< Atemmufoɔ 7 >

1 Anɔpahema, Yerubaal (a ɔne Gideon) ne nʼakodɔm kɔɔ ara kɔsii Harod nsuo ho. Midian akodɔm nso bɔɔ dɔmpem wɔ atifi fam wɔ bɔnhwa bi a ɛbɛn More bepɔ no.
যিৰুব্বাল অর্থাৎ গিদিয়োন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰোদ এলেকাৰ জুৰিৰ ওচৰত ছাউনি পাতিলে; তেওঁলোকৰ উত্তৰফালে মোৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিদিয়নৰ আছিল।
2 Awurade ka kyerɛɛ Gideon sɛ, “Akofoɔ a wɔka wo ho no dɔɔso dodo. Sɛ mema mo nyinaa ko tia Midianfoɔ a, Israelfoɔ no bɛhoahoa wɔn ho akyerɛ me sɛ wɔn ara nam wɔn ahoɔden so na wɔgyee wɔn ho sii hɔ.
যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।
3 Ɛno enti, ka kyerɛ nnipa no sɛ, ‘Obiara a ɔyɛ tebɔɔ anaa ɔsuro no, ɔnyi ne ho mfiri mu na ɔnkɔ efie.’” Wɔn mu ɔpeduonu mmienu na wɔkɔɔ fie, ɛnna ɛkaa wɔn mu ɔpedu a wɔpɛɛ sɛ wɔbɛko.
সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”
4 Nanso, Awurade ka kyerɛɛ Gideon sɛ, “Wɔdɔɔso ara. Fa wɔn bra asuo no ho na mɛsa wɔn mu ayi wɔn a wo ne wɔn bɛkɔ ne wɔn a wɔne wo renkɔ.”
যিহোৱাই গিদিয়োনক ক’লে, “এতিয়াও লোকসকল অধিক আছে; তেওঁলোকক তুমি জুৰিৰ পানীলৈ নামি যাবলৈ কোৱা আৰু সেই ঠাইতে মই তোমাৰ হৈ তেওঁলোকৰ বাচনি কৰিম। যিজনৰ বিষয়ে মই তোমাক ক’ম এইজন লোক তোমাৰ লগত যাব, তেওঁ যাব; কিন্তু যদি মই কওঁ, এওঁ তোমাৰ লগত যাব নোৱাৰে, তেওঁ যাব নোৱাৰিব।”
5 Ɛberɛ a Gideon de nʼakofoɔ no kɔɔ nsuo no ho no, Awurade ka kyerɛɛ no sɛ, “Kyɛ nnipa no mu akuo mmienu. Fa nnipa a wɔbɔ nsuo gu wɔn nsam na wɔde wɔn tɛkrɛma tafere no sɛ nkraman no kɔ ekuo baako mu. Ekuo a ɛtɔ so mmienu no nso, fa wɔn a wɔbu nkotodwe de wɔn ano nom nsuo wɔ asuwa mu no hyɛ mu.”
তেতিয়া গিদিয়োনে লোকসকলক লৈ পানীৰ ওচৰলৈ নামি গ’ল। তাতে যিহোৱাই গিদিয়োনক ক’লে, “যি সকলে কুকুৰৰ নিচিনাকৈ জিভাৰে পানী চেলেকি খাব তেওঁলোকৰ পৰা যি সকলে পানী পিবৰ কাৰণে আঠু কাঢ়িব তেওঁলোকক পৃথক কৰা।”
6 Mmarima no mu ahasa pɛ na na wɔnom nsuo firi wɔn nsa mu. Wɔn a aka no nyinaa nso, na wɔbu nkotodwe de wɔn ano nom nsuo firi asuwa no mu.
