< 5 Mose 15 >

1 Mfirinhyia nson biara awieeɛ, montwa mo aka mu.
আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব।
2 Ɛkwan a ɛsɛ sɛ mofa so nie: Ɛsɛ sɛ boseabɔni biara a wabɔ ne yɔnko Israelni bosea no, ɔde kyɛ no. Ɛnsɛ sɛ wɔdan wɔn yɔnko anaa wɔn busuani ka, ɛfiri sɛ, Awurade ɛberɛ a wɔde bosea kyɛ no aduru.
সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
3 Saa bosea a wɔtwa mu yi ka mo yɔnkonom Israelfoɔ nko ara. Ahɔhoɔ a wɔte mo mu no nka ho.
আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।
4 Ɛnsɛ sɛ ahiafoɔ ba mo mu ɛfiri sɛ, Awurade, mo Onyankopɔn bɛhyira mo wɔ asase a ɔde rema mo sɛ mo agyapadeɛ sononko no so.
যাহোক আপোনালোকৰ মাজত কোনো দৰিদ্রলোক নাথাকিব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
5 Sɛ moto mo bo ase di Awurade mo Onyankopɔn mmara a mede rema mo ɛnnɛ yi so a, mobɛnya saa nhyira yi.
যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।
6 Awurade mo Onyankopɔn bɛhyira mo sɛdeɛ wahyɛ mo bɔ no. Mobɛbɔ aman bebree bosea nanso mo deɛ, morenkɔ aboseabɔ da. Mobɛdi aman bebree so nanso wɔrenni mo so.
কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।
7 Sɛ moduru nkuro a Awurade, mo Onyankopɔn, de rema mo no so na sɛ ahiafoɔ wɔ hɔ a, mommpirim mo akoma anaa mommma mo nsam nyɛ den wɔ wɔn so.
ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব।
8 Mmom, mongo mo nsam na momfɛm wɔn deɛ ɛhia wɔn.
কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
9 Monhwɛ na moannya saa adwemmɔne yi wɔ mo tirim sɛ ɛka mu twa berɛ no reyɛ aduru so enti, obi bɛbisa mo bosea a moremma no. Sɛ moammɔ ahiafoɔ no bosea na sɛ wɔsu frɛ Awurade a, wɔbɛbu mo fɔ sɛ moayɛ bɔne.
সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব।
10 Momma no akoma pa mu na Awurade, mo Onyankopɔn, bɛhyira mo ne biribiara a mobɛyɛ so.
১০আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
11 Ɛberɛ biara, mobɛhunu ahiafoɔ wɔ mo mu. Ɛno enti na merehyɛ mo sɛ, biribiara a mowɔ no, mo ne ahiafoɔ ne mo nuanom Israelfoɔ nkyɛ.
১১কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব।
12 Sɛ wo nua Hebrini barima anaa ɔbaa tɔn ne ho ma wo na ɔsom wo mfirinhyia nsia a, afe a ɛtɔ so nson no, gya no ɛkwan.
১২যদি তোমাৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা আপোনাৰ হাতত বেচা হয়, আৰু তেওঁ আপোনাক ছয় বছৰ খাটি দিয়ে, তেন্তে আপুনি সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিব।
13 Na sɛ woregya no ɛkwan a, mma no nkɔ nsapan.
১৩মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব।
14 Fa nsa a emu go gya no ɛkwan na ma no wo nnwan no, wʼayuporebea mu adeɛ ne wo nsakyimena mu adeɛ bi. Wo ne no nkyɛ wʼadonneɛ bi a Awurade, wo Onyankopɔn, de ahyira wo no bi.
১৪আপোনালোকে আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব।
15 Monkae sɛ na moyɛ nkoa wɔ Misraim na Awurade, mo Onyankopɔn yii mo firii hɔ. Ɛno enti na mede saa mmara yi rema mo ɛnnɛ yi.
১৫আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ।
16 Na sɛ ɛba sɛ wʼakoa ka kyerɛ wo sɛ, “Merennya wo hɔ nkɔ”, ɛfiri sɛ, ɔpɛ wo ne wʼabusuafoɔ asɛm na ne ho tɔ no wɔ wo nkyɛn a,
১৬কিন্তু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ প্রতি ভাল পোৱাৰ কাৰণে আৰু আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়,
17 ɛnneɛ, fa fitiiɛ bɔne nʼaso mu na ɔnyɛ wʼakoa daa. Wo mfenaa nso, yɛ wɔn saa ara.
১৭তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধনাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব; আৰু বেটীলৈকো সেইদৰেই কৰিব।
18 Mma no nyɛ wo ya sɛ woregyaa wʼasomfoɔ no ama wɔafa wɔn ho akɔdie. Monkae sɛ, mfeɛ nsia ni no, wɔasom wo a sɛ wokɔfaa apaafoɔ sɛ wɔnsom wo a, anka wobɛtua apaafoɔ no sika mmɔho mmienu, na Awurade mo Onyankopɔn bɛhyira mo wɔ biribiara a moyɛ ho.
১৮তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
19 Mo anantwie ne mo nnwan mmakan anini no, monyi nsi hɔ mma Awurade, mo Onyankopɔn. Mo anantwie mmakan no, mommfa wɔn nkɔ mo mfuo mu nkɔyɛ nnwuma na monntwitwa mo nnwan mmakan ho nwi nso.
১৯আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।
20 Mmom, mo ne mo abusuafoɔ, afe biara, monnwe saa mmoa yi wɔ baabi a Awurade, mo Onyankopɔn bɛyi ama mo no wɔ nʼanim.
২০যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতিবছৰে আহাৰ হিচাপে গ্রহণ কৰিব।
21 Na sɛ ɛba sɛ abakan no bi adi dɛm, sɛ ebia, ɔtɔ apakye anaa nʼani afira anaa wadi ɛdɛm foforɔ bi a, mommfa no mmɔ afɔdeɛ mma Awurade mo Onyankopɔn.
২১যদি তাত কোনো ঘুণীয়া থাকে, অৰ্থাৎ সেইবোৰত যদি খোৰা, কণা, বা আন প্ৰকাৰৰ কোনো ঘুণ থকা হয়, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব।
22 Mmom, momfa no nyɛ aduane mma abusuafoɔ wɔ fie. Sɛ obi ho te o, sɛ ne ho nte o, ɔtumi di bi sɛdeɛ obiara tumi we ɔtwe anaa ɔdabɔ nam no.
২২আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণসাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব।
23 Nanso, monnni mogya no. Monhwie ngu fam te sɛ nsuo.
২৩আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।

< 5 Mose 15 >