< Atemmufo 3 >
1 Awurade gyaw aman bi wɔ asase no so a na ɔnam so pɛ sɛ ɔsɔ Israelfo a wɔnkɔɔ Kanaan ko no bi da hwɛ.
১যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
2 Ɔyɛɛ saa de kyerɛɛ Israel nkyirimma a wɔnkɔɔ ɔko da no sɛnea wobenya akodi ho nimdeɛ.
২ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
3 Saa aman no ni: Filistifo (wɔn a na wɔhyɛ Filistifo ahemfo baanum bi ase no), Kanaanfo nyinaa, Sidonfo, Hewifo a na wɔte Lebanon bepɔw no so fi Baal Hermon bepɔw ho de kosi Lebo Hamat.
৩সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
4 Wogyaw saa nkurɔfo yi de sɔɔ Israelfo no hwɛe, pɛɛ sɛ wohu sɛ wobedi mmara a Awurade nam Mose so hyɛ maa wɔn agyanom no so ana.
৪যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।
5 Enti Israelfo no tenaa Kanaanfo, Hetifo, Amorifo, Perisifo, Hewifo ne Yebusifo no mu.
৫সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;
6 Na wodii wɔn ho aware. Israelfo mmabarima no warewaree wɔn mmabea na wɔde Israelfo mmabea nso maa wɔn mmabarima aware. Na Israelfo no som wɔn anyame.
৬তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।
7 Israelfo no yɛɛ nea ɛyɛ Awurade ani so bɔne. Wɔn werɛ fii Awurade wɔn Nyankopɔn, na wɔsom Baalim ahoni ne Asera nnua.
৭ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিলে।
8 Awurade abufuw mu yɛɛ den tiaa Israel nti, ɔde wɔn hyɛɛ Aramhene Kusan-Risataim nsam. Na Israelfo yɛɛ Kusan-Risataim nkoa mfirihyia awotwe.
৮এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহৰয়িমৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে। ইস্ৰায়েলৰ সন্তান সকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।
9 Nanso Israelfo su frɛɛ Awurade no, oyii ɔbarima bi sɛ ogyefo maa wɔn. Ne din ne Otniel a ɔyɛ Kaleb nua kumaa Kenas babarima.
৯কিন্তু তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰাৰ পাছত, যিহোৱাই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন উদ্ধাৰকর্তা থিয় কৰালে; তেওঁ হ’ল কনজৰ পুত্র কালেবৰ ভায়েক অৎনীয়েল।
10 Awurade honhom baa ne so, enti ɔbɛyɛɛ Israel otemmufo. Ɔko tiaa Aramhene Kusan-Risataim na Awurade maa Otniel dii ne so nkonim.
১০যিহোৱাৰ আত্মা অৎনীয়েলৰ ওপৰত স্থিতি হোৱাত তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰিলে। অৎনীয়েল যেতিয়া যুদ্ধলৈ ওলাই গৈছিল, যিহোৱাই তেওঁৰ হাতত অৰামৰ ৰজা কুচন-ৰিচাথয়িমক তুলি দিলে আৰু তেওঁক জয়ী কৰিলে। অৎনীয়েলত থকা শক্তিৰ দ্বাৰাই তেওঁ কুচন-ৰিচাথয়িমক পৰাজিত কৰিলে।
11 Enti asomdwoe baa asase no so mfirihyia aduanan. Na Kenas babarima Otniel wui.
১১তাৰ পাছত চল্লিশ বছৰলৈকে দেশত শান্তি আছিল; পাছত কনজৰ পুত্র অৎনীয়েলৰ মৃত্যু হ’ল।
12 Bio, Israelfo no yɛɛ nea ɛyɛ Awurade ani so bɔne, na ɛno nti, Awurade de tumi hyɛɛ Moabhene Eglon nsa ma odii Israel so.
১২ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।
13 Eglon boaboaa Amonfo ne Amalekfo ano ma wɔbɛkaa ne ho na wɔkɔtow hyɛɛ Israelfo so. Wodii wɔn so, faa kuropɔn Yeriko.
১৩অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে।
14 Israelfo no som Moabhene Eglon mfirihyia dunwɔtwe.
১৪তাতে ইস্ৰায়েলৰ সন্তান সকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল।
15 Nanso Israelfo no su frɛɛ Awurade bio no, Awurade maa wɔn ogyefo. Ne din ne Ehud, Gera babarima a ɔyɛ abenkumma na ofi Benyamin abusuakuw mu. Israelfo no somaa Ehud sɛ ɔmfa wɔn sonkahiri sika nkɔma Moabhene Eglon.
১৫ইয়াৰ পাছত পুনৰায় ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু যিহোৱাই তেওঁলোকৰ কাৰণে এহূদ নামৰ এজন উদ্ধাৰকৰ্তাক পঠালে। তেওঁ আছিল বিন্যামীনৰ বংশৰ গেৰাৰ পুতেক। তেওঁ বাওঁহতীয়া আছিল। মোৱাবৰ ৰজা ইগ্লোনক কৰ দিবৰ কাৰণে ইস্ৰায়েলৰ সন্তান সকলে তেওঁক পঠাইছিল।
16 Enti Ehud bɔɔ afoa anofanu a ne tenten yɛ nsateaa dunwɔtwe. Ɔde hyɛɛ ne srɛ nifa ho de siee nʼatade mu.
১৬এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে।
17 Ɔde sonkahiri sika no brɛɛ Eglon a wayɛ kɛse tobonn no.