তিনি শ মানুহে হাতেৰে মুখলৈ পানী তুলি চেলেকি খালে আৰু বাকী সকলোৱে পানী পিবলৈ আঁঠু কাঢ়ি ল’লে।
7 Awurade ka kyerɛɛ Gideon sɛ, “Menam saa mmarima ahasa yi so bɛgye mo, na mama moadi Midianfoɔ no so nkonim. Ma wɔn a aka no nyinaa nkɔ fie.”
তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”
8 Enti, Gideon gyegyee wɔn akwansoduane ne ntotorobɛnto firii akofoɔ no nkyɛn ma wɔkɔɔ fie. Ɛnna ɔmaa mmarima ahasa no kaa ne nkyɛn. Na Midianfoɔ no atenaeɛ wɔ bɔnhwa a ɛwɔ Gideon ase pɛɛ.
সেইদৰে গিদিয়োনে তিনি শ লোকক ৰাখি বাকী সকলো ইস্রায়েলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়োনে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু শিঙাবোৰ ৰাখি থলে। সেই সময়ত মিদিয়নীয়াৰ ছাউনি গিদিয়োনৰ ছাউনিৰ তলৰ উপত্যকাত আছিল।
9 Anadwo no, Awurade kaa sɛ, “Sɔre! Kɔ Midianfoɔ no atenaeɛ no mu wɔ aseɛ hɔ, na mɛma mo adi wɔn so nkonim!
সেইদিনা ৰাতি যিহোৱাই তেওঁক ক’লে, “উঠা! ছাউনি আক্রমণ কৰা। কিয়নো মই সেই ছাউনি তোমাৰ হাতত দিলোঁ।
10 Na sɛ wosuro sɛ wobɛkoto ahyɛ wɔn so a, wo ne wo ɔsomfoɔ Pura nkɔ hɔ.
১০যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ ছাউনিলৈ নামি যোৱা।
11 Tie deɛ Midianfoɔ no reka na ɛbɛhyɛ wo nkuran. Na wo ho bɛpere wo ama woato ahyɛ wɔn so.” Enti, Gideon faa Pura kaa ne ho ne no kɔɔ atamfoɔ no atenaeɛ no mfikyire.
১১সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।
12 Saa ɛberɛ no na Midianfoɔ, Amalekfoɔ ne nnipa no nkaeɛ a wɔfifiri apueeɛ fam no abɛyɛ bitibiti te sɛ ntutummɛ wɔ bɔnhwa no mu. Na wɔn nyoma nso dodoɔ te sɛ mpoano anwea. Wɔdɔɔso dodo!
১২সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।
13 Gideon weaweaa kɔduruu hɔ no, na ɔbarima bi reka ne daeɛ a ɔsoeɛ akyerɛ nʼadamfo bi sɛ, “Mesoo daeɛ na burodo kurukuruwa bi ate abɛhwe Midianfoɔ atenaeɛ. Ɛkɔpem ntomadan no bi na ɛbu faa so ma ɛkɔhwee ase!”
১৩গিদিয়োন যেতিয়া সেই ঠাইত উপস্থিত হ’ল, তেতিয়া এজন মানুহে নিজৰ লগৰীয়াক এটা সপোনৰ কথা কৈ আছিল। তেওঁ ক’লে, “মই এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে এটা যৱৰ পিঠা যেন বাগৰি বাগৰি মিদিয়নীয়াসকলৰ ছাউনিৰ ভিতৰত সোমাল। সেইটোৱে মিদিয়নীয়াসকলৰ তম্বুত আহি ইমান জোৰেৰে খুন্দা মাৰিলে যে তম্বুটো উলোটা হৈ চেপেটা খাই পৰিল।”
14 Nʼadamfo no kaa sɛ, “Wo daeɛ no kyerɛ adeɛ baako pɛ. Onyankopɔn de Midian ne ne mpamfoɔ nyinaa so nkonimdie ahyɛ Yoas babarima Gideon, Israelni no nsa.”
