< Atemmufo 18 >

1 Saa bere no mu na Israel nni ɔhene. Na Dan abusuakuw rehwehwɛ baabi atena, efisɛ na wontumi mpam nnipa a wɔte asase a wɔde maa wɔn no so.
সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্‍হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল।
2 Enti mmarima a wofi Dan abusuakuw yii akofo baanum a na wɔte Sora ne Estaol sɛ wɔnkɔhwehwɛ asase a wobetumi atena so. Bere a saa akofo yi duu Efraim bepɔw asase so no, wɔkɔɔ Mika fi kɔdaa hɔ anadwo no.
তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।
3 Wotiee Lewini aberante no sɛnea na ɔrekasa no, wɔde no kɔɔ nkyɛn bisaa no se, “Hena na ɔde wo baa ha na dɛn na woreyɛ? Na adɛn nti na wowɔ ha?”
তেওঁলোকে মীখাৰ ঘৰৰ ওচৰত থাকোঁতে, সেই লেবীয়া ডেকাৰ উচ্ছাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, “এই ঠাইলৈ তোমাক কোনে আনিলে? আৰু ইয়াত তোমাৰ কি কাম?”
4 Ɔkaa nhyehyɛe a ɔne Mika ayɛ kyerɛɛ wɔn na ɔkyerɛɛ mu sɛ, ɔyɛ ɔsɔfo ma Mika.
তাতে তেওঁ তেওঁলোকক ক’লে, “মীখাই মোলৈ এই দৰে ব্যৱহাৰ কৰিলে; তেওঁ মোক বেতন দিবলৈ স্বীকাৰ কৰাত মই তেওঁৰ পুৰোহিত হ’লো।”
5 Na wɔkae se, “Bisa Awurade ma yɛn sɛ yɛn akwantu yi besi yiye anaasɛ ɛrensi yiye.”
তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মঙ্গল হ’ব নে নহ’ব, সেই বিষয়ে আমি জানিবৰ কাৰণে, তুমি ঈশ্বৰক সোধা।”
6 Ɔsɔfo no kae se, “Monkɔ no asomdwoe mu, efisɛ, Awurade bedi mo anim wɔ mo akwantu no mu.”
তাতে সেই পুৰোহিতে তেওঁলোকক ক’লে, “কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ যিহোৱাৰ সাক্ষাতত আছে।”
7 Na mmarima baanum no kɔɔ kurow bi a wɔfrɛ no Lais mu. Wohuu sɛ nnipa a hwee mfa wɔn ho te sɛ Sidonfo na wɔte hɔ. Na wɔwɔ asomdwoe ne bammɔ. Na nnipa no wɔ sika, efisɛ na wɔn asase no yɛ asase bere. Na wɔne Sidon ntam twe yiye, na wɔne obiara nni twaka.
তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।
8 Bere a wɔsan kɔɔ Sora ne Estaol no, wɔn nuanom bisaa wɔn se, “Dɛn na muhui?”
পাছত তেওঁলোকে চৰা আৰু ইষ্টায়োললৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ’ল, তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে “তোমালোকে কি সম্বাদ আনিছা?”
9 Na wobuae se, “Momma yɛnkɔtow nhyɛ wɔn so! Yɛahu asase no na eye pa ara. Monntwentwɛn mo anan ase koraa, monkɔfa asase no.
তেতিয়া তেওঁলোকে ক’লে, “ব’লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰোঁ! আমি সেই দেশ দেখিলোঁ; অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা।
10 Sɛ mudu hɔ a, mubehu nnipa a hwee mfa wɔn ho wɔ hɔ. Onyankopɔn ama yɛn asase bere yantamm a biribiara wɔ so.”
১০যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
11 Enti akofo ahansia a wofi Dan abusuakuw mu sii mu fii Sora ne Estaol.
১১তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
12 Wɔkyeree nsraban wɔ beae bi a ɛwɔ Kiriat-Yearim atɔe fam wɔ Yuda asase so. Wɔfrɛ hɔ Mahane Dan besi nnɛ.
১২তেওঁলোকে উঠি গৈ যিহূদাৰ কিৰিয়ৎ-যিয়াৰীমত ছাউনি পাতিলে; এই কাৰণে আজিলৈকে সেই ঠাইক মহনে-দান বোলে। সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পাছত আছে।
13 Wofi hɔ no, wɔkɔɔ Efraim bepɔw asase no so, baa Mika fi.
১৩পাছত তেওঁলোকে তাৰ পৰা ইফ্ৰয়িম পাহাৰীয়া অঞ্চললৈ যাত্রা কৰি গৈ মীখাৰ ঘৰ পালেগৈ।
14 Enti mmarima baanum a wɔkɔsraa Lais asase no ka kyerɛɛ wɔn a wɔaka no se, “Nsɔree so bi wɔ ha a asɔfotade kronkron, abusua ahoni, ne ohoni a wɔagu ho wɔ hɔ. Munim nea ɛsɛ sɛ yɛyɛ.”
১৪তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”
15 Enti mmarima baanum no kɔɔ Mika fi, faako a Lewini aberante no te na wokyiaa no fɛw so.
১৫তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে।
16 Saa bere no na akofo ahansia a wofi Dan abusuakuw mu no gyinagyina abɔntenpon no ano pɛɛ,
১৬আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।
17 na akwansrafo baanum no kɔɔ nsɔree so hɔ, kɔfaa ohoni, asɔfotade kronkron, ne abusua ahoni no.