১৭তেওঁ গৈ মোৱাবৰ ইগ্লোনক ৰজাক সেই কৰ আদায় দিলে; এই ইগ্লোন এজন অতিশয় শকত মানুহ আছিল।
18 Ɔde sika no maa no wiee no, Ehud gyaa wɔn a na wɔso sika no kwan ma wɔkɔɔ fie.
১৮কৰ দি এটোৱাৰ পাছত কৰ অনা লোকসকলক তেওঁ পঠাই দিলে।
19 Nanso bere a Ehud duu abo ahoni a ɛbɛn Gilgal no, ɔsan nʼakyi baa Eglon nkyɛn bɛka kyerɛɛ no se, “Mewɔ kokoamsɛm bi ka kyerɛ wo.” Enti ɔhene no maa nʼasomfo no nyinaa yɛɛ dinn na ɔmaa wɔn nyinaa fii ɔdan mu hɔ.
১৯কিন্তু তেওঁ নিজে হ’লে গিলগলৰ ওচৰত প্রতিমা খোদাই কৰা শিলবোৰ পর্যন্ত গৈ ঘুৰি আহি ক’লে, “মহাৰাজ, আপোনাক মোৰ এটা গোপন সংবাদ দিবলৈ আছে।” ৰজাই নিজৰ লোকসকলক ক’লে, “তোমালোকে মনে মনে থাকা”; তাতে তেওঁৰ লোকসকল কোঁঠাটোৰ পৰা গুছি গ’ল।
20 Afei, Ehud kɔɔ Eglon nkyɛn. Na ɔte abansoro dan bi a emu dwo mu. Ehud ka kyerɛɛ no se, “Mewɔ asɛm bi a efi Onyankopɔn nkyɛn ka kyerɛ wo!” Bere a ɔhene Eglon sɔre fii nʼakongua mu ara pɛ,
২০সেই সময়ত ৰজা ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, “আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।” ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল।
21 Ehud de ne nsa benkum twee afoa a ɔde ahyɛ ne srɛ nifa ho no de wɔɔ ɔhene no yafunu mu.
২১তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে।
22 Afoa no kɔɔ akyiri kosii sɛ ne bona no mpo wuraa ɔhene no srade mu maa ɛso katae. Enti Ehud gyaa afoa no wɔ yafunu no mu maa ne nsono tu gui.
২২নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে।
23 Afei, Ehud totoo apon no mu foroo agyanan dan no, faa ne asuten no mu guan kɔe.
২৩পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঁঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
24 Ehud kɔe akyi no, ɔhene asomfo no baa hɔ behuu sɛ wɔatoto apon a ɛkɔ aban no so no mu. Na wodwen sɛ ɔwɔ agyananbea hɔ,
২৪এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে যে ওপৰ কোঁঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা হৈছে। সিহঁতে ক’লে, “ৰজাই নিশ্চয়ে ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।”
25 enti wɔtwɛnee. Wɔtwɛn ara na ɔhene no mma no, ɛhaw wɔn ma wɔkɔhwehwɛɛ safe bi. Na wobuee pon no, wohuu sɛ wɔn wura awu da fam.
২৫বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
26 Bere a asomfo no retwɛn no, Ehud guan faa abo ahoni no so a ɔrekɔ Seira.
২৬ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে।
27 Oduu Efraim bepɔw asase no so no, Ehud hyɛn torobɛnto kyerɛɛ ɔman no sɛ wɔmfa akode mmra. Enti odii Israelfo kuw bi anim sian bepɔw no.
২৭সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
28 Ɔka kyerɛɛ wɔn se, “Munni mʼakyi. Awurade ama moadi Moabfo a wɔyɛ mo atamfo no so nkonim.” Enti wotu dii nʼakyi. Israelfo no faa asubɔnten Yordan baabi a ɛhɔ nnɔ a wofi Moab twa. Ɛno nti na obiara ntumi mfa hɔ ntwa Asubɔnten no.
২৮তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।
29 Wɔtow hyɛɛ Moabfo no so. Wokunkum wɔn dɔmmarima no bɛyɛ mpem du. Wɔn mu biara antumi anguan.
২৯সেই সময়ত তেওঁলোকে প্ৰায় দহ হাজাৰ মোৱবীয়া লোকক বধ কৰিলে। মোৱাবীয়াসকল হৃষ্ট-পুষ্ট বীৰ পুৰুষ আছিল; কিন্তু কোনোৱে পলাই যাব নোৱাৰিলে।
30 Enti Israelfo dii Moabfo so nkonim saa da no, na asomdwoe baa asase no so mfirihyia aduɔwɔtwe.
৩০সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।
31 Ehud akyi no, Anat babarima Samgar gyee Israelfo. Ɔde nantwika abaa kum Filistifo ahansia.
৩১এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে পলেষ্টীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।