< Hiob 10 >
1 “Abrabɔ afono me; enti mɛka mʼasɛm a meremfa hwee nsie na mɛkasa afi me kra yawdi mu.
১মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।
2 Mɛka akyerɛ Onyankopɔn se: Mmu me kumfɔ, na mmom kyerɛ kwaadu a wobɔ me.
২মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।
3 Ɛyɛ wo fɛ sɛ wohyɛ me so, de po wo nsa ano adwuma, na woserew hwɛ amumɔyɛfo nhyehyɛe?
৩তুমি উপদ্ৰৱ কৰিবলৈ, তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ, আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?
4 Wowɔ ɔhonam mu ani ana? Wuhu ade te sɛ ɔdesani ana?
৪তোমাৰ চকু জানো চৰ্ম্ম-চকু? আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?
5 Wo nkwanna te sɛ ɔdesani anaa wo mfe te sɛ onipa hoɔdenfo,
৫তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য? বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?
6 a enti ɛsɛ sɛ wohwehwɛ me mfomso na wopɛɛpɛɛ me bɔne mu?
৬তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা, আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,
7 Ɛwɔ mu, wunim sɛ minni fɔ, na obiara nso ntumi nnye me mfi wo nsam.
৭মই যে দুষ্ট নহওঁ, আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?
8 “Wo nsa na ɛnwenee me na ɛbɔɔ me. Afei wobɛdan wo ho asɛe me ana?
৮তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে, মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।
9 Kae sɛ wonwen me sɛ dɔte. Na wobɛdan me ayɛ me mfutuma bio ana?
৯সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা; পাছত আকৌ মোক ধুলিলৈ নিবা নে?
10 So woanhwie me sɛ nufusu na woammɔ me toa sɛ srade,
১০তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে? আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে?
11 amfa were ne honam ankata me ho ankeka nnompe ne ntin antoatoa mu ana?
১১তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা; হাড় আৰু সিৰেৰে মোক বলা।
12 Womaa me nkwa, yii ayamye kyerɛɛ me, na ɔhwɛsie mu wohwɛɛ me honhom so.
১২তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা; তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।
13 “Nanso eyi na wode siee wo koma mu, na minim sɛ na eyi wɔ wʼadwene mu.
১৩তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল- তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে,
14 Sɛ meyɛɛ bɔne a anka wobɛhwɛ me na wobɛma me so asotwe.
১৪মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
15 Na sɛ midi fɔ a, nnome nka me! Na sɛ mpo midi bem a, merentumi mma me ti so, efisɛ aniwu ahyɛ me ma na mʼamanehunu amene me.
১৫মই দুষ্ট হলে, মোক সন্তাপ হ’ব, ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;
16 Na sɛ mema me ti so a, wodɛɛdɛɛ me sɛ gyata, na bio woda wʼanwonwatumi no adi tia me.
১৬মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা, আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;
17 Wode nnansefo foforo betia me na woma wʼabufuw ano yɛ den wɔ me so; wʼasraafo tu ba me so bere biara.
১৭তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা, আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।
18 “Adɛn nti na woma wɔwoo me? Ɛkaa me nko a anka miwui ansa na ani bi rehu me.
১৮তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা? নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন।
19 Sɛ anka mamma nkwa yi mu, anaasɛ wɔsoaa me fi awotwaa mu de me kɔɔ ɔda mu tee!
১৯মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন, আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।
20 So ɛnkaa kakraa bi na me nna kakraa no to ntwaa ana? Gyaa me na minya anigye bere tiaa bi
২০মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা। মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;
21 ansa na makɔ koransan kusuuyɛ ne sunsuma kabii asase so,
২১য’ৰ পৰা মই উলটি নাহিম, সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,
22 asase a ɛyɛ anadwo sum kabii, sum kabii ne sakasaka, baabi a ɛhɔ hann mpo te sɛ sum.”
২২সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই; তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।”