< 1 Samuel 28 >

1 Saa ɛberɛ no mu, Filistifoɔ no boaboaa wɔn akodɔm ano sɛ wɔrebɛko atia Israel. Akis ka kyerɛɛ Dawid sɛ, “Merehwɛ kwan sɛ, wo ne wo mmarima bɛka me ho akɔ ɔko no.”
সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”
2 Dawid penee so sɛ, “Ɛyɛ pa ara, woankasa bɛhunu deɛ yɛbɛtumi ayɛ.” Akis kaa sɛ, “Mɛyɛ wo me hobanbɔfoɔ afebɔɔ.”
তেতিয়া দায়ূদে আখীচক ক’লে, “ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে, সেয়া আপুনি জানিব পাৰিব।” তেতিয়া আখীচে দায়ূদক ক’লে, “বাৰু, জীয়াই থকালৈকে মইও তোমাক মোৰ ৰখীয়া পাতিম।”
3 Saa ɛberɛ yi na Samuel awu, ama Israel nyinaa atwa agyaadwoɔ. Wɔsiee no wɔ ɔno ara ne kurom Rama. Saa ɛberɛ no, na Saulo apamo asamanfrɛfoɔ ne ahohomfrɛfoɔ afiri asase no so.
চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।
4 Filistifoɔ no boaa wɔn ho ano, kyeree sraban wɔ Sunem. Ɛnna Saulo nso boaboaa Israelfoɔ no nyinaa ano, kyeree sraban wɔ Gilboa.
পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে।
5 Ɛberɛ a Saulo hunuu Filistifoɔ akodɔm dodoɔ no, ɔsuroeɛ, maa ehu bɛhyɛɛ nʼakoma ma.
চৌলে যেতিয়া পলেষ্টীয়াসকলৰ সৈন্য-সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে, আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে।
6 Ɔbisaa Awurade deɛ ɔnyɛ nanso Awurade ammua no, wɔ adaeɛsoɔ anaa ntontobɔ kronkron anaa adiyifoɔ so.
তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।
7 Saulo ka kyerɛɛ nʼafotufoɔ sɛ, “Monhwehwɛ ɔbaa samanfrɛfoɔ bi mma me, na menkɔ ne hɔ abisa.” Nʼafotufoɔ no buaa sɛ, “Ɔbaa samanfrɛfoɔ bi wɔ Endor.”
তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।”
8 Enti, Saulo sesaa ne ho, hyɛɛ ntadeɛ afoforɔ nsakyeramu bi a ɛnyɛ ɔhene afadeɛ, na ɔne mmarima no mu baanu kɔɔ ɔbaa no nkyɛn anadwo. Saulo kaa sɛ, “Ɛsɛ sɛ me ne obi a wawu kasa. Wobɛtumi afrɛ ne sunsum ama me anaa?”
তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।”
9 Ɔbaa no bisaa sɛ, “Wopɛ sɛ wɔkum me anaa? Wonim sɛ Saulo apamo asamanfrɛfoɔ ne ahohomfrɛfoɔ nyinaa afiri asase yi so. Adɛn enti na wosum me afidie?”
তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে?
10 Saulo de Awurade din kaa no ntam sɛ, “Mmerɛ dodoɔ a Awurade te ase yi, wɔrentwe wʼaso wɔ yei ho da.”
১০তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।”
11 Afei, ɔbaa no bisaa sɛ, “Hwan na memfrɛ no mma wo?” Ɔbuaa sɛ, “Frɛ Samuel ma me.”
১১তেতিয়া সেই মহিলাই তেওঁক সুধিলে, “মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম?” তেতিয়া তেওঁ ক’লে, “চমূৱেলক তুলি আনা।”
12 Na ɔbaa no hunuu Samuel no, ɔde nne kɛseɛ teaam ka kyerɛɛ Saulo sɛ, “woadaadaa me! Wone Saulo!”
১২তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।”
13 Ɔhene no ka kyerɛɛ no sɛ, “Nsuro. Ɛdeɛbɛn na wohunu?” Ɔbaa no buaa sɛ, “Mehunu honhom bi sɛ apue afiri fam reba.”
