< Mika 5 >
1 Mommoaboa mo asraafo ano, akofo kuropɔn, efisɛ atamfo atwa yɛn ho ahyia. Wɔde abaa bɛbɔ nea odi Israel so no wɔ nʼafono so.
১যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব।
2 “Nanso wo, Betlehem Efrata, ɛwɔ mu sɛ woyɛ ketewa wɔ Yuda mmusua mu de, nanso wo mu na obi befi ama me a obedi Israel so, na nʼase fi teteete.”
২কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
3 Enti wobɛto Israelfo paahwii, kosi sɛ ɔbea a awo aka no no bɛwo na ne nuanom mmarima nkae bɛsan akɔka Israelfo ho.
৩এই হেতুকে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।
4 Ɔbɛsɔre ahwɛ ne nguankuw wɔ Awurade ahoɔden mu, wɔ Awurade ne Nyankopɔn din kɛseyɛ mu. Na wɔbɛtena asomdwoe mu, na afei ne kɛseyɛ bedu asase awiei.
৪যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
5 Na ɔbɛyɛ wɔn asomdwoe. Sɛ Asiriafo bɛtow ahyɛ yɛn asase so, na wɔbɔ nsra fa yɛn aban mu a, yɛde nguanhwɛfo baason, mpo asahene baawɔtwe behyia wɔn.
৫তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন মেৰ-ছাগ ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
6 Wɔde afoa bedi Asiria asase so, wɔbɛtwe afoa de adi Nimrod asase so. Sɛ Asiriafo tow hyɛ yɛn so, bɔ nsra fa yɛn ahye so a, obegye yɛn afi wɔn nsam.
৬এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব। যেতিয়া অচূৰে আমাৰ দেশত সোমাব, আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।
7 Yakob asefo nkae no bɛfrafra nnipa bebree mu te sɛ obosu a efi Awurade, te sɛ osu a ɛpete gu sare so a ɛntwɛn ɔdesani, na ɔdesani biara rentumi nsiw ho kwan.
৭বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে।
8 Wɔbɛkan Yakob asefo nkae no afra aman no mu, wɔbɛfrafra nnipa bebree mu te sɛ gyata a ɔfra mmoa mu wɔ kwae mu, te sɛ gyata ba a ɔfra nguankuw mu a ɔbobɔ wɔn tetew wɔn mu na obiara ntumi nnye wɔn.
৮দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
9 Wɔbɛma wo nsa so sɛ woadi wʼatamfo so nkonim, na wɔbɛsɛe wʼatamfo nyinaa.
৯তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।
10 “Saa da no,” sɛnea Awurade se ni, “Mɛsɛe apɔnkɔ a wowɔ na mabubu wo nteaseɛnam.
১০“সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
11 Mɛsɛe nkuropɔn a ɛwɔ wʼasase so na madwiriw wo bammɔ dennen nyinaa agu.
১১মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।
12 Mɛsɛe wʼabayisɛm na wo ntafowayi to betwa.
১২মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম, আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব।
13 Mɛsɛe nsɛsode a wode wo nsa ayɛ ne abo ahoni a wowɔ no, na worenkotow nsɔre wo nsa ano adwuma bio.
১৩মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা;
14 Metutu Asera abosomnnua no afi wo mu na masɛe wo nkuropɔn.
১৪মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
15 Aman a wɔantie mʼasɛm no nyinaa, mede abufuw ne abufuwhyew bɛtɔ wɔn so were.”
১৫যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।