< Hesekiel 20 >

1 Afe a ɛtɔ so nson no bosome enum no ɛda a ɛtɔ so edu no, Israel mpanimfoɔ no mu bi bɛbisaa Awurade hɔ adeɛ, na wɔtenatenaa mʼanim.
আমাৰ নিৰ্বাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
2 Na Awurade asɛm baa me nkyɛn sɛ:
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
3 “Onipa ba, kasa kyerɛ Israel mpanimfoɔ no sɛ: ‘Yei ne deɛ Otumfoɔ Awurade seɛ: Moaba sɛ morebɛbisa me nkyɛn adeɛ anaa? Sɛ mete ase yi, meremma mo ɛkwan mma mommisa me nkyɛn mmoa, Otumfoɔ Awurade na ɔseɛ.’
“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মোক সুধিবলৈ আহিছা নে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ’!” এইদৰে প্ৰভু যিহোৱাই কৈছে।
4 “Bu wɔn atɛn. Bu wɔn atɛn, onipa ba. Fa wɔn agyanom akyiwadeɛ a wɔyɛeɛ no si wɔn anim
“হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা!
5 na ka kyerɛ wɔn sɛ: ‘Yei ne deɛ Otumfoɔ Awurade seɛ: Ɛda a meyii Israel no, memaa me nsa so kaa ntam kyerɛɛ Yakob efie asefoɔ na meyii me ho adi kyerɛɛ wɔn wɔ Misraim. Memaa me nsa so ka kyerɛɛ wɔn sɛ, “Mene Awurade, mo Onyankopɔn.”
তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তান সকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলোঁ ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ -
6 Saa ɛda no, mekaa wɔn ntam sɛ mɛyi wɔn afiri Misraim na mede wɔn aba asase a mahwehwɛ ama wɔn, asase a ɛwoɔ ne nufosuo sene wɔ so, asase nyinaa mu deɛ ɛyɛ papa paa.
সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
7 Na meka kyerɛɛ wɔn sɛ, “Mo mu biara nto nsɛsodeɛ tantan a mode mo ani asi soɔ no ntwene na mommfa Misraim ahoni no ngu mo ho fi, mene Awurade, mo Onyankopɔn.”
মই তেওঁলোকক কৈছিলোঁ, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
8 “‘Nanso wɔyɛɛ dɔm tiaa me na wɔantie me; Wɔantoto nsɛsodeɛ tantan no a wɔde wɔn ani asi soɔ no angu, na wɔannyae ahoni a ɛfiri Misraim no akyiri die. Enti mekaa sɛ mɛhwie mʼabufuhyeɛ agu wɔn so de awie mʼabufuo wɔ wɔn so wɔ Misraim.
কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
9 Nanso me din enti, meyɛɛ deɛ ɛmma wɔngu me ho fi wɔ amanaman a wɔtete mu no anim, aman a meyii me ho adi kyerɛɛ Israelfoɔ wɔ mu, de yii wɔn firii Misraim no.
কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য কৰিলোঁ।
10 Enti medii wɔn anim firii Misraim, de wɔn baa ɛserɛ no so.
১০মই তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।
11 Mede me nhyehyɛeɛ maa wɔn na me ma wɔhunuu me mmara, ɛfiri sɛ obiara a ɔdi soɔ no nam so bɛnya nkwa.
১১তেতিয়া যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ।
12 Na mede me home nna maa wɔn sɛ ɛnyɛ nsɛnkyerɛnneɛ wɔ yɛn ntam, sɛdeɛ wɔbɛhunu sɛ me Awurade na meyɛɛ wɔn kronkron.
১২ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
13 “‘Nanso, Israelfoɔ tee mʼanim atua wɔ ɛserɛ no so. Wɔanni me nhyehyɛeɛ so, na wɔpoo me mmara no, nanso onipa a ɔbɛdi soɔ no bɛnya nkwa wɔ wɔn mu, na wɔguu me home nna ho fi koraa. Enti mekaa sɛ mɛhwie mʼabufuhyeɛ agu wɔn so na masɛe wɔn wɔ ɛserɛ no so.
১৩কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
14 Nanso, me din enti, meyɛɛ deɛ ɛmma ho ɛkwan ma wɔnngu me ho fi wɔ amanaman a meyii wɔn firii so no ani so.
১৪কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ।
15 Afei memaa me nsa so kaa ntam wɔ ɛserɛ no so sɛ meremfa wɔn nkɔ asase a mede ama wɔn no so, asase a ɛwoɔ ne nufosuo sene soɔ, nsase nyinaa mu deɛ ɛyɛ pa ara no,
১৫ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।
16 ɛfiri sɛ, wɔpoo me mmara, wɔanni mʼahyɛdeɛ so na wɔguu me home nna ho fi, ɛsiane sɛ na wɔn akoma da wɔn ahoni no so.
