< 3 Mose 15 >

1 Awurade ka kyerɛɛ Mose ne Aaron sɛ,
যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
2 “Monhyɛ saa mmara yi mma Israelfoɔ: ‘Ɔbarima biara a ne ho bɛsene aguo no, ne ho agu fi.
“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
3 Ɛberɛ a ne ho resene guo ne ɛberɛ a agyae no nyinaa ma ne ho gu fi.
সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
4 “‘Mpa a ɔbɛda so ne biribiara a ɔbɛtena so nso ho gu fi;
সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
5 enti obiara a ɔde ne ho ka ɔbarima no mpa ho gu fi kɔsi anwummerɛ, enti ɛsɛ sɛ ɔsi ne ntoma na ɔdware.
যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
6 Obiara a ɔbɛtena akonnwa a ɔbarima no atena so so ho gu fi kɔsi anwummerɛ, enti ɛsɛ sɛ ɔsi ne ntoma na ɔdware.
আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
7 “‘Saa mmara yi ka obiara a ɔde ne ho bɛka ɔbarima no.
আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
8 “‘Obiara a ɔbarima no bɛte ntasuo agu ne so no ho nte kɔsi anwummerɛ enti ɛsɛ sɛ onii no si ne ntoma na ɔdware.
সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
9 “‘Ɔpɔnkɔ adwa biara a ɔbɛtena so no ho agu fi.
আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
10 Obiara a ne ho bɛka biribiara a aka saa onipa no ase no ho nte kɔsi anwummerɛ, enti ɛsɛ sɛ ɔsi ne ntoma na ɔdware.
১০আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
11 “‘Sɛ onipa a ne ho nte no rekɔsɔ obi mu na wanhohoro ne nsa ansa a, ɛsɛ sɛ onipa ko no si ne ntoma, dware ne ho, ɛfiri sɛ, ne ho nte kɔsi anwummerɛ.
১১সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
12 “‘Sɛ saa onipa no sɔ ayowaa biara mu a, ɛsɛ sɛ wɔbɔ no na sɛ ɛyɛ mukaase biribi a wɔde dua na asene deɛ a, ɛsɛ sɛ wɔde nsuo hohoro ho.
১২আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
13 “‘Sɛ nʼahosene no twa a, ɛsɛ sɛ ɔde nnanson firi ahodwira ho ahosiesie ase na ɔsi ne ntoma na ɔkɔdware wɔ asubɔnten mu.
১৩পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
14 Ɛda a ɛtɔ so nwɔtwe no, ɔde nturukuku mmienu anaa mmorɔnoma mma mmienu bɛba Awurade anim wɔ Ahyiaeɛ Ntomadan no ano na ɔde ama ɔsɔfoɔ no.
১৪অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
15 Ɔsɔfoɔ no de wɔn bɛbɔ afɔdeɛ a baako yɛ bɔne ho afɔdeɛ na baako no nso yɛ ɔhyeɛ afɔdeɛ; na ɛkyerɛ sɛ, ɔsɔfoɔ no bɛyɛ mpatadeɛ wɔ Awurade anim ama ɔbarima no, ɛnam nʼahosene no enti.
১৫তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
16 “‘Sɛ ɔbarima biara ahobaa gu a, ɛsɛ sɛ ɔdware ne ho nyinaa, ɛfiri sɛ, ne ho nso nte kɔsi anwummerɛ.
১৬যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
17 Ntoma anaa mpasotam biara a ahobaa no bi bɛgu mu no, ɛsɛ sɛ wɔsi, ɛfiri sɛ, ɛho nte kɔsi anwummerɛ.
১৭আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
18 Sɛ ɔbarima fa ɔbaa a, wɔn nna no akyi, ɛsɛ sɛ ɔbaa no ne ɔbarima no nyinaa dware, ɛfiri sɛ, wɔn ho nte kɔsi anwummerɛ.
১৮আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
19 “‘Sɛ ɔbaa kɔ afikyire a, ne ho nte nnanson mu. Saa ɛberɛ no mu, obiara a ɔde ne ho bɛka no no nso ho nte kɔsi anwummerɛ.
১৯যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
20 “‘Biribiara a ɔbɛda so anaa ɔbɛtena so saa ɛberɛ no mu no nso ho agu fi.
২০আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
21 Obiara a ɔde ne nsa bɛka ne mpa anaa biribiara a ɔtena so no bɛsi ne ntoma, adware, ɛfiri sɛ, onii no ho agu fi kɔsi anwummerɛ.
২১আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
22 Sɛ obi sɔ biribi a watena so mu nso a, ɛsɛ sɛ ɔsi ne ntoma na ɔdware, ɛfiri sɛ, ne ho agu fi kɔsi anwummerɛ,
২২আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
23 sɛ ɛyɛ ne mpasotam anaa nʼakonnwa.
২৩আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
24 “‘Sɛ ɔbarima ne no da saa ɛberɛ yi mu a, ɔbarima no ho gu fi nnanson; na mpa biara a ɔbarima no bɛda so no nso ho gu fi.
২৪আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব।
25 “‘Sɛ ɛberɛ duru sɛ ɔfiri nanso mogya da so ba anaasɛ mogya ba ɛberɛ a ɛnsɛ mu wɔ bosome no mu a, mmara korɔ no ara na wɔde ka ho asɛm,
২৫আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
26 na ɛkyerɛ sɛ, biribiara a ɔbɛda so saa ɛberɛ no ho agu fi te sɛ deɛ nʼafikyikɔ berɛ mu ɔtena biribi so a, ɛho gu fi no ara pɛ.
২৬সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
27 Obiara a ɔde ne nsa bɛka ne mpa anaa biribiara a ɔtena so no ho agu fi a ɛsɛ sɛ ɔsi ne ntoma, sane dware, ɛfiri sɛ, ne ho nte kɔsi anwummerɛ.
২৭আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
28 “‘Nnanson akyi, sɛ afikyikɔ no twa a, na ɔnni efi mu bio.
২৮পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
29 Ɛda a ɛtɔ so nwɔtwe no, ɔde nturukuku mmienu anaa mmorɔnoma mma mmienu bɛkɔ akɔma ɔsɔfoɔ no wɔ Ahyiaeɛ Ntomadan no kwan ano
২৯পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
30 na ɔsɔfoɔ no de baako abɔ bɔne ho afɔdeɛ na ɔde baako abɔ ɔhyeɛ afɔdeɛ na ayɛ mpatadeɛ ama ɔbaa no wɔ Awurade anim wɔ nʼafikyikɔ no ho fi no ho.
৩০পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
31 “‘Saa ɛkwan yi so na sɛ Israelfoɔ no bi ho gu fi a, mobɛfa de ate wɔn ho anyɛ saa a, ɛsiane sɛ wɔagu mʼAhyiaeɛ Ntomadan a ɛsi wɔn mu no ho fi enti, wɔbɛwuwu.’”
৩১ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
32 Yeinom ne mmara a ɛwɔ hɔ ma ɔbarima a ne ho sene
৩২গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
33 ne ɔbaa a wakɔ afikyire ne obiara a ɔde ne ho ka ɔsakyimafoɔ wɔ ɛberɛ a ne ho nteɛ no mu no.
৩৩ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”

< 3 Mose 15 >