< 2 Samuel 16 >
1 Dawid sianee bepɔ no pɛ na ɔne Mefiboset ɔsomfoɔ Siba hyiaeɛ. Na ɔdi mfunumu mmienu a wɔahyehyɛ burodo mua ahanu, bobe aba a wɔabɔ no ntowantowa ɔha ne nsã nwoma kotokuo ma wɔ wɔn so.
১যেতিয়া দায়ূদে পৰ্ব্বতৰ টিঙত পাছ পেলাই অলপ আগ হ’ল, তেতিয়া চোৱা, মফিবোচতৰ দাস চীবাই সজোৱা দুটা গাধ লগত লৈ গৈ তেওঁৰ গুৰিত উপস্থিত হ’ল; সেই গাধৰ ওপৰত দুশ পিঠা, এশ থোপা শুকান দ্ৰাক্ষা গুটি, এশ লদা খেজুৰ গুটি আৰু এক মোট দ্ৰাক্ষাৰস আছিল।
2 Ɔhene no bisaa Siba sɛ, “Na yeinom nso ɛ?” Na Siba buaa sɛ, “Mfunumu no, mo nkurɔfoɔ ntena wɔn so, na burodo no ne aduaba no, wɔmfa mma mmeranteɛ no na wɔnni. Na nsã no nso, momfa nkɔ ɛserɛ so hɔ, na wɔn a ɔbrɛ enti wɔbɛtɔ baha no, anom.”
২পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”
3 Na ɔhene no bisaa no sɛ, “Na Mefiboset wɔ he?” Siba buaa sɛ, “Ɔkaa Yerusalem. Ɔkaa sɛ, ‘Ɛnnɛ, mɛsane agye me nana Saulo ahemman no.’”
৩পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’”
4 Ɔhene no ka kyerɛɛ Siba sɛ, “Sɛ saa na ɛte deɛ a, mede biribiara a ɛyɛ Mefiboset dea no mema wo.” Siba buaa sɛ, “Meda wo ase awura. Ɛberɛ biara, biribiara a wobɛka akyerɛ me sɛ menyɛ no, mɛyɛ.”
৪তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
5 Ɛberɛ a ɔhene Dawid ne ne nkurɔfoɔ retwam wɔ Bahurim no, ɔbarima bi pue firii akuraa no ase bɛdomee wɔn. Na saa ɔbarima no din de Simei, Gera a ɔyɛ Saulo busuani babarima.
৫যেতিয়া দায়ুদ ৰজাই বহূৰীম পালে, চৌলৰ বংশৰ ভিতৰৰ গেৰাৰ পুতেক চিমিয়ী নামেৰে এটা মানুহ তাৰ পৰা ওলাল; সি ওলাই যাওঁতে যাওঁতে শাও দি দি গ’ল।
6 Ɔpaa Dawid ne ne mpanimfoɔ ne akodɔm a wɔatwa wɔn ho ahyia no nyinaa aboɔ.
৬সি দায়ূদলৈ আৰু দায়ুদ ৰজাৰ সকলো দাসলৈ শিল দলিয়ালে; যদিওঁবা সকলো লোক আৰু সকলো বীৰ তেওঁৰ সোঁ আৰু বাওঁ ফালে আছিল।
7 Ɔteaam guu Dawid so sɛ, “Firi hanom kɔ! Mogyapɛfoɔ a ɔte sɛ woɔ! Ɔsansani!
৭চিমিয়ীয়ে শাও দি দি কৈছিল, “হেৰৌ ৰক্তপাতি পাষণ্ড, যা, গুচি যা!
8 Awurade atua wo ka sɛ wohwiee Saulo ne ne fiefoɔ mogya guiɛ. Wowiaa nʼahennwa, na afei Awurade de ahemman no ahyɛ wo babarima Absalom nsa. Wobɛnom wʼankasa aduro, wo mogyapɛfoɔ.”
৮তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”
9 Ɛnna Seruia babarima Abisai bisaa ɔhene no sɛ, “Adɛn enti na ɛsɛ sɛ ɔkraman funu yi tumi dome me wura, ɔhene? Ma menkɔ na menkɔtwa ne ti.”
৯তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
10 Nanso, ɔhene no kaa sɛ, “Ɛdeɛn na me ne mo Seruia mmammarima bɛyɛ? Sɛ Awurade aka akyerɛ no sɛ, ɔnnome me a, me ne hwan a mɛtumi aka akyerɛ no sɛ ɔnnyae?”
১০কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব’?”