১৬কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
17 Nanso mehunuu wɔn mmɔbɔ, na mansɛe wɔn, na mantɔre wɔn ase wɔ ɛserɛ no so.
১৭তথাপি মই তেওঁলোকলৈ কৃপাদৃষ্টি কৰি তেওঁলোকক বিনষ্ট নকৰিলোঁ আৰু অৰণ্যত তেওঁলোকক নিঃশেষে সংহাৰ নকৰিলোঁ।
18 Meka kyerɛɛ wɔn mma wɔ ɛserɛ no so sɛ, “Monnni mo agyanom ahyɛdeɛ ne wɔn mmara so, na mommfa wɔn ahoni ngu mo ho fi.
১৮আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকে নিজক অশুচি নকৰিবা।
19 Mene Awurade, mo Onyankopɔn; monni mʼahyɛdeɛ so na monhwɛ yie nni me mmara so.
১৯ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা! মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য কৰা!
20 Monyɛ me home nna kronkron na ɛnyɛ nsɛnkyerɛnneɛ wɔ me ne mo ntam. Afei mobɛhunu sɛ mene Awurade, mo Onyankopɔn no.”
২০আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।
21 “‘Nanso mma no yɛɛ dɔm tiaa me. Wɔanni mʼahyɛdeɛ so, na wɔanhwɛ anni me mmara so, deɛ onipa di so a ɔbɛnya nkwa no. Wɔguu me home nna ho fi. Enti mekaa sɛ mɛhwie mʼabufuhyeɛ agu wɔn so de awie mʼabufuo a ɛtia wɔn wɔ ɛserɛ no so.
২১তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
22 Nanso metwentwɛn so, na me din enti, meyɛɛ deɛ amma ɛho ngu fi wɔ aman a meyii wɔn firii so no ani so.
২২তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ।
23 Memaa me nsa so kaa ntam wɔ ɛserɛ no so sɛ mɛhwete wɔn wɔ amanaman no so na mabɔ wɔn apansam wɔ nsase no so,
২৩ইয়াৰ উপৰিও, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ।
24 ɛfiri sɛ, wɔanni me mmara so, na mmom wɔpoo mʼahyɛdeɛ guu me home nna ho fi, na wɔn ani kɔdii wɔn agyanom ahoni akyi.
২৪কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্রতিমাবোৰত আসক্ত থাকিল।
25 Bio, mede wɔn hyɛɛ nhyehyɛeɛ a ɛnyɛ, ne mmara a ɛde asotwe mmom na ɛbɛba wɔn so, na ɛnyɛ nkwa;
২৫ইয়াৰ উপৰিও, যি বিধি ভাল নহয় আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁলোকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁলোকক দিলোঁ।
26 memaa ho ɛkwan ma wɔde wɔn ayɛyɛdeɛ a ɛyɛ wɔn abakan bɔɔ afɔdeɛ de guu wɔn ho fi, sɛdeɛ mede ahodwirie bɛhyɛ wɔn ma ama wɔahunu sɛ me ne Awurade.’
২৬মই যে যিহোৱা, ইয়াক যেন তেওঁলোকে জানিব, এই কাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোঁৱাৰ দ্বাৰাই, তেওঁলোকক, তেওঁলোকৰ উপহাৰেৰে অশুচি কৰিলোঁ।
27 “Enti, onipa ba, kasa kyerɛ Israelfoɔ, ka kyerɛ wɔn sɛ, ‘Deɛ Otumfoɔ Awurade seɛ nie: Na yei mu nso, mo agyanom poo me na wɔnam so kaa abususɛm tiaa me:
২৭এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে;
28 Mede wɔn baa asase a maka ntam sɛ mede bɛma wɔn no so no, wɔbɔɔ afɔdeɛ, yɛɛ afɔrebɔdeɛ maa kokoɔ biara a ɛkorɔn anaa dua biara a ɛso wɔ nhahan de hyɛɛ me abufuo; wɔde nnuhwam maeɛ na wɔhwiee ahwiesa maa wɔn.
২৮কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
29 Na mebisaa wɔn sɛ: Ɛhe ne saa sorɔnsorɔmmea a mokɔ hɔ yi?’” (Wɔfrɛ hɔ Bama de bɛsi ɛnnɛ.)
২৯তেতিয়া মই তেওঁলোকক কলোঁ, ‘যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” নামেৰে প্ৰসিদ্ধ”।’
30 “Enti ka kyerɛ Israel efie sɛ: ‘Yei ne deɛ Otumfoɔ Awurade seɛ: Mobɛgu mo ho fi sɛdeɛ mo agyanom yɛeɛ na mo kɔn dɔ wɔn ahoni tantan no anaa?
৩০এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁলোকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?
31 Sɛ mode mo ayɛyɛdeɛ a ɛyɛ mo mmammarima bɔ afɔdeɛ wɔ ogya so ma mo ahoni a, ɛnneɛ mokɔ so de mo ahoni nyinaa gu mo ho fi bɛsi ɛnnɛ. Memma mommɛbisa me hɔ adeɛ anaa, Ao Israel efie? Ampa ara, sɛ mete ase yi, Otumfoɔ Awurade asɛm nie, meremma mommmisa me hɔ adeɛ.
৩১আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’”
32 “‘Moka sɛ, “Yɛpɛ sɛ yɛyɛ sɛ aman no, te sɛ ewiasefoɔ a wɔsom nnua ne aboɔ no.” Nanso deɛ ɛwɔ mo adwene mu no rensi da.
