< Mmɛbusɛm 19 >

1 Ohiani a ne nanteɛ ho nni asɛm no yɛ sene ɔkwasea a nʼasɛm mfa ɛkwan mu.
নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
2 Mmɔdemmɔ a nimdeɛ nka ho no nyɛ, saa ara na ntɛmpɛ a ɛma obi yera ɛkwan nso nyɛ.
জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।
3 Onipa agyimisɛm sɛe nʼabrabɔ, nanso nʼakoma huru tia Awurade.
মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
4 Ahonya frɛfrɛ nnamfonom bebree; nanso ohiani adamfo gya no hɔ.
ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
5 Adansekurumni bɛnya nʼakatua, na deɛ ɔtwa nkontompo remfa ne ho nni.
মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
6 Nnipa pii pɛ adom firi sodifoɔ nkyɛn, na deɛ ɔkyɛ adeɛ yɛ obiara adamfo.
অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
7 Ohiani abusuafoɔ nyinaa po no, na saa ara na ne nnamfonom po no! Mpo ɔhwehwɛ wɔn pɛ sɛ ɔpa wɔn kyɛw, nanso ɔnhunu wɔn baabiara.
যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
8 Deɛ ɔnya nyansa no dɔ ne kra; deɛ ɔpɛ nhunumu no nya nkɔsoɔ.
যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়।
9 Adansekurumni bɛnya asotwe, na deɛ ɔtwa nkontompo no bɛyera.
মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
10 Akɛsesɛm mfata ɔkwasea, anaasɛ akoa bɛdi mmapɔmma so!
১০অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!
11 Onipa nyansa ma no ntoboaseɛ; sɛ ɔbu nʼani gu mfomsoɔ bi so a ɛhyɛ no animuonyam.
১১মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
12 Ɔhene abufuo te sɛ gyata mmobom, na nʼadom te sɛ ɛserɛ so bosuo.
১২ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
13 Ɔba kwasea yɛ nʼagya ɔsɛeɛ, ɔyere ntɔkwapɛfoɔ te sɛ nsusosɔ a ɛntwa da.
১৩মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।
14 Afie ne ahonyadeɛ yɛ agyapadeɛ a ɛfiri awofoɔ, na ɔyere nimdefoɔ firi Awurade.
১৪ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
15 Akwadworɔ de nnahɔɔ ba, na ɛkɔm de ɔkwadwofoɔ.
১৫এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
16 Deɛ ɔdi nkyerɛkyerɛ so no bɔ ne nkwa ho ban, na deɛ ɔgyaagyaa ne ho no bɛwu.
১৬যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব।
17 Deɛ ɔyɛ adɔeɛ ma ohiani no yɛ de fɛm Awurade, na ɔbɛtua no deɛ ɔyɛ no so ka.
১৭যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
18 Tene wo ba, na ɛno mu na anidasoɔ wɔ, na ɛnyɛ wɔn a wɔde no kɔ owuo mu no mu baako.
১৮আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
19 Ɛsɛ sɛ onipa a nʼakoma ha no no tua so ka; sɛ woka ma no a wobɛyɛ bio.
১৯অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
20 Tie afotuo na gye nkyerɛkyerɛ to mu, na awieeɛ no, wobɛhunu nyansa.
২০তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
21 Nhyehyɛeɛ bebree wɔ onipa akoma mu, nanso deɛ Awurade pɛ no na ɛba mu.
২১মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
22 Deɛ onipa pɛ ne nokorɛ dɔ; ɛyɛ sɛ wobɛyɛ ohiani sene sɛ wobɛyɛ ɔtorofoɔ.
২২আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
23 Awurade suro kɔ nkwa mu; na onipa de abotɔyam home a ɔhaw bi nni mu.
২৩যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব।
24 Ɔkwadwofoɔ nsa ka ayowaa mu na ɔremma so mpo nkɔ nʼano!
২৪এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব।
25 Twa ɔfɛdifoɔ mmaa, na atetekwaa bɛfa adwene; ka deɛ ɔwɔ nhunumu anim, na ɔbɛnya nimdeɛ.
২৫নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
26 Deɛ ɔbɔ nʼagya korɔno na ɔpamo ne maame no yɛ ɔba a ɔde aniwuo ne animguaseɛ ba.
২৬যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
27 Me ba, sɛ wogyae nkyerɛkyerɛ tie a, wobɛmane afiri nimdeɛ nsɛm ho.
২৭হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
28 Adansekurumni di atɛntenenee ho fɛw; na omumuyɛfoɔ ano mene bɔne.
২৮দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
29 Wɔasiesie asotwe ama fɛdifoɔ, ne mmaabɔ ama nkwaseafoɔ akyi.
২৯নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।

< Mmɛbusɛm 19 >