< 2 Mose 9 >

1 Awurade hyɛɛ Mose sɛ, “Sane kɔ Farao nkyɛn na kɔka kyerɛ no sɛ, Awurade a ɔyɛ Hebrifoɔ Onyankopɔn no pɛ sɛ wobɛma ne nkurɔfoɔ akɔbɔ afɔdeɛ ama no.”
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
2 Sɛ wampene a,
কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে,
3 Awurade tumi mu ɔyaredɔm bɛba abɛkum mo apɔnkɔ, mo mfunumu, mo nyoma, mo anantwie, mo nnwan ne mo mpɔnkye nyinaa.
তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব।
4 Nanso, Awurade de nsonsonoeɛ bɛto Israelfoɔ mmoa ne Misraimfoɔ mmoa ntam. Israelfoɔ mmoa deɛ, ɔbaako mpo renwu.
কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।”
5 Awurade ahyɛ ɛberɛ pɔtee a ɔde ɔyaredɔm no bɛba. Ɔkaa sɛ adeɛ kye a, ɔbɛma ɔyaredɔm no aba asase no so.
যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।”
6 Na ɛbaa saa. Adeɛ kyeeɛ no, nyɛmmoa a wɔwɔ Misraim no hyɛɛ aseɛ wuwuiɛ, nanso Israelman mu deɛ, ayɛmmoa baako mpo koraa anyare.
পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল।
7 Farao somaa nnipa kɔɔ Israel kɔhwɛɛ sɛ ampa ara ɛhɔ nyɛmmoa no bi anwu koraa anaa. Nnipa no bɛbɔɔ Farao amanneɛ sɛ Israelfoɔ nyɛmmoa baako mpo koraa anwu nanso, nʼadwene ansesa. Wamma nnipa no ankɔ.
তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে।
8 Enti, Awurade ka kyerɛɛ Mose ne Aaron sɛ, “Monkɔsa nso mfiri fononoo mu, na Mose nto mpete ewiem wɔ Farao anim.
তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা।
9 Na ɛbɛbɔ apete Misraim asase so nyinaa sɛ mfuturo ama mpɔmpɔnini asisi nnipa ne mmoa a wɔwɔ ɔman no mu nyinaa.”
তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”
10 Enti, wɔkɔsaa nso firii fononoo mu de kɔɔ Farao anim, na ɔrehwɛ no, Mose to petee ewiem na ɛdanee mpɔmpɔnini sisii nnipa ne mmoa a wɔwɔ Misraim nyinaa.
১০সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
11 Ɛbaa saa no, nkonyaayifoɔ no antumi ne Mose anni asie, ɛfiri sɛ, na mpɔmpɔnini no bi asisi wɔn nyinaa.
১১শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
12 Nanso, Farao pirim nʼakoma ara, enti wantie asɛm a Awurade nam Mose so ka kyerɛɛ no no.
১২তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
13 Awurade ka kyerɛɛ Mose sɛ, “Sɔre kɔ Farao nkyɛn anɔpahema na kɔka kyerɛ no sɛ, Hebrifoɔ Awurade Onyankopɔn no se, ma me nkurɔfoɔ nkɔsom me.
১৩তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
14 Afei deɛ, mede ɔhaw na ɛbɛto mo so na ɛno na ɛbɛma wo ne wʼadwumayɛfoɔ ne Misraimfoɔ nyinaa ahunu sɛ, Onyankopɔn biara nni asase yi so ka me ho.
১৪কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”
15 Sɛ mepɛ a anka matɔre mo nyinaa ase, anka mede ɔyaredɔm bɛkum mo nyinaa.
১৫মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন।
16 Nanso manyɛ no saa, ɛfiri sɛ, na mepɛ sɛ meda me tumi adi wɔ ewiase afanan nyinaa.
১৬অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
17 Woayɛ kyɛnkyerɛnn wɔ me nkurɔfoɔ so a ɛno enti, womma wɔnkɔ.
১৭এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
18 Ɔkyena saa ɛberɛ yi ara mu, mɛma asukɔtweaa a ano yɛ den a ebi ntɔɔ Misraiman mu da atɔ.
