< 4 Mose 8 >

1 Awurade ka kyerɛɛ Mose sɛ,
যিহোৱাই মোচিক ক’লে,
2 “Ka kyerɛ Aaron sɛ, sɛ ɔsɔ nkanea nson a ɛwɔ kaneadua no so no a, ɔnsɔ no sɛdeɛ ɛbɛyɛ a, ɛbɛto ne hann no akɔ nʼanim.”
“তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”
3 Enti, Aaron yɛɛ saa.
তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে।
4 Kaneadua no ne nhwiren a wɔde asiesie nʼase ne ne mman no nyinaa, sikakɔkɔɔ a wɔaboro na wɔde yɛeɛ. Wɔyɛɛ no sɛdeɛ Awurade kyerɛɛ Mose sɛ wɔnyɛ no no.
সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।
5 Afei, Awurade ka kyerɛɛ Mose sɛ,
যিহোৱাই মোচিক পুনৰায় ক’লে,
6 “Yi Lewifoɔ no firi Israelfoɔ no mu na te wɔn ho.
“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা।
7 Fa ahodwira nsuo pete wɔn so. Ma wɔnyi wɔn ho nwi nyinaa, na wɔnsi wɔn nneɛma nyinaa, afei wɔn ho bɛte.
তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।
8 Afei, ma wɔmfa nantwinini ba ne aduane afɔrebɔdeɛ a ɛyɛ asikyiresiam a wɔayam no muhumuhu a wɔde ngo afra a nantwinini ba baako ka ho a wɔde no bɛbɔ bɔne ho afɔdeɛ mmra.
তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।
9 Afei, frɛ Israelfoɔ no nyinaa hyia na fa Lewifoɔ no bra Ahyiaeɛ Ntomadan no ɛpono ano.
তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
10 Ɛhɔ, wɔ Awurade anim, mpanimfoɔ a wɔtuatua mmusuakuo no ano no de wɔn nsa bɛgu wɔn so
১০তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব।
11 na Aaron ayɛ nsɛnkyerɛnneɛ bi sɛ ɔde wɔn rema Awurade sɛ akyɛdeɛ a ɛfiri Israel manfoɔ nyinaa nkyɛn. Lewifoɔ bɛsi nnipa no nyinaa anan asom Awurade.
১১ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
12 “Afei, Lewifoɔ mpanimfoɔ no de wɔn nsa bɛgu nantwie mma no apampam na wɔde wɔn ama Awurade. Wɔde baako bɛbɔ bɔne ho afɔdeɛ na wɔde baako nso abɔ ɔhyeɛ afɔdeɛ de ayɛ mpatadeɛ ama Lewifoɔ no.
১২পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
13 Afei, wɔde Lewifoɔ no bɛma Aaron ne ne mma te sɛ deɛ wɔde afɔrebɔdeɛ biara fa asɔfoɔ so de ma Awurade no.
১৩এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
14 Monam saa ɛkwan yi so bɛyi Lewifoɔ no afiri Israelfoɔ no mu ama me, na wɔayɛ me dea.
১৪এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।
15 “Sɛ mote wɔn ho na mofa saa ɛkwan yi so de wɔn ma me a, afei, wɔbɛdi ahyɛnfirie wɔ Ahyiaeɛ Ntomadan no mu, adi wɔn dwuma.
১৫তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।
16 Israelfoɔ mu nyinaa, wɔn na wɔyɛ me nkurɔfoɔ, na magye wɔn atom asi Israelfoɔ mmakan nyinaa anan. Mafa Lewifoɔ no sɛ wɔn ananmusifoɔ.
১৬তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।
17 Ɛfiri sɛ, Israelfoɔ mmakan nyinaa yɛ me dea—nnipa ne mmoa nyinaa. Anadwo a mekumm Misraimfoɔ mmakan nyinaa no ara na mefaa wɔn de wɔn yɛɛ me nkurɔfoɔ.
১৭কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
18 Mafa Lewifoɔ no asi Israelfoɔ mmakan nyinaa anan mu.
১৮এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।
19 Na mede Lewifoɔ no bɛkyɛ Aaron ne ne mmammarima. Lewifoɔ no na wɔbɛyɛ Ahyiaeɛ Ntomadan no mu nnwuma kronkron a anka ɛsɛ sɛ Israelfoɔ no na wɔyɛ, na wɔn na wɔbɛbɔ afɔdeɛ ama nkurɔfoɔ de ayɛ mpatadeɛ ama wɔn. Ɔyaredɔm biara renka Israelfoɔ no, nanso sɛ nnipa afoforɔ biara kɔ Ahyiaeɛ Ntomadan no mu a, wɔbɛyareyare.”
১৯আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”
20 Enti, Mose ne Aaron ne Israelfoɔ no nyinaa faa ɛkwan a Awurade kyerɛɛ Mose no so pɛpɛɛpɛ de Lewifoɔ no maa Awurade.
২০মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
21 Lewifoɔ no dwiraa wɔn ho, sii wɔn nneɛma ɛnna Aaron de wɔn hyɛɛ Awurade nsa. Ɔyɛɛ wɔn ho mpatadwuma de tee wɔn ho.
২১লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
22 Ɛno akyi, wɔkɔɔ Ahyiaeɛ Ntomadan no mu sɛ Aaron ne ne mmammarima aboafoɔ. Wɔyɛɛ biribiara sɛdeɛ Awurade hyɛɛ Mose sɛ wɔnyɛ no.
২২তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।
23 Awurade ka kyerɛɛ Mose sɛ,
২৩পাছত যিহোৱাই পুনৰায় মোচিক কলে,
24 “Sɛ Lewini biara di mfeɛ aduonu enum a, ma no mfiri aseɛ nsom wɔ Ahyiaeɛ Ntomadan mu,
২৪“লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব।
25 na wɔdi mfeɛ aduonum a, wɔapɔn wɔn ho.
২৫আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।
26 Sɛ wɔpɔn wɔn ho a, wɔtumi di dwuma nketenkete wɔ Ahyiaeɛ Ntomadan mu hɔ. Wɔrenyɛ nnwuma a daa ɛbɛgye wɔn berɛ.”
২৬তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”

< 4 Mose 8 >