< Atemmufoɔ 11 >
1 Gileadni Yefta yɛ ɔkofoɔ kɛseɛ. Nʼagya din de Gilead. Nanso ne maame yɛ ɔbaa dwamanfoɔ.
১সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
2 Gilead yere woo mmammarima bebree, na saa mmammarima no nyinyiniiɛ no, wɔpamoo Yefta firii asase no so. Wɔka kyerɛɛ no sɛ, “Worennya yɛn agya agyapadeɛ biara, ɛfiri sɛ, woyɛ ɔbaa dwamanfoɔ bi ba.”
২গিলিয়দৰ ভাৰ্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
3 Enti Yefta dwane firii ne nuanom nkyɛn kɔtenaa Tob asase so. Ankyɛre, ɔnyaa atuatefoɔ bebree bɛdii nʼakyi.
৩সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
4 Ɛberɛ korɔ yi ara, Amonfoɔ de ɔko bɛkaa Israel.
৪কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
5 Ɛberɛ a Amonfoɔ to hyɛɛ Israelfoɔ so, Gilead mpanimfoɔ soma kɔfaa Yefta firii Tob asase so baeɛ. Wɔka kyerɛɛ no sɛ,
৫যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
6 “Bra na bɛyɛ yɛn so ɔsahene! Boa yɛn ma yɛne Amonfoɔ nko.”
৬তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
7 Yefta bisaa wɔn sɛ, “Ɛnyɛ mo na motane me, pamoo me firii mʼagya fie no? Adɛn enti na afei a mowɔ ɔhaw mu no, morebɛfrɛ me?”
৭যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
8 Gilead mpanimfoɔ no ka kyerɛɛ Yefta sɛ, “Wo ho hia yɛn. Sɛ wodi yɛn anim ma yɛko tia Amonfoɔ a, yɛbɛyɛ wo Gileadfoɔ nyinaa sodifoɔ.”
৮গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
9 Yefta buaa sɛ, “Sɛ me ne mo kɔ na Awurade ma medi Amonfoɔ so nkonim a, ampa ara sɛ mode me bɛyɛ nnipa no nyinaa sodifoɔ anaa?”
৯তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
10 Gilead ntuanofoɔ no buaa no sɛ, “Awurade ne yɛn danseni. Yɛbɛyɛ sɛdeɛ woka biara.”
১০গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰোঁ, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক!”
11 Enti, Yefta ne ntuanofoɔ no kɔɔ Gilead. Na wɔde no yɛɛ wɔn sodifoɔ ne ɔsahene. Na Yefta tii nsɛm no nyinaa mu wɔ Mispa wɔ Awurade anim.
১১তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
12 Afei, Yefta somaa abɔfoɔ kɔɔ Amonfoɔ ɔhene nkyɛn sɛ wɔnkɔbisa no deɛ enti a ɔrebɛto ahyɛ Israel so.
১২তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
13 Amonfoɔ ɔhene buaa Yefta abɔfoɔ no sɛ, “Ɛberɛ a Israel firii Misraim baeɛ no, wɔfaa mʼasase a ɛfiri Asubɔnten Arnon de kɔsi Asubɔnten Yabok, toaso kɔsi Yordan. Enti, sane fa mʼadeɛ ma me asomdwoeɛ mu.”
১৩অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
14 Na Yefta sane somaa abɔfoɔ kɔɔ Amonfoɔ ɔhene hɔ sɛ,
১৪পুনৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
15 “Sɛdeɛ Yefta seɛ nie: Israel amfa Moab asase anaa Amonfoɔ asase biara.
১৫তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
16 Ɛberɛ a Israelfoɔ tuu kwan firii Misraim, twaa Ɛpo Kɔkɔɔ na wɔduruu Kades no,
১৬কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি চূফ সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
17 wɔsomaa abɔfoɔ kɔɔ Edomhene hɔ sɛ ɔmma wɔn ɛkwan na wɔmfa nʼasase no so. Nanso Edomhene ampene. Wɔsoma ma wɔkɔɔ Moabhene hɔ, nanso ɔno nso ampene. Enti, Israelfoɔ tenaa Kades.
১৭তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
18 “Ne korakora ne sɛ, wɔnam ɛserɛ so twa faa Edom ne Moab ho hyiaeɛ. Wɔfaa Edom apueeɛ fam hyeɛ so kyeree sraban wɔ Asubɔnten Arnon fa hɔ. Nanso, wɔantwa Asubɔnten Arnon ankɔ Moab asase so.
১৮তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
19 “Afei, Israelfoɔ somaa abɔfoɔ kɔɔ Amorifoɔhene Sihon a ɔdii adeɛ firi Hesbon na wɔbisaa ɛkwan sɛ wɔpɛ sɛ wɔfa nʼasase so kɔ baabi a wɔrekɔ.
১৯তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
20 Nanso, ɛsiane sɛ na ɔhene Sihon nni Israelfoɔ mu gyidie enti ɔboaboaa ne dɔm ano wɔ Yahas maa wɔto hyɛɛ wɔn so.
২০কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
21 “Na Awurade, Israel Onyankopɔn, maa ne nkurɔfoɔ dii ɔhene Sihon so. Enti, Israelfoɔ faa Amorifoɔ asase a na wɔte so wɔ ɔmantam no mu
২১তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
22 firi Asubɔnten Arnon de kɔsi Asubɔnten Yabok, firi ɛserɛ no so de kɔsi Yordan nyinaa dii so.
