< Yosua 6 >
1 Wɔtotoo Yeriko apono mu pampee, ɛfiri sɛ na wɔsuro Israelfoɔ no. Wɔamma obiara ɛkwan ma wankɔ mu anaa wamfiri adi.
১সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল।
2 Awurade ka kyerɛɛ Yosua sɛ, “Mede Yeriko, ɛhɔ ɔhene ne ɛhɔ akofoɔ nyinaa ahyɛ wo nsa.
২পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।
3 Ma wʼasraadɔm no nyinaa mmɔ nsra ntwa kuropɔn no ho nhyia pɛnkorɔ ɛda biara nna nsia.
৩তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা।
4 Asɔfoɔ baason a obiara kura nnwennini abɛn bɛdi Adaka no anim. Ɛda a ɛtɔ so nson no, ɛsɛ sɛ mobɔ nsra twa kuropɔn no ho mprɛnson, a asɔfoɔ no rehyɛn nnwennini mmɛn no.
৪আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।
5 Sɛ mote sɛ asɔfoɔ no hyɛn mmɛn no dendeenden ma ɛkyɛre a, nnipa no nyinaa mmɔ nnye so. Afei kuropɔn no afasuo nyinaa bɛdwiri agu fam, na nnipa no bɛtumi ato ahyɛ kuropɔn no so.”
৫আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”
6 Na Yosua frɛɛ asɔfoɔ no ka kyerɛɛ wɔn sɛ, “Momfa Awurade Apam Adaka no na mo mu baason nni animu a obiara kura nnwennini abɛn.”
৬তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”
7 Enti, ɔhyɛɛ nnipa no sɛ, “Mommɔ nsra mfa kuropɔn no ho na wɔn a wɔkurakura akodeɛ no bɛdi Awurade adaka no anim.”
৭পাছত তেওঁ লোকসকলক ক’লে, “তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।”
8 Yosua kasa kyerɛɛ nnipa no wieeɛ no, asɔfoɔ baason a wɔkura nnwennini mmɛn no hyɛɛ aseɛ bɔɔ nsra wɔ Awurade anim a wɔrehyɛn mmɛn no. Na asɔfoɔ a wɔso Awurade Apam Adaka no dii wɔn akyi.
৮এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল।
9 Wɔn a wɔkurakura akodeɛ no bi bɔɔ nsra wɔ asɔfoɔ no a wɔrehyɛn mmɛn no anim, na ebi nso bɔɔ nsra wɔ asɔfoɔ a wɔso Adaka no akyi wɔ ɛberɛ a asɔfoɔ no gu so rehyɛn mmɛn no.
৯ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল।
10 Yosua hyɛɛ sɛ, “Monnteam na monnkasa mpo. Mommma asɛm biara mfiri mo anom, kɔsi sɛ mɛka akyerɛ mo sɛ monteam na moateam.”
১০তাৰ পাছত যিহোচূৱাই লোকসকলক আজ্ঞা দি ক’লে, “মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে, তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা, তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক; মই যিদিনা আজ্ঞা দিম, সেই দিনাহে তোমালোকে মহাধ্বনি কৰিবা।”
11 Enti, ɛda no, wɔsoaa Awurade Adaka no twaa kuropɔn no ho prɛko. Na afei obiara sane kɔɔ atenaeɛ hɔ kɔhomee anadwo no.
১১এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল।
12 Adeɛ kyeeɛ no, Yosua sɔree anɔpahema, na asɔfoɔ no soaa Awurade Adaka no bio.
১২তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷
13 Asɔfoɔ baason a wɔkurakura nnwennini mmɛn no bɔɔ nsra wɔ Awurade Adaka no anim wɔ ɛberɛ a wɔrehyɛn wɔn mmɛn. Wɔn a wɔkurakura akodeɛ no bi nso bɔɔ nsra wɔ asɔfoɔ a wɔkurakura mmɛn no anim ne Awurade Adaka no akyi. Saa ɛberɛ no nyinaa na asɔfoɔ no rehyɛne wɔn mmɛn no.
১৩মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল।
14 Ɛda a ɛtɔ so mmienu no, wɔbɔɔ nsra twaa kuropɔn no ho prɛko, na wɔsane kɔɔ atenaeɛ hɔ. Wɔkɔɔ so yɛɛ saa ara nnansia.