১৭তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।
18 Bere a ɔsɔfo no huu sɛ mmarima no retwe akronkronne no afi Mika nsɔree so hɔ no, obisaa wɔn se, “Dɛn na moreyɛ yi?”
১৮যেতিয়া তেওঁলোকে মীখাৰ ঘৰত সোমাই কটা মুৰ্ত্তিটো, এফোদখন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে, তেতিয়া সেই পুৰোহিতে তেওঁলোকক ক’লে, “তোমালোকে কি কৰিছা?”
19 Wobuaa no se, “Mua wʼano! Di yɛn akyi na bɛyɛ yɛn nyinaa agya ne yɛn sɔfo. Wunnye nni sɛ eye sɛ wobɛyɛ Israel abusuakuw bi sɔfo sen sɛ wobɛyɛ onipa baako fi mu sɔfo?”
১৯তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক ফৈদৰ পুৰোহিত হোৱা ভাল?”
20 Ɔsɔfo aberante no ani gyei sɛ ɔne wɔn bɛkɔ. Enti ɔfaa asɔfotade kronkron no, abusua ahoni ne ohoni a wɔagu no.
২০তেতিয়া পুৰোহিতৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল আৰু তেওঁ এফোদ এখন, গৃহ-দেৱতাকেইটা আৰু কটা মুৰ্ত্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ’ল।
21 Wosii mu bio de wɔn mma, nyɛmmoa ne wɔn agyapade, dii wɔn anim.
২১তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল’ৰা-ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল’লে।
22 Bere a Dan abusuakuw mu nnipa no afi Mika fi kɔ akyirikyiri no, Mika ne nʼafipamfo mu bi tiw wɔn.
২২যেতিয়া তেওঁলোকে মীখাৰ ঘৰৰ পৰা কিছু আঁতৰ হৈ গ’ল, মীখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তান সকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ’ল আৰু দানৰ সন্তান সকলক মাতিবলৈ ধৰিলে।
23 Wɔbɛn wɔn no wɔteɛteɛɛ mu. Na Dan mmarima no dan wɔn ani kae se, “Dɛn na morehwehwɛ? Adɛn nti na woafrɛ nnipa yi aboa ano na moretaa yɛn sɛɛ?”
২৩তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?
24 Mika buae se, “Wubisa sɛ dɛn na worehwehwɛ a na wokyerɛ dɛn? Moafa mʼanyame nyinaa ne me sɔfo, na minni hwee bio!”
২৪তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
25 Dan mmarima no buae se, “Hwɛ nea woreka no yiye! Yɛn mu bi bo nkyɛ fuw, anhwɛ a wɔn bo befuw na wɔakum wo ne wʼabusuafo.”
২৫তেতিয়া দানৰ সন্তান সকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”
26 Enti Dan mmarima no toaa so kɔɔ wɔn kwan. Mika huu sɛ nnipa no dɔɔso a enti ontumi ntow nhyɛ wɔn so no, ɔdan ne ho kɔɔ fie.
২৬পাছত দানৰ পৰিয়ালৰ সন্তান সকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।
27 Dan mmarima faa Mika ahoni ne ne sɔfo no de wɔn baa kurow Lais a emu nnipa wɔ asomdwoe ne bammɔ no mu. Wɔtow hyɛɛ emu nnipa no so, kunkum wɔn nyinaa, hyew kurow no dwerɛbee.
২৭এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।
28 Na obiara nni hɔ a obegye kurow no mufo, efisɛ na nea wɔte no ne Sidon mu twe na wonni adɔfo a wɔbɛn nso. Saa asɛm yi sii wɔ obon a ɛbɛn Bet-Rehob no mu. Afei, Dan abusuakuw no mma san kyekyeree kurow no, na wɔtenaa hɔ.
২৮সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।
29 Wɔde kurow no too Dan a ɔyɛ wɔn tete agya Israel no ba, na kan no wɔfrɛ hɔ Lais.
২৯আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।
30 Afei, wogyinaa ohoni a wɔagu no na wɔfaa Gersom babarima Yonatan a ɔyɛ Mose aseni sɛ wɔn sɔfo. Saa ofi yi mu nnipa kɔɔ so yɛɛ asɔfo maa Dan abusuakuw kosii Otukɔ bere.
৩০পাছত দানৰ সন্তান সকলে নিজৰ বাবে সেই কটা মুৰ্ত্তি স্থাপন কৰিলে; তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মোচিৰ নাতিয়েক গেৰ্চোমৰ পুত্ৰ যোনাথন আৰু তাৰ সন্তান সকল দান ফৈদৰ পুৰোহিত হ’ল।
31 Enti Dan abusuakuw no toaa so som ohoni a ɛyɛ Mika dea no wɔ bere tenten a na Onyankopɔn Ahyiae Ntamadan no wɔ Silo.
৩১যেতিয়ালৈকে চীলোত ঈশ্বৰৰ গৃহ আছিল, তেতিয়ালৈকে তেওঁলোকে আপোনালোকৰ কাৰণে, মীখাই নিৰ্ম্মাণ কৰা সেই কটা-মুৰ্ত্তি স্থাপন কৰি ৰাখিলে।

< Atemmufo 18 >