২২তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
23 “Enti, moahunu, ɛyɛ Awurade, Israel Onyankopɔn na ɔgyee asase no firii Amorifoɔ nsam na ɔde maa Israel. Enti, adɛn na ɛsɛ sɛ yɛde ma mo?
২৩এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
24 Deɛ mo nyame Kemos de maa mo no momfa, na yɛn nso, deɛ Awurade, yɛn Onyankopɔn de maa yɛn biara no yɛafa.
২৪আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
25 Mosene Sipor babarima Balak a na ɔyɛ Moabhene no? Ɔne Israel twee asase bi so manso anaa? Ɔkɔɔ ɔko anaa? Dabi.
২৫এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
26 Na afei, mfeɛ ahasa akyi, na woama saa asɛm yi so? Israel atena ha saa ɛberɛ tenten yi, wɔatrɛ afiri Hesbon asase so, akɔsi Aroer ne nkuro no nyinaa so, akɔfa Asubɔnten Arnon ano. Adɛn enti na dadaada yi moanyɛ mo adwene sɛ mobɛgye asase yi?
২৬তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
27 Menyɛɛ mo bɔne. Mmom, mo na moayɛ me bɔne sɛ moto hyɛɛ me so. Momma Awurade a ɔyɛ ɔtemmufoɔ no mmua ɛnnɛ, sɛ yɛn mu hwan na nʼasɛm yɛ dɛ? Israel anaa Amon.”
২৭এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
28 Nanso, Amonhene amfa Yefta asɛm no asɛmhia.
২৮তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
29 Saa ɛberɛ no, Awurade Honhom baa Yefta so ma ɔkɔɔ Gilead ne Manase nsase nyinaa so a, Mispa a ɛwɔ Gilead ka ho. Na ɔdii akodɔm anim to hyɛɛ Amonfoɔ so.
২৯তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
30 Na Yefta hyɛɛ Awurade bɔ. Ɔkaa sɛ, “Sɛ woma medi Amonfoɔ so a,
৩০যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোঁৱা,
31 mede adeɛ a ɛbɛdi ɛkan afiri me fie abɛhyia me ɛberɛ a mede nkonimdie reba no, bɛma Awurade. Mede bɛma no sɛ ɔhyeɛ afɔdeɛ.”
৩১তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
32 Ɛnna Yefta dii nʼakodɔm anim tiaa Amonfoɔ, na Awurade ma ɔdii nkonim.
৩২তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
33 Ɔdii Amonfoɔ so pasaa, sɛee nkuro bɛyɛ aduonu, firii Aroer de kɔsii baabi a ɛbɛn Minit, kɔeɛ ara kɔsii Abel-Keramim. Saa ɛkwan yi na Israelfoɔ faa so kaa Amonfoɔ hyɛeɛ.
৩৩তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
34 Ɛberɛ a Yefta firi akono kɔɔ ne fie wɔ Mispa no, ne babaa, a ɔyɛ ne ba korɔ no, tuu mmirika bɛhyiaa no a ɔrebɔ akasaeɛ, na anigyeɛ enti, ɔresa.
৩৪যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
35 Yefta hunuu no no, ɔde awerɛhoɔ sunsuanee ne ntadeɛ mu, teaam sɛ, “Ao, me ba, mʼakoma rete! Ɛdeɛn ahometesɛm sɛ woaba, rebɛhyia me. Na maka Awurade ntam na merentumi mmu so.”
৩৫যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
36 Ne babaa no buaa sɛ, “Mʼagya, woahyɛ Awurade bɔ. Yɛ me sɛdeɛ woahyɛ bɔ no, ɛfiri sɛ Awurade ama woadi wʼatamfoɔ a wɔyɛ Amonfoɔ no so nkonim.
৩৬তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
37 Nanso, deɛ ɛdi ɛkan no, ma memforo mmepɔ nkɔkyinkyini so na me ne me nnamfonom nsu abosome mmienu, ɛfiri sɛ, mɛwu sɛ ababaawa a menhunuu ɔbarima da.”
৩৭তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
38 Yefta ka kyerɛɛ no sɛ, “Wotumi kɔ.” Enti, ɔmaa no kɔ kɔdii abosome mmienu. Ɔne ne nnamfonom kɔɔ mmepɔ no so kɔsuiɛ, ɛfiri sɛ, ɔrennya mma.
৩৮যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
39 Ɛberɛ a ɔsane baa fie no, nʼagya dii ne bɔhyɛ so. Enti ɔwuu sɛ ababaawa a ɔnhunuu ɔbarima da. Yei abɛyɛ amanneɛ wɔ Israel
৩৯দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
40 ama Israel mmaabunu sɛ afe biara wɔbɛkɔ baabi akɔdi nna ɛnan na wɔakɔsu Yefta babaa no nkrabea.
৪০ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।