১৪তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে।
15 Ɛda a ɛtɔ so nson no, Israelfoɔ no sɔree anɔpahema, bɔɔ nsra twaa kuropɔn no ho hyiaeɛ, sɛdeɛ wɔayɛ dada no. Nanso, saa ɛberɛ yi deɛ, wɔbɔɔ nsra twaa kuropɔn no ho mprɛnson.
১৫পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে।
16 Ne mprɛnson so no, ɛberɛ a asɔfoɔ no hyɛnee wɔn mmɛn dendeenden ma ɛkyɛreeɛ no, Yosua hyɛɛ ɔmanfoɔ no sɛ, “Monteateam! Na Awurade de kuropɔn no ama mo!
১৬সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে।
17 Kuropɔn no ne emu nneɛma no, ɛsɛ sɛ mosɛe ne nyinaa sɛ afɔrebɔdeɛ ma Awurade. Odwamanfoɔ Rahab ne nʼafifoɔ nko na ɛsɛ sɛ wɔgyaa wɔn, ɛfiri sɛ, ɔbɔɔ akwansrafoɔ no ho ban.
১৭কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল।
18 Mommfa nneɛma a ɛsɛ sɛ wɔsɛe no no mu biara, sɛ mofa a, mo ankasa na wɔbɛsɛe mo korakora na mode ɔhaw bɛbrɛ Israel nyinaa.
১৮তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।
19 Biribiara a wɔde dwetɛ, sikakɔkɔɔ, kɔbere mfrafraeɛ anaa dadeɛ ayɛ no yɛ kronkron ma Awurade, enti ɛsɛ sɛ wɔde ba nʼadekoradan mu.”
১৯সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”
20 Ɛberɛ a nnipa no tee mmɛn no nnyegyeeɛ no, wɔteateaam dendeenden sɛdeɛ wɔbɛtumi. Prɛko pɛ Yeriko afasuo no dwiri guu fam maa Israelfoɔ no firi afanan nyinaa to hyɛɛ kuropɔn no so na wɔfaeɛ.
২০তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।
21 Wɔsɛee biribiara a ɛwɔ kuropɔn no mu pasaa, mmarima ne mmaa, mmɔfra ne mpanin, anantwie, nnwan, mfunumu ne biribiara.
২১তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে।
22 Afei, Yosua ka kyerɛɛ akwansrafoɔ baanu no sɛ, “Monni mo bɔhyɛ no so. Monkɔ odwamanfoɔ no fie na monkɔfa no ne nʼabusuafoɔ nyinaa mmra.”
২২তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।”
23 Mmeranteɛ no kɔfaa Rahab, nʼagya, ne maame, ne nuammarima ne abusuafoɔ a na wɔwɔ ne nkyɛn no nyinaa baeɛ. Wɔde abusuafoɔ no nyinaa kɔsiee baabi a ɔhaw biara nni hɔ na ɛbɛn Israelfoɔ atenaeɛ.
২৩তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ’ল।
24 Afei, Israelfoɔ no hyee kuropɔn no ne emu nneɛma nyinaa. Nneɛma a wɔanhye no yɛ deɛ wɔde dwetɛ, sikakɔkɔɔ, kɔbere mfrafraeɛ anaa dadeɛ ayɛ. Wɔde ne nyinaa kɔsiee Awurade fie adekoradan mu.
২৪আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
25 Enti, Yosua amfa ne nsa anka odwamanfoɔ Rahab ne nʼabusuafoɔ a na wɔka ne ho wɔ efie no, ɛfiri sɛ, ɔde akwansrafoɔ a Yosua somaa wɔn Yeriko no sieeɛ. Enti, ɔte Israelfoɔ mu bɛsi ɛnnɛ.
২৫কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।
26 Saa ɛberɛ no, Yosua kaa saa nnome nsɛm yi: “Awurade nnome mmra obiara a ɔyɛ nʼadwene sɛ ɔbɛkyekyere Yeriko kuropɔn no bio. “Ɔde nʼabakan na ɛbɛhyɛ aseɛ, na ɔde nʼakumaa na ɛbɛsisi ano apono.”
২৬সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”
27 Na Awurade kaa Yosua ho na ne din hyetaa asase no so nyinaa.
২৭এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই কনান দেশত বিয়পি গ’ল।