< Nnwom 9 >

1 Dawid dwom. Awurade, mefi me koma nyinaa mu ada wo ase. Mɛka wʼanwonwade no nyinaa.
হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
2 Mɛma mʼani agye na madi ahurusi wɔ wo mu. Mɛto ayeyi dwom ama wo din, Ɔsorosoroni.
মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
3 Mʼatamfo san wɔn akyi; wɔtetew hwe, na wowuwu wɔ wʼanim.
মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
4 Woadi mʼasɛm ama me, na menya mʼahofadi; woatena wʼahengua so, abu atɛntrenee.
তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
5 Woatwe amanaman no aso, na woasɛe amumɔyɛfo. Woapepa wɔn din a wɔrenkae wɔn bio.
তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
6 Ɔsɛe a enni awiei ato ɔtamfo no, woatutu wɔn nkuropɔn; na wɔnkae wɔn bio mpo.
শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
7 Awurade di hene daa daa; wasi nʼatemmu ahengua.
কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8 Ɔde trenee bebu wiase atɛn; ɔde atɛntrenee bedi nnipa no so.
তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
9 Awurade yɛ guankɔbea ma wɔn a wodi wɔn nya no, ɔyɛ abandennen wɔ ahohia mmere mu.
উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
10 Wɔn a wonim wo din no de wɔn ho bɛto wo so, efisɛ, wo Awurade, wunnyaw obiara a ɔhwehwɛ wo no mu da.
১০যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
11 Monto ayeyi dwom mma Awurade a ɔte ahengua so wɔ Sion; mompae mu nka nea wayɛ wɔ amanaman no mu.
১১যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
12 Na ɔkae nea ɔtɔ mogya so were no; ommu nʼani ngu ɔbrɛfo sufrɛ so.
১২কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
13 Awurade, hwɛ sɛnea mʼatamfo teetee me! Hu me mmɔbɔ na yi me fi owu apon ano,
১৩হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
14 na matumi apae mu aka wʼayeyi wɔ Ɔbabea Sion apon ano, na madi ahurusi wɔ wo nkwagye no mu hɔ.
১৪মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
15 Amanaman mufo atɔ amoa a wɔatu no mu; afiri a wosum hintaw no ayi wɔn anan.
১৫আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
16 Awurade atɛntrenee da no adi; amumɔyɛfo nsa ano adwuma ayi wɔn.
১৬ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, (চেলা)
17 Amumɔyɛfo san kɔ ɔda mu, amanaman a wɔn werɛ fi Onyankopɔn nyinaa. (Sheol h7585)
১৭যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; (Sheol h7585)
18 Nanso ɛnyɛ daa na ne werɛ befi ohiani, anaasɛ mmɔborɔni anidaso bɛyera korakora.
১৮অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
19 Sɔre! Awurade, mma ɔdesani nni nkonim, bu amanaman no atɛn wɔ wʼanim.
১৯হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
20 Bɔ wɔn hu, Awurade; na ma wonhu sɛ, wɔyɛ adesa bi kɛkɛ.
২০হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)

< Nnwom 9 >