< Yeremia 12 >
1 Woyɛ ɔtreneeni bere biara, Awurade, sɛ mede asɛm to wʼanim a. Nso me ne wo bɛkasa afa wʼatɛntrenee ho: Adɛn nti na amumɔyɛfo kwan si wɔn yiye? Adɛn nti na wɔn a wonni gyidi ho dwo wɔn?
১“হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
2 Woadua wɔn, na wɔagye ntin; wonyinyin na wɔsow aba. Wɔbɔ wo din bere biara nanso wɔn koma mmɛn wo.
২তুমি তেওঁলোকক ৰোপন কৰিলা, এনে কি, তেওঁলোক শিপালে। তেওঁলোক বাঢ়িছে, এনে কি, ফলো ধৰিছে; তুমি তেওঁলোকৰ মুখৰ বাক্যত ওচৰ, কিন্তু তেওঁলোকৰ হৃদয়ৰ পৰা দূৰ।
3 Nanso wunim me, Awurade; wuhu me, na wosɔ mʼadwene a mewɔ wɔ wo ho no hwɛ. Twe wɔn kɔ sɛ nguan a wɔrekotwitwa wɔn mu! Yi wɔn si nkyɛn ma okumda!
৩কিন্তু হে যিহোৱা, তুমি হ’লে মোক জানি আছা। মোক দেখিও আছা, আৰু তোমালৈ মোৰ মন কেনে, তাক পৰীক্ষাও কৰিছা। বধ কৰিবৰ কাৰণে উলিওৱা মেৰ-ছাগৰ দৰে তেওঁলোকক টানি উলিওৱা, আৰু হত্যা দিনৰ কাৰণে তেওঁলোকক পৃথক কৰি ৰাখা।
4 Asase no nkyen nkosi da bɛn na prama so sare nguan nkosi da bɛn? Esiane sɛ wɔn a wɔte so no yɛ amumɔyɛfo nti mmoa ne nnomaa a wɔwɔ so awuwu. Na nnipa no da so ka se, “Ɔrenhu nea ɛba yɛn so.”
৪কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।
5 “Sɛ wo ne mmarima atu mmirika ama woabrɛ a, ɛbɛyɛ dɛn na wo ne apɔnkɔ besi mmirikakan? Sɛ wuhintiw wɔ asase petee so a, ɛno de, dɛn na wobɛyɛ wɔ Yordan ho nkyɛkyerɛ mu?
৫তুমি পদাতিকসকলকৰ লগত লৰ মাৰিলে, তেওঁলোকে যদি তোমাক ক্লান্ত কৰে, তেন্তে ঘোঁৰাৰ লগত লৰ মাৰি কেনেকৈ জিকিবা? আৰু যদিও তুমি শান্তিৰ দেশত নিৰাপদে থাকা, তথাপি যৰ্দ্দনৰ শোভাস্বৰূপ অৰণ্যত কি কৰিবা?
6 Wo nuabarimanom, wʼankasa abusuafo, wɔn mpo ayi wo ama; wɔteɛ mu dennen tia wo. Mfa wo ho nto wɔn so, sɛ mpo wɔka wo ho asɛm pa a.
৬কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
7 “Megyaw me fi, ato mʼagyapade asaworam; mede nea medɔ no no bɛhyɛ nʼatamfo nsa.
৭মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
8 Mʼagyapade ayɛ me sɛ gyata a ɔwɔ kwae mu. Ɔbobɔ mu gu me so; ɛno nti metan no.
৮মোৰ পক্ষে মোৰ আধিপত্য কাঠনিত থকা সিংহৰ দৰে হ’ল; সি মোৰ বিৰুদ্ধে গুজৰিছে, সেই কাৰণে মই তাক ঘিণ কৰিলোঁ।
9 So mʼagyapade nyɛɛ me sɛ anomaa a nkekae sisi ne ho a ɔkyere mmoa na nnomaa foforo a wɔkyere mmoa atwa ne ho ahyia resosɔw no ana? Monkɔboaboa nkekaboa nyinaa ano. Momfa wɔn mmra na wonkum wɔn.
