< 5 Mose 5 >

1 Mose frɛɛ Israelfoɔ nyinaa ka kyerɛɛ wɔn sɛ: Montie mmara ne ahyɛdeɛ a mede rema mo ɛnnɛ no yie. Monsua na monni so.
তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।
2 Ɛberɛ a yɛwɔ Horeb no, Awurade yɛn Onyankopɔn ne yɛn yɛɛ apam bi.
আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
3 Ɛnyɛ yɛn agyanom na Awurade ne wɔn yɛɛ apam tete no, na mmom, ɔne yɛn a yɛte ase ɛnnɛ yi na ɛyɛeɛ.
যিহোৱাই আমাৰ পূর্ব–পুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
4 Awurade ne mo kasaa animuanimu firi ogyaframa no mu.
যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল।
5 Megyinaa mo ne Awurade ntam, ɛfiri sɛ, na mosuro ogya no enti, moamforo bepɔ no. Ɔkasa kyerɛɛ me na me nso mekaa nsɛm a ɔkaeɛ no kyerɛɛ mo. Nsɛm a ɔkaeɛ no nie:
সেই সময়ত জুইৰ ভয়ত আপোনালোকে পর্বতৰ ওপৰলৈ উঠা নাছিল বাবে মই আপোনালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:
6 “Mene Awurade mo Onyankopɔn a meyii mo firii nkoasom wɔ Misraim no.
‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
7 “Monnsom onyame foforɔ biara nka me ho.
মোৰ আগত আন কোনো দেৱতা নাথাকক।
8 Monnyɛ ohoni anaa biribiara a ɛsɛ adeɛ a ɛwɔ ewiem, anaa deɛ ɛwɔ asase so, anaa deɛ ɛwɔ nsuo mu, anaa deɛ ɛwɔ asase ase.
তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা।
9 Monnkoto ohoni biara nsom no ɛkwan biara so, na me, Awurade mo Onyankopɔn, meyɛ ninkunfoɔ. Na me ne onyame foforɔ bi nkyɛ mo dɔ a modɔ me no. Na sɛ nnipa bi bɔne a wayɛ enti metwe wɔn aso a, metwe wɔn aso kɔsi wɔn awontoatoasoɔ a wɔtan me no nyinaa so.
সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
10 Na medɔ awoɔ ntoatoasoɔ mpem a wɔdɔ me na wɔdi mʼahyɛdeɛ so.
১০কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
11 Mommmɔ Awurade Onyankopɔn din basabasa. Sɛ moyɛ saa a, ɔbɛbu mo fɔ.
১১তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
12 Monkae homeda na monni no sɛ ɛda kronkron, sɛdeɛ Awurade ahyɛ no.
১২তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা।
13 Nnansia na momfa nyɛ mo nnwuma nyinaa,
১৩সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা;
14 na ɛda a ɛtɔ so nson no yɛ homeda ma Awurade Onyankopɔn. Saa ɛda no, ɛnsɛ sɛ moyɛ adwuma biara; ɛnsɛ sɛ mo mmammarima, mo mmabaa anaa mo asomfoɔ anaa mo anantwie ne mo afunumu anaa mo ahɔhoɔ yɛ adwuma biara.
১৪কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।
15 Monkae sɛ berɛ bi a atwam no na moyɛ nkoa wɔ Misraim, na Awurade, mo Onyankopɔn, nam anwanwa tumi ne tumi nnwuma so na ɔyii mo firii hɔ. Ɛno enti na Awurade mo Onyankopɔn hyɛ mo sɛ monni homeda no.
১৫সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
16 Di wʼagya ne wo maame ni sɛdeɛ Awurade, mo Onyankopɔn, hyɛ mo no. Na ɛbɛma wo nkwa nna aware wɔ asase a Awurade wo Onyankopɔn de bɛma wo no so.