১৪লগৰীয়াজনে ক’লে, “এইটো ইস্ৰায়েলীয়া যোৱাচৰ পুত্ৰ গিদিয়োনৰ তৰোৱালৰ বাহিৰে আন একো নহয়; ঈশ্বৰে মিদিয়নীয়া আৰু তেওঁলোকৰ গোটেই সৈন্যক গিদিয়োনৰ হাতত তুলি দিছে।”
15 Ɛberɛ a Gideon tee daeɛ no ne nʼasekyerɛ no, ɔkoto sɔree Onyankopɔn. Ɔsane baa Israel atenaeɛ mu teaam sɛ, “Monsɔre! Awurade de Midianfoɔ ahyɛ mo nsa.”
১৫গিদিয়োনে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্রার্থনাত তেওঁৰ মূৰ দোঁ খালে। তাৰ পাছত তেওঁ ইস্ৰায়েলৰ ছাউনিলৈ উলটি আহি ক’লে, “উঠা! যিহোৱাই আপোনালোকৰ হাতত মিদিয়নীয়া সৈন্যক শোধাই দিছে।”
16 Ɔkyɛɛ mmarima ahasa no mu akuakuo mmiɛnsa. Ɔde ntotorobɛnto ne dɔteɛ kuruwa a ogyatɛn hyehyɛ mu maa wɔn.
১৬সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।
17 Afei, ɔka kyerɛɛ wɔn sɛ, “Monhwɛ me. Monni mʼakyi. Sɛ meduru atenaeɛ no mfikyire a, deɛ mɛyɛ biara no, monyɛ bi.
১৭তাৰ পাছত গিদিয়োনে তেওঁলোকক ক’লে, আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰোঁ, আপোনালোকেও তাক কৰিব। চাই থাকিব! মই যেতিয়া ছাউনিৰ কাষ পাম, মই কৰাৰ দৰেই আপোনালোকে কৰিব।
18 Sɛ me ne wɔn a wɔka me ho nyinaa hyɛn ntotorobɛnto no a, mo a moatwa atenaeɛ no ho ahyia no nyinaa, mo nso monhyɛn mo deɛ na monteam sɛ, ‘Yɛko ma Awurade ne Gideon.’”
১৮মই আৰু মোৰ সঙ্গীবোৰে শিঙা বজালে আপোনালোকেও গোটেই ছাউনিৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞঁৰি চিঞঁৰি ক’ব, “যিহোৱা আৰু গিদিয়োনৰ কাৰণে!”
19 Anadwo dasuo mu a wɔasesa awɛmfoɔ no awie pɛ, na Gideon ne mmarima ɔha a wɔka ne ho no kɔduruu Midianfoɔ atenaeɛ mfikyire. Mpofirim wɔhyɛnee wɔn ntotorobɛnto no, bobɔɔ dɔteɛ nkuruwa a na ɛhyehyɛ wɔn nsam no.
১৯মধ্যপ্ৰহৰৰ আৰম্ভণীতে মিদিয়নীয়াসকলে যেতিয়া সুৰক্ষাপ্রহৰীসকলৰ পাল সলনি কৰিছিল, ঠিক সেই সময়তে গিদিয়োন আৰু তেওঁৰ লগৰ এশ লোকে ছাউনিৰ কাষলৈ গ’ল। তেওঁলোকে শিঙাবোৰ বজাই নিজৰ নিজৰ হাতত থকা কলহবোৰ ভাঙি পেলালে।
20 Afei akuo mmiɛnsa no nyinaa hyɛnee wɔn ntotorobɛnto bobɔɔ wɔn nkuruwa. Na wɔkurakura ogyatɛn a ɛrederɛ no wɔ wɔn nsa benkum mu na wɔkurakura ntotorobɛnto wɔ wɔn nsa nifa mu, wɔteaam sɛ, “Awurade akofena yɛ Gideon akofena!”
