< Yesaia 48 >

1 “Muntie eyi, Yakobfifo mo a wɔde Israel din frɛ mo, na moyɛ Yuda asefo, mo a mobɔ Awurade din ka ntam, na mofrɛ Israel Nyankopɔn, nanso ɛnyɛ nokware anaa trenee mu,
হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমূহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
2 mo a mofrɛ mo ho kurow kronkron no mma na mode mo ho to Israel Nyankopɔn so, Asafo Awurade ne ne din.
কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয়, আৰু বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত ইস্ৰায়েলৰ ঈশ্বৰত বিশ্বাস কৰে।
3 Mehyɛɛ nneɛma a atwa mu no ho nkɔm dedaada, mebɔɔ nkae, na medaa no adi; afei mpofirim mekekaa me ho na ɛbaa mu.
মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলোঁ; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলোঁ; অকস্মাৎ মই সেইবোৰ সিদ্ধ কৰিলোঁ, আৰু সেইবোৰ ঘটি উঠিল।
4 Na minim sɛnea moyɛ asoɔden fa mo kɔn ho ntin yɛ dade na mo moma yɛ kɔbere mfrafrae.
কাৰণ মই জানো, যে, তুমি অবাধ্য, তোমাৰ ডিঙিৰ মাংসপেশী লোহাৰ দৰে টান, আৰু তোমাৰ কপাল পিতলস্বৰূপ,
5 Enti, mekaa saa nsɛm yi kyerɛɛ mo dedaada ansa na ɛrebesisi no, mebɔɔ mo nkae sɛnea morentumi nka se, ‘Mʼahoni na wɔyɛe: me dua nsɛsode ne me dade nyame na ɔhyɛe.’
এই হেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ; সেইবোৰ ঘটাৰ পূর্বেই মই তোমাক জনালোঁঁ, যাতে তুমি নোকোৱা “সেইবোৰ মোৰ মূৰ্ত্তিয়ে কৰিলে,” বা “মোৰ কটা প্ৰতিমাই মোৰ সাঁচত ঢলা মূৰ্ত্তিয়ে সেইবোৰ আজ্ঞা কৰিলে।”
6 Moate eyinom nyinaa; monhwɛ wɔn nyinaa. Morennye wɔn nto mu ana? “Efi saa bere yi de rekɔ mɛka nsɛm foforo akyerɛ mo, ɛfa nneɛma a ahintaw a munnim ho.
তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলোঁ তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।
7 Afei na wɔayɛ koraa, ɛnkyɛe; ebesi nnɛ no na anka montee ho hwee. Enti morentumi nka se, ‘Yiw na minim dedaw!’
সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল, এই বুলি তুমি নকবৰ নিমিত্তে, আজিৰ পূৰ্বতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক’ব নোৱাৰা যে, “হ’য় মই এই বিষয়ে জানো।”
8 Wontee, na wontee ase; efi tete nyinaa wʼaso asiw. Na minim sɛ woyɛ ɔfatwafo; wɔfrɛɛ wo otuatewfo fi ɔyafunu mu.
তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্ৰোহী।
9 Me din nti metwentwɛn mʼabufuw so; mʼayeyi nti miyi fi wo so, sɛnea merensɛe wo koraa.
মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে ক্ৰোধ স্হগিত ৰাখিম, আৰু মোৰ সন্মানৰ কাৰণে কুন্ঠাবোধ কৰিম।
10 Hwɛ mahoa mo ho, ɛnyɛ sɛnea wɔnan dwetɛ ho; mmom, masɔ wo ahwɛ wɔ amanehunu fononoo mu.
১০চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।
11 Me nti, me nti, na meyɛ eyi. Adɛn nti na ɛsɛ sɛ mema ho kwan na wɔsɛe me din? Memma obi nnye mʼanuonyam.
১১মই নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে কাৰ্য কৰিম; কাৰণ মোৰ নাম কেনেকৈ অসন্মানিত হ’বলৈ দিব পাৰোঁ? মই মোৰ গৌৰৱ অন্য কাকো নিদিম।
12 “Tie me, Yakob, Israel a mafrɛ no; Me ne no; Me ne odikanfo ne okyikafo.