11 Na Dawid ka kyerɛɛ Abisai ne ne mpanimfoɔ sɛ, “Me babarima a ɔyɛ mʼankasa mogya pɛ sɛ ɔkum me. Na ɛdeɛn na ɛsi Saulo busuani ho kwan sɛ ɔnyɛ saa ara. Monnyaa no, momma ɔnnome, ɛfiri sɛ, Awurade na waka akyerɛ no sɛ ɔnyɛ saa.
১১দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।
12 Ebia, Awurade bɛhunu sɛ wɔreyɛ me bɔne, na ɔde papa atua me nnome a me nsa aka no ɛnnɛ yi no so ka.”
১২কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
13 Enti, Dawid ne ne mmarima toaa so kɔɔ wɔn ɛkwan a saa ɛberɛ no, na Simei nso nam bepɔ bi a ɛbɛn wɔn so. Ɔrekɔ no nyinaa, na ɔredome, toto aboɔ bɔ Dawid, tu mfuturo gu ewiem.
১৩এইদৰে দায়ুদ আৰু তেওঁৰ লোকসকল বাটেদি গৈ আছিল আৰু সেই চিমিয়ীয়েও তেওঁৰ সন্মুখৰ পৰ্ব্বতৰ কাষেদি, শাও দি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল।
14 Ɔhene ne ne nkurɔfoɔ nyinaa brɛeɛ wɔ ɛkwan so enti, wɔduruu Asubɔnten Yordan ho no, wɔgyee wɔn ahome.
১৪তেতিয়া ৰজাই তেওঁৰ লগৰ লোকসকলে সৈতে অয়েফীমলৈ আহি সেই ঠাইতে জিৰণি ল’লে।
15 Absalom ne Israel mmarima nyinaa baa Yerusalem a Ahitofel ka wɔn ho.
১৫এনেতে অবচালোম আৰু তেওঁৰ লগত অহীথোফল আৰু ইস্ৰায়েলৰ সকলোলোক যিৰূচালেমলৈ আহিল।
16 Na Husai a ɔfiri Arki a ɔyɛ Dawid adamfo no, kɔɔ Absalom nkyɛn kɔka kyerɛɛ no sɛ, “Ɔhene nkwa so! Ɔhene nkwa so!”
১৬পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱি হওক, মহাৰাজ চিৰজীৱি হওক!”
17 Na Absalom bisaa Husai sɛ, “Yei ne ɛkwan a wode wʼadamfo Dawid fa soɔ? Adɛn enti na wo ne wʼadamfo ankɔ?”
১৭তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
18 Husai ka kyerɛɛ Absalom sɛ, “Mewɔ ha ɛfiri sɛ meyɛ adwuma ma ɔbarima a Awurade ne Israel ayi no.
১৮তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
19 Deɛ ɛka ho bio ne sɛ, hwan na ɛsɛ sɛ mesom no? Sɛdeɛ mesom wʼagya no, saa ara na mɛsom wo.”
১৯আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।
20 Ɛnna Absalom danee ne ho bisaa Ahitofel sɛ, “Ɛdeɛn bio na menyɛ?”
২০পাছে অবচালোমে অহীথোফলক ক’লে, “এতিয়া আমি কি কৰা উচিত, সেই বিষয়ে তোমালোকে দিহা দিয়া।
21 Ahitofel buaa no sɛ, “Kɔ na wo ne wʼagya mpenafoɔ no nna, ɛfiri sɛ, wagya wɔn hɔ sɛ wɔnhwɛ ahemfie hɔ. Ɛno bɛma Israel nyinaa ahunu sɛ, woabu no animtia a ɛboro nkabom so, na wɔde wɔn ho bɛma wo.”
২১তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
22 Enti, wɔsii ntomadan wɔ ahemfie no atifi baabi a obiara bɛhunu, na Absalom kɔɔ ntomadan no mu, na ɔne nʼagya mpenafoɔ no daeɛ.
২২পাছে অবচালোমৰ বাবে গৃহৰ শীৰ্ষ স্হানত এটা তম্বু তৰি দিয়া হ’ল আৰু অবচালোমে সকলো ইস্ৰায়েলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমণ কৰিলে।
23 Absalom tiee Ahitofel afotuo sɛdeɛ Dawid yɛeɛ no pɛpɛɛpɛ. Na asɛm biara a ɛfiri Ahitofel anom baeɛ no mu nyansa no, yɛɛ sɛdeɛ ɛfiri Onyankopɔn anom.
২৩সেই কালত অহীথোফলে যি যি দিহা দিছিল, সেইবোৰ ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ দৰে আছিল৷ দায়ূদক দিয়া আৰু অবচালোমক দিয়া অহীথোফলৰ সকলো দিহা তেনেদৰেই আছিল।