৩২আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’
33 Sɛ mete ase yi, Otumfoɔ Awurade asɛm nie, mede nsa a ɛyɛ den, basa a wɔatene mu ne abufuhyeɛ a wɔahwie agu bɛdi mo so.
৩৩“প্ৰভু যিহোৱাই কৈছে”, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।
34 Mede mo bɛfiri amanaman no so, na maboaboa mo ano afiri nsase a wɔapete mo wɔ so no; mede nsa a ɛyɛ den ne abasa a wɔatene mu ne abufuhyeɛ a wɔahwie agu na ɛbɛyɛ.
৩৪পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।
35 Mede mo bɛba amanaman no ɛserɛ so, na ɛhɔ na mɛbu mo atɛn animu ne animu.
৩৫মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।
36 Sɛdeɛ mebuu mo agyanom atɛn wɔ Misraim ɛserɛ soɔ no, saa ara na mɛbu mo atɛn, Otumfoɔ Awurade asɛm nie.
৩৬প্ৰভু যিহোৱাই কৈছে, “মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।
37 Mɛma moafa mʼabaa no ase na mahunu mo yie na mede mo aba apam no nkyehoma ase.
৩৭আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
38 Mɛsa mo mu ayi wɔn a wɔyɛ dɔm tia me. Ɛwom sɛ mɛyi wɔn afiri aman a wɔte soɔ no mu, nanso wɔn nan rensi Israel asase so. Afei mobɛhunu sɛ mene Awurade no.
৩৮আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
39 “‘Na mo deɛ, Ao Israel efie, yei ne deɛ Otumfoɔ Awurade seɛ: Mo mu biara nkɔsom nʼahoni! Nanso, akyiri no, mobɛtie me na moremfa mo ayɛyɛdeɛ ne ahoni ngu me din kronkron ho fi bio.
৩৯হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।
40 Ɛfiri sɛ, me bɛpɔ kronkron no so, Israel bepɔ a ɛkorɔn no so, Otumfoɔ Awurade na ɔseɛ, ɛhɔ, wɔ asase no so na Israel efie nyinaa bɛsom me, na ɛhɔ na mobɛsɔ mʼani. Ɛhɔ na mɛhia mo afɔrebɔdeɛ ne mo ayɛyɛdeɛ a ɛdi mu no aka mo afɔdeɛ kronkron no nyinaa ho.
৪০কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
41 Sɛ meyi mo firi amanaman no mu na meboaboa mo ano firi nsase a wɔbɔɔ mo petee so no a, mobɛsɔ mʼani sɛ krobo a ɛyi hwa, afei mɛda me kronnyɛ adi wɔ mo mu ama amanaman no ahunu.
৪১যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
42 Sɛ mede mo ba Israel asase a memaa me nsa so kaa ntam sɛ mede bɛma mo agyanom so a, na mobɛhunu sɛ mene Awurade.
৪২তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
43 Ɛhɔ no, mobɛkae mo suban ne nneyɛɛ nyinaa a mode agu mo ho fi, na mo ho bɛyɛ mo nwunu ɛsiane amumuyɛ a moayɛ no nyinaa enti.
৪৩আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য তাত তোমালোকে মনত কৰিবা আৰু তোমালোকে কৰা সকলো কুকৰ্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।
44 Israel, ɛfata sɛ wɔtwe wʼaso. Nanso mene wo bɛdi no wɔ ɛkwan a ɛbɛhyɛ me din animuonyam so. Wobɛhunu sɛ mene Awurade no, Otumfoɔ Awurade asɛm nie.’”
৪৪আৰু প্ৰভু যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু-আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
45 Awurade asɛm baa me nkyɛn sɛ:
৪৫তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
46 “Onipa ba, fa wʼani kyerɛ anafoɔ fam, ka asɛm tia anafoɔ fam na hyɛ nkɔm tia kwaeɛ a ɛwɔ anafoɔ fam asase soɔ.
৪৬“হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
47 Ka kyerɛ anafoɔ fam kwaeɛ no sɛ: ‘Tie Awurade asɛm. Yei ne deɛ Otumfoɔ Awurade seɛ: Merebɛto wo mu ogya, na ɛbɛhye nnua a ɛwɔ wo so nyinaa: Deɛ ɛyɛ mono ne deɛ awoɔ. Wɔrennum ogyadɛreɛ no na ɛbɛhye asase no ani nyinaa; ɛfiri anafoɔ fam kɔsi atifi fam.
৪৭আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
48 Obiara bɛhunu sɛ me Awurade na masɔ ogya no ano; ɛrennum.’”
৪৮তেতিয়া মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকলো মানুহে তাক জানিব; তাক নুমৱা নহ’ব।”
49 Afei mekaa sɛ, “Aa Otumfoɔ Awurade! Wɔka fa me ho sɛ, ‘Ɛnyɛ mmɛ na ɔrebu yi anaa?’”
৪৯তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”

< Hesekiel 20 >