১৩তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।”
14 Saulo bisaa sɛ, “Ɔte sɛn?” Ɔbuaa sɛ, “Akɔkoraa bi a ɔhyɛ batakari, na ɔreba.” Ɛhɔ na Saulo hunuu sɛ ɛyɛ Samuel enti, ɔbɔɔ ne mu ase de nʼanim butuu fam.
১৪চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
15 Samuel bisaa sɛ, “Adɛn enti na wofrɛ me de ha me saa?” Saulo buaa sɛ, “Ɛfiri sɛ, ɔhaw ne abɛbrɛsɛ amene me. Filistifoɔ de ɔko atentam yɛn. Na Onyankopɔn nso agya me. Mente ne nka wɔ adiyifoɔ nkyɛn anaa daeɛso mu. Enti, mafrɛ wo sɛ kyerɛ me deɛ menyɛ.”
১৫পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।”
16 Na Samuel buaa sɛ, “Sɛ Awurade agya wo, abɛyɛ wo ɔtamfoɔ a, adɛn enti na worebisa me?
১৬তেতিয়া চমূৱেলে চৌলক ক’লে, “এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো যিহোৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ’ল।
17 Awurade ayɛ deɛ ɔkaa sɛ ɔbɛyɛ no pɛpɛɛpɛ. Wagye ahennie no afiri wo nsam de ama Dawid a ɔne wo resi akan.
১৭যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে।
18 Awurade ayɛ saa, ɛfiri sɛ, woanni ne mmara a ɛfa Amalekfoɔ ho no so.
১৮কিয়নো তুমি যিহোৱাৰ বাক্য পালন কৰা নাই, আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড ক্রোধ সিদ্ধ কৰা নাই; এই কাৰণে যিহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে।
19 Deɛ ɛka ho ne sɛ, ɔkyena, Awurade de wo ne Israel asraafodɔm nyinaa bɛma Filistifoɔ, na wo ne wo mma abɛka me ho wɔ ha. Awurade bɛma Israel akodɔm no nyinaa adi nkoguo.”
১৯যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।”
20 Samuel nsɛm a Saulo teeɛ no enti, ehu kyekyeree no ma ɔhwee fam tim. Afei nso, na ɔnni ahoɔden biara, ɛfiri sɛ, na ɔnnidii da mu no ne anadwo mu no nyinaa.
২০তেতিয়া চৌলে চমূৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাহাৰে থকা বাবে তেওঁৰ গাত একো শক্তি নাছিল।
21 Ɔbaa no hunuu adwenem haw a ɔwɔ mu no, ɔka kyerɛɛ no sɛ, “Owura, mede me nkwa too hɔ, yɛɛ wʼabisadeɛ.
২১পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁক অতিশয় ব্যাকুল হোৱা দেখিলে, তাতে তাই তেওঁক ক’লে, “চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোন প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ।
22 Enti, yɛ deɛ mɛkyerɛ wo sɛ yɛ no, na mama wo biribi adi sɛdeɛ ɛbɛma woanya ahoɔden, asane akɔ wʼakyi.”
২২এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।”
23 Nanso, Saulo antie. Mmarima a wɔka ne ho no hyɛɛ no sɛ ɔnnidi. Enti, akyire yi, ɔpenee so sɔre firi fam hɔ, tenaa akonnwa so.
২৩কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।
24 Na ɔbaa no ayɛn nantwie ba ama wadɔre sradeɛ enti, ɔyɛɛ ntɛm kɔkumm no, na ɔfɔɔ asikyiresiam, fɔtɔeɛ de too apiti.
২৪সেই মহিলাৰ ঘৰত এটা দামুৰি আছিল। তাতে তাই সেই দামুৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটা লৈ খচি খমীৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে।
25 Ɔde aduane no bɛsii Saulo ne ne mmarima no anim, ma wɔdiiɛ. Na wɔfirii hɔ kɔɔ anadwo no.
২৫তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।

< 1 Samuel 28 >