< 1 Berɛsosɛm 13 >

1 Dawid ne ne mpanimfoɔ a nʼasraafoɔ asahene ne mmapɔmma nyinaa ka ho, tuu agyina.
দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
2 Na ɔkasa kyerɛɛ Israelfoɔ a wɔahyia hɔ no nyinaa sɛ, “Sɛ mopene so na sɛ ɛyɛ Awurade yɛn Onyankopɔn pɛ a, momma yɛnto nkra nkɔma Israelfoɔ a wɔwɔ ɔman no afanan nyinaa a asɔfoɔ ne Lewifoɔ a wɔwɔ nkuro so ne adidibea ka ho. Momma yɛnto nsa mfrɛ wɔn, na wɔmmɛka yɛn ho.
দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
3 Ɛberɛ aduru sɛ yɛsane de yɛn Onyankopɔn Apam Adaka no ba, ɛfiri sɛ, Saulo ahennie ɛberɛ so no, yɛampɛ anhwɛ.”
আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
4 Badwa no penee saa asɛm yi so ɛfiri sɛ, wɔhunuu sɛ, wɔyɛ saa a, ɛyɛ.
তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
5 Enti, Dawid frɛɛ nnipa a wɔwɔ Israel nyinaa, ɛfiri ɔman no tire kɔsi tire, sɛ wɔmmɛka ne ho na wɔmfa Onyankopɔn Apam Adaka no mfiri Kiriat-Yearim mmra.
সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
6 Afei, Dawid ne Israelfoɔ no nyinaa kɔɔ Baala a na wɔfrɛ no Kiriat-Yearim a ɛwɔ Yuda no sɛ wɔrekɔfa Onyankopɔn Apam Adaka a wɔde ahyɛ Kerubim ntam na Awurade din da so no aba.
ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
7 Wɔde Onyankopɔn Apam Adaka no sii teaseɛnam foforɔ so de firii Abinadab fie a Usa ne Ahio rekyerɛ ɛkwan.
সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
8 Dawid ne Israelfoɔ nyinaa firii wɔn ahoɔden mu too nnwom, bɔɔ mmɛn ahodoɔ a ebi yɛ asankuo, mmɛnta, mpintin, nnawuro ne ntotorobɛnto dii ahurisie wɔ Onyankopɔn anim.
দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
9 Nanso wɔduruu Nakon ayuporobea no, anantwie no anan totoeɛ maa Usa tenee ne nsa sɛ ɔretene Apam Adaka no.
যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
10 Ɛhɔ na Awurade abufuo sɔre tiaa Usa maa ɔwuiɛ ɛfiri sɛ, ɔde ne nsa aka Apam Adaka no. Enti Usa wuu wɔ Onyankopɔn anim hɔ ara.
১০উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
11 Dawid bo fuiɛ, ɛfiri sɛ Awurade abufuo atia Usa. Ɔtoo beaeɛ hɔ edin Peres-Usa a wɔda so frɛ hɔ saa de bɛsi ɛnnɛ.
১১যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
12 Afei, na Dawid suro Onyankopɔn, na ɔbisaa sɛ, “Ɛbɛyɛ dɛn na matumi de Onyankopɔn Apam Adaka yi aba abɛhwɛ so?”
১২দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
13 Enti, Dawid yɛɛ nʼadwene sɛ ɔnna mfa Apam Adaka no nkɔ Dawid kuro no mu. Mmom, ɔde kɔɔ Gatni, Obed-Edom fie wɔ Gat.
১৩সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
14 Onyankopɔn Apam Adaka no sii Obed-Edom abusuafoɔ nkyɛn abosome mmiɛnsa. Na Awurade hyiraa no ne ne fiefoɔ nyinaa.
১৪ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।

< 1 Berɛsosɛm 13 >