২০এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোঁৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞঁৰি ক’বলৈ ধৰিলে, “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল”।
21 Ɔbarima biara gyinaa nʼafa wɔ atenaeɛ no ho, hwɛɛ Midianfoɔ no sɛ wɔabɔ huboa reteateam na wɔredwane.
২১গিদিয়োনৰ লোকসকল ছাউনিৰ চাৰিওফালে যেতিয়া নিজ নিজ ঠাইত থিয় হৈ থাকিল। তেতিয়া সকলো মিদিয়নীয়া সৈন্যই লৰা-ঢাপৰা কৰি চিঞঁৰি পলাবলৈ ধৰিলে।
22 Ɛberɛ a Israelfoɔ ahasa no hyɛnee wɔn ntotorobɛnto no, Awurade maa wɔn atamfoɔ akofoɔ a wɔwɔ atenaeɛ hɔ no twaa wɔn ho de akofena ne wɔn ho koeɛ. Wɔn a wɔanwu no dwane kɔduruu Bet-Sita a ɛbɛn Serera ne Abel-Mehola hyeɛ a ɛbɛn Tabat so.
২২তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।
23 Afei, Gideon soma kɔfaa Naftali, Aser ne Manase akofoɔ a wɔbɛboa ma wɔtaa Midian akodɔm a wɔredwane no.
২৩তেতিয়া নপ্তালী, আচেৰ, আৰু মনচি ফৈদৰ পৰা ইস্ৰায়েলৰ লোকসকল একগোট হৈ মিদিয়নীয়াসকলৰ পাছে পাছে খেদি গ’ল।
24 Gideon tuu abɔfoɔ kɔɔ Efraim mmepɔ aman no so kɔkaa sɛ “Mommra mmɛto nhyɛ Midianfoɔ so. Montware wɔn wɔ Yordan aworɔso a ɛwɔ Bet-Bera hɔ no.” Na Efraim mmarima no yɛɛ sɛdeɛ wɔka kyerɛɛ wɔn no.
২৪পাছত গিদিয়োনে ইফ্ৰয়িমৰ পাহাৰীয়া এলেকাৰ সকলো ফালে বার্তাবাহক পঠাই ক’লে, “আপোনালোক নামি আহঁক আৰু মিদিয়নৰ বিৰুদ্ধে আক্রমণ কৰক। মিদিয়নীয়াসকল গৈ পোৱাৰ আগেয়ে সিহঁতক ভেটিবলৈ বৈৎ-বাৰা পর্যন্ত আৰু যৰ্দ্দন নদী দখল কৰি লওঁক।” তেতিয়া ইফ্ৰয়িমৰ সকলো লোকে গোট খাই বৈৎ-বাৰালৈকে সকলো সৰু সৰু নদী আৰু যৰ্দ্দনৰ পাৰ-ঘাট দখল কৰি ল’লে।
25 Wɔkyeree Oreb ne Seeb a na wɔyɛ Midian asahene. Wɔkumm Oreb wɔ Oreb botan so ɛnna wɔkumm Seeb nso wɔ Seeb nsakyiamena ho. Na wɔkɔɔ so taa Midianfoɔ no. Akyire no, Israelfoɔ no de Oreb ne Seeb tiri no brɛɛ Gideon a na saa ɛberɛ no ɔwɔ Yordan ho no.
২৫তেওঁলোকে ওৰেব আৰু জেব নামৰ দুজন মিদিয়নীয়া নেতাক ধৰিলে; ওৰেবক ‘ওৰেবৰ শিলত’ বধ কৰিলে আৰু জেবক ‘জেবৰ দ্ৰাক্ষাগুটি মৰা ক্ষেত্র’ত বধ কৰিলে। তেওঁলোকে মিদিয়নীয়াসকলক খেদি পঠালে আৰু যৰ্দ্দনৰ সিপাৰে থকা গিদিয়োনৰ ওচৰলৈ ওৰেব আৰু জেবৰৰ মূৰ লৈ আহিল।

< Atemmufoɔ 7 >