১৬নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
17 Nni awu.
১৭তোমালোকে নৰবধ নকৰিবা।
18 Nsɛe awadeɛ.
১৮তোমালোকে ব্যভিচাৰ নকৰিবা।
19 Mmɔ korɔno
১৯তোমালোকে চুৰ নকৰিবা।
20 Nni wo yɔnko ho adansekurumu
২০তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
21 Mma wʼani mmere wo yɔnko yere. Mma wʼani mmere wo yɔnko fie anaa nʼasase anaa nʼakoa anaa nʼafenawa, ne nʼanantwie, nʼafunumu anaa biribiara a ɛyɛ wo yɔnko dea.”
২১আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
22 Awurade de nne kɛseɛ a ɛfiri ogyaframa no mu ka kyerɛɛ mo firii omununkum a esum kabii atwa ho ahyia mu. Nsɛm a ɔkaeɛ ara ni na ɔtwerɛɛ ne nsɛm no guu aboɔ ɛpono mmienu so na ɔde maa me.
২২এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
23 Motee nne no firii esum mu ɛberɛ a bepɔ no ogya redɛre framfram no, mmusuakuo mu ntuanofoɔ no nyinaa baa me nkyɛn.
২৩সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল
24 Wɔkaa sɛ, “Awurade yɛn Onyankopɔn, akyerɛ yɛn nʼanimuonyam ne ne tumi na yɛate ne nne afiri ogya mu. Ɛnnɛ, yɛahunu sɛ, sɛ Onyankopɔn ne onipa kasa koraa a, onipa tumi tena ase.
২৪আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
25 Na afei, adɛn enti na ɛsɛ sɛ yɛwuwu? Sɛ Awurade, yɛn Onyankopɔn, kasa kyerɛ yɛn bio a, akyinnyeɛ biara nni ho sɛ yɛbɛwuwu na ogya no ahye yɛn pasaa.
২৫কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
26 Enti, ɔkra teasefoɔ bɛtumi ate Onyankopɔn teasefoɔ no nne afiri ogyaframa no mu na watena ase anaa?
২৬মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
27 Wo, kɔ na kɔtie deɛ Awurade yɛn Onyankopɔn no ka. Na afei, bra na bɛka biribiara a ɔka kyerɛɛ wo no kyerɛ yɛn, na yɛbɛtie na yɛadi so.”
২৭আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’
28 Awurade tee mo nne ɛberɛ a mokasa kyerɛɛ me no, Awurade ka kyerɛɛ me sɛ, “Mate nsɛm a nnipa ka kyerɛɛ wo no. Nsɛm a wɔkaaeɛ no nyinaa yɛ.
২৮এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
29 Ao, sɛ daa wɔbɛnya akoma sɛdeɛ ɛbɛma wɔasuro me na wɔadi mʼahyɛdeɛ nyinaa so a, anka ɛbɛyɛ ama wɔn ne wɔn asefoɔ nyinaa afebɔɔ.
২৯মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
30 “Kɔ na kɔka kyerɛ wɔn sɛ, wɔnsane mmra wɔn ntomadan mu.
৩০তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা।
31 Nanso, wo deɛ, wo ne me ntena ha sɛdeɛ ɛbɛyɛ a mɛtumi de me nhyɛ ne me mmara ama wo. Wobɛkyerɛkyerɛ nnipa no sɛdeɛ wɔbɛtie wɔ asase a mede rema wɔn no so sɛ wɔn agyapadeɛ.”
৩১কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’
32 Enti, Mose ka kyerɛɛ nnipa no sɛ, “Monyɛ ɔsetie mma Awurade mo Onyankopɔn ahyɛdeɛ nyinaa, na monni ne nkyerɛkyerɛ so pɛpɛɛpɛ.
৩২এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
33 Akwan a Awurade mo Onyankopɔn ahyɛ mo sɛ monnante so no so, monnante so. Na moatena ase nna tenten na asi mo yie wɔ asase a morebɛkɔ akɔtena so no so.”
৩৩আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”

< 5 Mose 5 >