১৮শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
19 Ntɛm! Monka mo anantwie a mode wɔn kɔ adidi no mmra efie. Ɛfiri sɛ, asukɔtweaa no bɛkum nnipa ne mmoa a wɔbɛka wiram no nyinaa.”
১৯সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।”
20 Misraimfoɔ a asɛm no bɔɔ wɔn hu no de wɔn anantwie ne wɔn asomfoɔ nyinaa baa efie.
২০তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে।
21 Na wɔn a wɔammu Awurade asɛm a ɔkaeɛ no gyaa wɔn anantwie ne wɔn asomfoɔ wɔ wiram maa asukɔtweaa no kaa wɔn.
২১কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্বৰ ভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে।
22 Awurade ka kyerɛɛ Mose sɛ, “Tene wo nsa kyerɛ ɔsoro na ma ampariboɔ no ntɔ ngu nnipa, mmoa ne nnua a ɛwɔ Misraiman nyinaa so.”
২২তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।”
23 Enti, Mose de ne nsa kyerɛɛ ewiem maa Awurade maa ayerɛmo ne aprannaa dwidwaeɛ.
২৩মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
24 Na ɛyɛ asɛm a ɛyɛ hu yie. Ɛfiri sɛ, ɛberɛ a wɔkyekyeree Misraim kɔsi saa ɛberɛ no, na aprannaa mpaapae saa da.
২৪এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল।
25 Misraiman sɛee pasaa. Biribiara a ɛkaa wiram, sɛ ɛyɛ nnipa anaa mmoa no, wɔn nyinaa wuwuiɛ. Nnua nso bubuiɛ maa afudeɛ sɛeɛ.
২৫গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে।
26 Baabi a ampariboɔ no antɔ wɔ ɔman no mu no yɛ Gosen asase so a na Israelfoɔ no te hɔ.
২৬কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।
27 Afei, Farao soma ma wɔkɔfrɛɛ Mose ne Aaron ka kyerɛɛ wɔn sɛ, “Afei deɛ, mahunu me mfomsoɔ. Awurade di bem na me ne me nkurɔfoɔ ayɛ bɔne ama atra so.
২৭তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।
28 Monsrɛ Awurade mma me, na ɔmma aprannaa ne ampariboɔ dodoɔ yi to ntwa na mɛma mo akɔ ntɛm so.”
২৮মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”
29 Mose kaa sɛ, “Sɛ mefiri kuropɔn yi mu ara pɛ a, mɛma me nsa so abɔ Awurade mpaeɛ na aprannaa no ne ampariboɔ no agyae. Yei bɛma mo ahunu sɛ Awurade na asase nyinaa hyɛ ne nsa.
২৯মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
30 Nanso, menim yie sɛ wo ne wo mpanimfoɔ deɛ, yeinom nyinaa akyiri no, mobɛpirim mo akoma.”
৩০কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
31 Aprannaa no sɛee wɔn ayuo ne wɔn asaawa a na ɛreso aba no nyinaa.
৩১সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল।
32 Nanso, atokoɔ ne aburoo deɛ, ansɛe, ɛfiri sɛ, na ɛmfifiriɛ.
৩২কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।
33 Enti Mose firii Farao anim wɔ kuro no mu maa ne nsa so kyerɛɛ Awurade maa aprannaa no ne asukɔtweaa no ne osuo no gyaee tɔ.
৩৩মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।
34 Farao ne ne mpanimfoɔ hunuu sɛ biribiara ayɛ yie wɔ hɔ no, wɔkɔɔ so pirim wɔn akoma yɛɛ bɔne de buu ɛbɔ a wɔhyɛɛ Awurade no so.
৩৪ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে।
35 Enti, Farao amma nkurɔfoɔ no ankɔ sɛdeɛ Awurade hyɛɛ ho nkɔm kyerɛɛ Mose no.
৩৫এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।

< 2 Mose 9 >