< 2 Mose 32 >

1 Mose kyɛree wɔ bepɔ no so saa no, nnipa no nyinaa kɔɔ Aaron so kɔka kyerɛɛ no sɛ, “Ntɛm, yɛ anyame a wɔbɛdi yɛn anim ma yɛn, ɛfiri sɛ, yɛnhunu baabi a Mose a ɔdii yɛn anim de yɛn firi Misraim asase so baa ha no afa; ebia na biribi ayɛ no.”
পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
2 Aaron nso ka kyerɛɛ wɔn sɛ, “Monyiyi mo sika nsonkawa nyinaa mmra.”
তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”
3 Wɔyiyii wɔn nsonkawa no maa Aaron—mmaa ne mmarima ne mmarimaa ne mmaayewa nyinaa.
সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।
4 Aaron nanee sikakɔkɔɔ nsonkawa no de bɔɔ nantwie ba ohoni. Nnipa no nyinaa teaam sɛ, “Ao, Israel, yei ne mo anyame a ɔyii mo firii Misraim asase so baeɛ no.”
হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
5 Aaron hunuu sɛ nnipa no ani agye sika nantwie ba ohoni no ho no, ɔsii afɔrebukyia sii nantwie ba no anim kaa sɛ, “Ɔkyena yɛbɛhyɛ fa ama Awurade.”
হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।
6 Wɔsɔree anɔpahema firii aseɛ bɔɔ ɔhyeɛ afɔdeɛ ne asomdwoeɛ afɔdeɛ de maa nantwie ba ohoni no. Ɛno akyi, wɔtoo ɛpono kɛseɛ bi, didi nomee, goroo abosomgorɔ, yɛɛ ahuhudeɛ hodoɔ.
লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
7 Afei, Awurade ka kyerɛɛ Mose sɛ, “Yɛ ntɛm na siane kɔ wo nkurɔfoɔ a wode wɔn firi Misraim asase so baeɛ no nkyɛn, ɛfiri sɛ, wɔagu wɔn ho fi,
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
8 na wɔabu me mmara nyinaa nso so. Wɔayɛ sika nantwie ba a wɔsom no, asane abɔ afɔdeɛ nso ama no aka sɛ, ‘Ao, Israel, yei ne mo nyame a ɔyii mo firii Misraim asase so baeɛ no.’”
তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
9 Awurade kaa sɛ, “Mahunu sɛdeɛ saa nnipa yi yɛ asoɔden na wɔsane yɛ adɔnyɛfoɔ fa.
যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।
10 Enti afei, mede mʼabufuhyeɛ bɛtɔre wɔn ase na mama wo Mose mmom ayɛ ɔman kɛseɛ.”
১০সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
11 Nanso, Mose srɛɛ Onyankopɔn sɛ ɔnnyɛ saa. Ɔkɔɔ so sɛ, “Awurade, adɛn enti na wo bo afu atia wo ara wo nkurɔfoɔ a wonam anwanwakwan ne wo tumi so yii wɔn firii Misraim asase so yi?
১১কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
12 Wopɛ sɛ Misraimfoɔ no ka sɛ, ‘Onyankopɔn daadaa wɔn sɛ wɔmmra bepɔ no so sɛdeɛ ɔbɛnya wɔn akum wɔn, atɔre wɔn ase afiri asase so?’ Ma wo bo ntɔ wo yam na gyae adwene a woafa sɛ wode rebɛtia wo nkurɔfoɔ no.
১২মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
13 Kae ɛbɔ a wohyɛɛ wʼasomfoɔ Abraham, Isak ne Israel no. Wo ara wokaa ntam sɛ, ‘Mɛma mo asefoɔ adɔɔso sɛ ɛsoro nsoromma na mede saa asase a mahyɛ mo ho bɔ yi nyinaa bɛma mo asefoɔ na wɔatena so afebɔɔ.’”
১৩আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”
14 Na Awurade sesaa nʼadwene de wɔn ho kyɛɛ wɔn.
১৪তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
15 Afei, Mose siane firii bepɔ no so baeɛ a ɔkura Mmaransɛm Edu no a wɔatwerɛ agu aboɔ apono mmienu akyi ne animu no.
১৫তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।
16 Onyankopɔn no ankasa na ɔtwerɛɛ mmaransɛm no wɔ apono no so.
১৬সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
17 Ɛberɛ a Yosua tee sɛ nnipa bi reyɛ gyegyeegye no, ɔka kyerɛɛ Mose sɛ, “Ɛyɛ me sɛ wɔreboaboa wɔn ho akɔ ɔko!”
১৭যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”
18 Ɛnna Mose nso buaa no sɛ, “Ɛnnyɛ nkonimdie mu anigyeɛ anaa, nkoguo na mmom, ɛyɛ nnwontoɔ.”
