< 4 Mose 5 >

1 Yei ne mmara a Awurade sane hyɛ maa Mose:
তাৰ পাছত যিহোৱাই মোচিক কলে,
2 “Ka kyerɛ Israelfoɔ no sɛ, ɛsɛ sɛ wɔpam akwatafoɔ nyinaa firi atenaeɛ hɔ. Wɔn a ekuro atutu wɔn ne wɔn a wɔde wɔn nsa akɔka efunu enti wɔn ho agu fi nyinaa no, ɛsɛ sɛ wɔpam wɔn.
“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
3 Mmarima ne mmaa nyinaa ka ho. Yi wɔn nyinaa firi hɔ sɛdeɛ ɛbɛyɛ na atenaeɛ hɔ a me ne mo bɛtena no ho rengu fi”.
তোমালোকে পুৰুষহে হওঁক বা স্ত্ৰীয়ে হওঁক, দুয়োকো ছাউনিৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্রকাৰে ছাউনিবোৰ অশুচি নকৰে সেই বাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ।”
4 Wɔdii Awurade mmara no so.
তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে।
5 Afei, Awurade ka kyerɛɛ Mose sɛ,
যিহোৱাই মোচিক পুনৰায় ক’লে,
6 “Ka kyerɛ Israelfoɔ no sɛ, sɛ ɔbarima o, ɔbaa o, ɔdi Awurade hwammɔ a, ɛyɛ bɔne.
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়।
7 Ɛsɛ sɛ ɔka ne bɔne na adeɛ a ɔwiaeɛ no, ɔtua ho ka nyinaa na ɔsane de ɛho ka no nkyɛmu ɔha mu aduonu ka ho de ma onipa ko a ɔbɔɔ no korɔno no.
তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।
8 Na sɛ onipa ko a ɔyɛɛ no bɔne no awu na ɔnni obusuani biara a ɔbɛn no a wɔbɛtua ho ka ama no no a, ɛsɛ sɛ, sɛ ɔtua ka no ma ɔsɔfoɔ a, odwennini ka ho sɛ mpatadeɛ. Ɛyɛ Awurade dea.
আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব।
9 Akyɛdeɛ kronkron a Israelfoɔ de bɛkyɛ ɔsɔfoɔ no yɛ ne dea.
আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব।
10 Ɔsɔfoɔ biara bɛfa akyɛdeɛ kronkron biara a ne nsa bɛka.”
১০প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”
11 Awurade ka kyerɛɛ Mose sɛ,
১১যিহোৱাই মোচিক আকৌ কলে,
12 “Ka kyerɛ Israelfoɔ no sɛ, sɛ ɔbarima bi yere kɔbɔ adwaman
১২“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;
13 nanso ɔnhunu asɛm no mu nokorɛ na ɔnnya ɔdanseni
১৩অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই,
14 na ɔtwe ho ninkunu na ɔnte ne ho ase a,
১৪আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে।
15 ɔbarima no de ne yere no bɛkɔ ɔsɔfoɔ anim a ɔbaa no ho afɔrebɔdeɛ a ɛyɛ atokosiam a wɔmfaa ohwam ngo mfraeɛ lita mmienu ka ho. Ɛfiri sɛ, ɛyɛ ninkuntwe afɔrebɔ. Ɛno na ɛbɛma nokorɛ ada adie ama wɔahunu sɛ ɔbaa no di fɔ anaa ɔdi bem.
১৫তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।
16 “Ɔsɔfoɔ no de ɔbaa no bɛba Awurade anim,
১৬তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব।
17 na wasa Ahyiaeɛ Ntomadan no mu mfuturo de afra nsuo kronkron a ɛgu asansuo kɛseɛ bi mu no.
১৭আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।
18 Ɔbɛsane ne ti a wakyekyere no na ɔde ninkunu afɔrebɔdeɛ no agu ne nsam de ahwɛ sɛ ɔbarima no nsusuiɛ no yɛ nokorɛ ampa ara anaasɛ ɛnyɛ nokorɛ. Ɔsɔfoɔ no bɛgyina nʼanim a ɔkura nsuo nwononwono a ɛde mmusuo ba no.
১৮পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব।
19 Ɔbɛma no aka ntam sɛ ɔnnim asɛm no ho hwee na waka akyerɛ no sɛ, sɛ wo ne ɔbarima biara nnaeɛ ka wo kunu nko ara ho deɛ a, ɛnneɛ, wo ho nte mfiri nsuo nwononwono a ɛde mmusuo ba yi ho. Na sɛ woabɔ adwaman a, ɛnneɛ, Awurade bɛdome wo wɔ wo nkurɔfoɔ mu. Ɔbɛma wo srɛ aporɔ na wo yafunu ahono. Na ɔbaa no bɛka sɛ, ‘Aane, saa na ɛsɛ sɛ ɛba.’
১৯আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।
২০কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে,’
২১এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব;
২২আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’
23 “Ɔsɔfoɔ no bɛtwerɛ nnome yi nyinaa agu nwoma bi mu na wahohoro agu nsuo nwononwono no mu.
২৩পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব।
24 Sɛ ɛsɛ sɛ ɔbaa no nom nsuo no na sɛ ɔnom wɔ ɛberɛ a wayɛ bɔne a, ɛyɛ nwononwononwono wɔ ne mu.
২৪তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব।
25 Afei, ɔsɔfoɔ no bɛgye ninkunu afɔrebɔdeɛ no afiri ɔbaa no nsam na wahinhim no Awurade anim na ɔde akɔ afɔrebukyia no so.
২৫পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব।
26 Ɔbɛsa ne nsabuo ma de asi ne nyinaa anan na wahye no wɔ afɔrebukyia no so na wama ɔbaa no anom nsuo no.
২৬আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।
27 Sɛ ne ho agu fi na wabɔ adwaman no atia ne kunu a, nsuo a wanom no bɛyɛ nwononwononwono wɔ ne mu na ne yafunu ahono na ne srɛ aporɔ na wayɛ nnome wɔ ne nkurɔfoɔ mu.
২৭আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ’ব।
28 Sɛ ɔyɛ kronn a ɔmmɔɔ adwaman a, wɔrenha no, na ɛrenkyɛre, ɔbɛnyinsɛn.
২৮কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।
29 “Yei ne mmara a ɛfa ɔbaa a ne bra nyɛ na ne kunu twe ne ho ninkunu
২৯এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।
30 de hwehwɛ mu hunu sɛ ɔdi ne kunu nokorɛ anaa ɔnni no nokorɛ no ho. Ɔde no bɛba Awurade anim na ɔsɔfoɔ no adi dwuma a wɔabobɔ so no nyinaa.
৩০যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।
31 Wɔrenni ne kunu no asɛm wɔ baabiara sɛ wama yare bɔne bi aba ne yere so, ɛfiri sɛ, ɛyɛ ɔno ara na ɔma ɛbaa saa.”
৩১তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব’।”

< 4 Mose 5 >