৯মোৰ আধিপত্য মোৰ কাৰণে ফুটুকা-ফুটুকী চৰাইৰ নিচিনা নহয় নে? তাৰ চাৰিওফালে চিকাৰী চৰাইবোৰ নাই নে? তোমালোকে যোৱা, মোৰ আদিপত্য ভোজন কৰিবলৈ বনৰীয়া পশু আটাইবোৰ গোটাই আনাগৈ।
10 Nguanhwɛfo bebree bɛsɛe me bobeturo, na wɔatiatia me mfuw so; wɔbɛdan me mfuw fɛɛfɛ no ayɛ no asase hunu a ɛda mpan.
১০অনেক মেৰ-ছাগৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
11 Ɛbɛyɛ asase a ada mpan a, awo wosee na ɛda hɔ kwa wɔ mʼanim; asase no nyinaa bɛda mpan efisɛ obiara nni hɔ a ɔhwɛ so.
১১তেওঁলোকে তাক উচ্ছন্ন ঠাই কৰিলে, সেয়ে ধ্বংস হৈ মোৰ আগত বিলাপ কৰিছে; সমুদায় দেশ উচ্ছন্ন হ’ল, কাৰণ কোনেও মনোযোগ কৰা নাই।
12 Nkoko wosee a ɛwɔ nweatam no nyinaa so no na asɛefo bɛba abegu bebree, Awurade afoa bekunkum wɔn afi asase ano de akosi ano nohɔ; obiara remfa ne ho nni.
১২অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।
13 Wobedua atoko, nso wobetwa nsɔe; wɔbɛbrɛ wɔn ho nanso wɔrennya hwee. Wɔn ani bewu wɔ wɔn nnɔbaetwa ho. Awurade abufuwhyew nti.”
১৩তেওঁবিলাকে ঘেঁহু বৈ কাঁইট দালে। তেওঁলোকে দুখ কৰিও একো উপকাৰ নাপালে; তেওঁলোকে যিহোৱা প্ৰচণ্ড ক্ৰোধৰ কাৰণে নিজ নিজ ফলৰ বিষয়ে লজ্জিত হোৱা।
14 Nea Awurade se ni: “Na me yɔnkonom amumɔyɛfo a wɔfa agyapade a, mede maa me nkurɔfo Israelfo no de, metu wɔn afi wɔn nsase so na metu Yudafi afi wɔn mu.
১৪মই মোৰ প্ৰজা ইস্ৰায়েলক অধিকাৰ কৰোঁৱা অধিপত্যক স্পৰ্শ কৰা মোৰ আটাই দুষ্ট ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে যিহোৱাই এইদৰে কৈছে: চোৱা, মই তেওঁলোকৰ মাটিৰ পৰা তেওঁলোকক উঘালিম, আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা বংশকো উঘালিম।
15 Na sɛ mitu wɔn wie a, mehu wɔn mmɔbɔ bio, na mede wɔn mu biara bɛba nʼagyapade, ne nʼasase so.
১৫কিন্তু উঘলাৰ পাছত, মই পুনৰায় দয়া কৰিম; আৰু প্ৰতিজনক তাৰ আধিপত্যলৈ, আৰু তাৰ মাটিলৈ আনিম।
16 Na sɛ wosua me nkurɔfo akwan yiye na wɔbɔ me din ka ntam se, ‘Nokware sɛ Awurade te ase yi’ a, ɛwɔ mu sɛ mmere bi wɔkyerɛɛ me nkurɔfo ma wɔde Baal kaa ntam de, nanso wɔn ase betim wɔ me nkurɔfo mu.
১৬এনেকৈ তেওঁলোকে মোৰ প্ৰজাসকলক বালৰ নামেৰে শপত খাবলৈ শিকাইছিল, তেনেকৈ “যিহোৱাৰ জীৱনৰ শপত!” বুলি মোৰ নামেৰে শপত কৰিবলৈ মোৰ প্ৰজাসকলৰ পথ যদি তেওঁলোকে যত্নেৰে শিকে, তেন্তে মোৰ প্ৰজাসকলৰ মাজত তেওঁলোকক স্থাপন কৰা হ’ব।
17 Nanso sɛ ɔman bi antie a, metu nʼase, na masɛe no korakora,” Awurade na ose.
১৭যদি তেওঁলোকে নুশুনে, তেন্তে মই সেই জাতিক উঘালি পেলাম। আৰু নিশ্চয়কৈ উঘালি পেলাই তাক নষ্ট কৰিম। এইয়েই যিহোৱাৰ ঘোষণা।”