১২হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা; মইয়ে তেওঁ, মইয়ে আদি, মইয়ে অন্তও।
13 Me ara me nsa na ɛtoo asase fapem, na me nsa na ɛtrɛw ɔsorosoro mu; sɛ mefrɛ wɔn a, wɔn nyinaa bɔ mu sɔre.
১৩হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো, তেওঁলোক একেলগে থিয় হয়।
14 “Mo nyinaa mommɔ mu mmra mmetie: ahoni no mu nea ɔwɔ he na waka saa nsɛm yi dedaw? Awurade boafo a wapaw no bɛma nʼatirimpɔw a etia Babilonia aba mu; ne basa betia Babiloniafo.
১৪তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে? বাবিলৰ বিৰুদ্ধে যিহোৱা আৰু তেওঁৰ মিত্রই তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ কলদীয়াসকলৰ বিৰুদ্ধে যিহোৱাৰ ইচ্ছা পূর্ণ কৰিব।
15 Me, me na makasa. Yiw, mafrɛ no. Mede no bɛba, na obewie nʼadwuma nkonimdi so.
১৫মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব।
16 “Montwiw mmɛn me na muntie eyi: “Efi nkaebɔ a edi kan no, menkasaa wɔ kokoa mu; bere biara a ebesi no, na mewɔ hɔ.” Na afei Asafo Awurade de ne Honhom asoma me.
১৬তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা; মই আদিৰে পৰা গুপুতে কথা কোৱা নাই; এই ঘটনা যেতিয়া ঘটে, মই তাতে আছোঁ, এতিয়া প্ৰভু যিহোৱাই নিজ আত্মা দি মোক পঠালে।
17 Sɛɛ na Awurade se, mo gyefo, Israel Kronkronni no: “Mene Awurade mo Nyankopɔn, nea ɔkyerɛ mo nea eye ma mo, na ɔkyerɛ mo ɔkwan a ɛsɛ sɛ mofa so.
১৭তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
18 Sɛ mudii mʼahyɛde so a, anka mo asomdwoe ayɛ sɛ asubɔnten, na mo trenee ayɛ sɛ po asorɔkye.
১৮যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়! তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হয়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’ল হয়।
19 Anka mo asefo ayɛ sɛ nwea, na mo mma ayɛ sɛ ne mmosea a wontumi nkan; wɔn din rempepa da wɔrensɛe mfi mʼanim.”
১৯তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য, আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকা সমূহৰ দৰে অসংখ্য হ’লহেঁতেন; তেওঁলোকৰ নাম মোৰ আগৰ পৰা লুপ্ত বা নষ্ট নহ’ব।
20 Mumfi Babilonia, munguan mfi Babiloniafo nkyɛn! Momfa osebɔ nteɛmu mmɔ nkae na mompae mu nka eyi. Momfa nkɔ nsase ano; monka se, “Awurade abegye ne somfo Yakob.”
২০বাবিলৰ পৰা ওলাই আহা! কলদীয়াসকলৰ মাজৰ পৰা পলাই যোৱা! উচ্চ ধ্বনিৰে ইয়াক প্ৰকাশ কৰা! ইয়াক জানিবলৈ দিয়া, পৃথিৱীৰ সীমালৈকে প্ৰচাৰ কৰা! তোমালোকে কোৱা, ‘যিহোৱাই নিজ দাস যাকোবক মুক্ত কৰিলে।’”
21 Osukɔm anne wɔn bere a odii wɔn anim, wɔ nweatam ahorow so no, ɔmaa nsu fii ɔbotan mu ba maa wɔn; ɔpaee ɔbotan no mu, maa nsu tue fii mu.
২১যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল; তেওঁ তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে, আৰু তেওঁ শিলটো ফালিলত জল সমূহ বেগেৰে ওলাল।
22 “Asomdwoe nni hɔ mma amumɔyɛfo.” Sɛɛ na Awurade se.
২২যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”

< Yesaia 48 >