõ ayɛ mʼaduane na mede nisuo fra me nsuo mu
বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
10 ɛsiane wʼabufuhyeɛ denden no enti, woama me so, ayi me asi nkyɛn.
১০ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
11 Me nkwa nna te sɛ anwummerɛ sunsum; na mekusa sɛ ɛserɛ.
১১মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
12 Nanso, wo Awurade, woyɛ ɔhene daa daa; na wo din a ahyeta no te hɔ daa awoɔ ntoatoasoɔ nyinaa mu.
১২কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
13 Wobɛsɔre na woahunu Sion mmɔbɔ; berɛ aduru sɛ wohunu no mmɔbɔ; ɛberɛ a wohyɛeɛ no aso.
১৩তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
14 Nʼaboɔ som bo ma wʼasomfoɔ; ne mfuturo hyɛ wɔn awerɛhoɔ.
১৪তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
15 Amanaman no bɛsuro Awurade din; asase so ahemfo nyinaa bɛdi wʼanimuonyam ni.
১৫যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।
16 Awurade bɛkyekyere Sion bio, na wapue wɔ nʼanimuonyam mu.
১৬কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
17 Ɔbɛtie mmɔborɔfoɔ mpaeɛbɔ; na ɔremmu nʼani ngu wɔn sufrɛ so.
১৭সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
18 Montwerɛ yei mma nkyirimma, sɛdeɛ ɛbɛyɛ a wɔn a wɔnnya nwoo wɔn bɛkamfo Awurade;
১৮ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
19 “Awurade hwɛɛ fam firi ne kronkronbea wɔ soro hɔ; ɔfiri soro hwɛɛ asase,
১৯কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,
20 sɛdeɛ ɔbɛte nneduafoɔ apinisie na wagyaa wɔn a wɔabu wɔn kumfɔ no.”
২০যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
21 Enti, wɔbɛpae mu abɔ Awurade din wɔ Sion na wɔakamfo no wɔ Yerusalem,
২১চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
22 ɛberɛ a amanaman ne ahennie ahodoɔ bɛhyiam na wɔasom Awurade.
২২যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।
23 Ɔmaa me yɛɛ mmerɛ wɔ ɛberɛ a merenyini. Ɔtwaa me nkwa nna so.
২৩জীৱন পথৰ মাজতেই যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
24 Enti mekaa sɛ, “Ao me Onyankopɔn, mfa me nkɔ, wɔ me nkwa nna mfimfini; wo mfeɛ wɔ hɔ daa kɔduru awoɔ ntoatoasoɔ nyinaa mu.
২৪সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
25 Ahyɛaseɛ no, wotoo asase fapem, na ɔsoro yɛ wo nsa ano adwuma.
২৫অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।
26 Ne nyinaa bɛtwam, na wo deɛ, wobɛtena hɔ daa; wɔbɛtete te sɛ atadeɛ. Wobɛsesa wɔn te sɛ ntoma na wɔbɛto wɔn agu.
২৬সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব।
27 Nanso, wote sɛdeɛ woteɛ, na wo mfeɛ to rentwa da.
২৭কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
28 Wʼasomfoɔ mma bɛtena nkwa mu wɔ wʼanim; na wɔn asefoɔ ase bɛtim wɔ wʼanim.”
২৮তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।

< Nnwom 102 >