১৮কিন্তু মোচিয়ে তেওঁক ক’লে, “এয়ে জয় ধ্বনিৰ শব্দ নহয়; আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”
19 Wɔbɛduruu atenaeɛ hɔ, Mose hunuu nantwie ba no ne asa a wɔresa. Enti, ɔde abufuhyeɛ too twerɛ apono no hwee fam ma ɛbubuu wɔ bepɔ no ase.
১৯মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্রোধাম্বিত হ’ল। তেওঁৰ হাতৰ পৰা সেই ফলি দুখন পৰি গ’ল; আৰু পৰ্ব্বতৰ তলত পৰি ভাঙি গ’ল।
20 Ɔfaa nantwie ba no nanee no wɔ ogya mu na ɛdwoeɛ no, ɔyam no muhumuhu de guu nsuo mu maa nnipa no nomeeɛ.
২০লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।
21 Afei, ɔbisaa Aaron sɛ, “Ɛdeɛn nko ara na nnipa no ka kyerɛɛ wo a enti ɛnam so maa wode saa bɔne kɛseɛ yi baa wɔn so?”
২১তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
22 Aaron buaa no sɛ, “Mma wo bo mfu. Wo ara wonim sɛdeɛ wo nkurɔfoɔ yi yɛ nnipa bɔne fa.
২২হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।
23 Wɔn ara na wɔka kyerɛɛ me sɛ, ‘Yɛ onyame bi ma yɛn na ɔnkyerɛ yɛn ɛkwan na biribi ayɛ saa Mose a ɔdii yɛn anim firii Misraim no.’
২৩তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
24 Enti, me nso mekaa sɛ, ‘Monyiyi mo sikakɔkɔɔ nsonkawa mma me.’ Wɔyiyi de maa me na mede guu ogya mu. Ɛne saa nantwie ba no.”
২৪সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
25 Mose hunuu sɛ Aaron ama nnipa no adane adwamammɔfoɔ ama wɔn atamfoɔ anya wɔn no,
২৫মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।
26 ɔgyinaa wɔn atenaeɛ hɔ ɛpono no ano teaam sɛ, “Mo a mowɔ Awurade afa no, mommra me nkyɛn.” Lewifoɔ no nyinaa kɔɔ ne nkyɛn.
২৬তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।
27 Ɔka kyerɛɛ wɔn sɛ, “Awurade Israel Onyankopɔn se, ‘Momfa mo akofena nhyehyɛ mo ho na monni mo atenaeɛ hɔ akɔneaba, na monkunkum mo nuanom, mo nnamfonom ne mo afipamfoɔ.’”
২৭তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”
28 Enti, wɔyɛɛ saa maa nnipa bɛyɛ mpensa totɔɔ ɛda no.
২৮তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।
29 Afei, Mose ka kyerɛɛ Lewifoɔ no sɛ, “Ɛnnɛ, moatu mo ho akyɛ sɛ mobɛsom Awurade, ɛfiri sɛ, moayɛ ɔsetie ama no ama mpo, monam so akunkum mo mma ne mo nuanom, enti ɔbɛhyira mo bebree.”
২৯মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”
30 Adeɛ kyee anɔpa no, Mose ka kyerɛɛ nkurɔfoɔ no sɛ, “Moayɛ bɔne a ɛso bi mmaa da, nanso mɛsane akɔ Awurade nkyɛn wɔ bepɔ no so akɔhwɛ sɛ ebia, mɛnya bɔnefakyɛ ama mo anaa.”
৩০তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহাপাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰোঁ তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
31 Enti, Mose sane kɔɔ Awurade nkyɛn kɔka kyerɛɛ no sɛ, “Ao, saa nnipa yi ayɛ bɔne a ɛso bi mmaa da, na wɔde sikakɔkɔɔ ayɛ wɔn anyame.
৩১মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
32 Enti, meredi ama wɔn sɛ, fa wɔn bɔne kyɛ wɔn, na sɛ ɛnte saa nso a, pepa me din firi nwoma a woatwerɛ no mu.”
৩২তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”
33 Awurade buaa Mose sɛ, “Obiara a wayɛ me bɔne no, mɛpepa no afiri me nwoma mu.
৩৩যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
34 Enti afei, kɔ na di nkurɔfoɔ no anim kɔ beaeɛ a mekyerɛɛ woɔ no na mehyɛ wo bɔ sɛ, mɛma me ɔbɔfoɔ adi wʼanim; nanso sɛ mebɛsra nkurɔfoɔ no a, mɛtwe wɔn aso wɔ wɔn bɔne no ho.”
৩৪এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
35 Na ɛsiane sɛ nnipa no somm Aaron nantwie ba no enti, ɔtee yadeɛ guu wɔn so.
৩৫তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।

< 2 Mose 32 >