< Yesaia 13 >
1 Amos babarima Yesaia adehu a ɛfa Babilonia ho ni:
১আমোচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।
2 Ma frankaa so wɔ bepɔw a hwee nni so no atifi, teɛ mu frɛ wɔn: nyama wɔn ma wɔnhyɛn atitiriw no apon mu.
২তোমালোকে গছ-গছনি নথকা পৰ্ব্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা, আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা, প্রধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমায় যাবলৈ তোমাৰ হাত জোকাৰা।
3 Mahyɛ mʼahotewfo; mafrɛ mʼakofo sɛ wɔnna mʼabufuwhyew adi, wɔn a wodi me nkonimdi ho ahurusi.
৩মই মোৰ পবিত্ৰীকৃত লোকসকলক আদেশ দিলোঁ; হয়, মই মোৰ ক্ৰোধ কাৰ্যকাৰী কৰিবলৈ মোৰ পৰাক্রমী লোক এনে কি, গৰ্বেৰে উল্লাস কৰা সকলকো মাতিলোঁ।
4 Tie huuyɛ bi a ɛwɔ mmepɔw no so te sɛ dɔm kɛse bi de! Tie akasakasa a ɛwɔ ahenni ahorow mu, te sɛ amanaman a wɔreboaboa wɔn ho ano! Asafo Awurade reboa dɔm ano akɔ ɔko.
৪বহু লোকৰ চিঞৰৰ দৰে পৰ্ব্বতবোৰত বহুসংখ্যক লোকৰ শব্দ! বহু দেশ একলগ হৈ চিঞৰাৰ দৰে ৰাজ্যৰ প্রচণ্ড আলোড়ন! বাহিনীসকলৰ যিহোৱাই যুদ্ধৰ বাবে সৈন্যসকলক একত্রিত কৰিছে।
5 Wofifi akyirikyiri aman so, wofifi ɔsoro ahye so, Awurade ne nʼakode a ɛyɛ nʼabufuwhyew; bɛsɛe ɔman no nyinaa.
৫তেওঁলোকে দূৰ দিগন্ত দেশৰ পৰা, যিহোৱাৰ বিচাৰৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে সমগ্র দেশ ধ্বংস কৰিবলৈ আহিছে।
6 Twa adwo, na Awurade da no abɛn; ɛbɛba te sɛ ɔsɛe a efi Otumfo no.
৬যিহোৱাৰ সোধবিচাৰৰ দিন অতি ওচৰ; সৰ্ব্বশক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে।
7 Eyi nti, nsa nyinaa bedwudwo, obiara koma bɛbotow.
৭সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব;
8 Wɔbɛbɔ hu, ɔyaw ne apinisi bekita wɔn; wobebubu wɔn mu te sɛ ɔbea a awo aka no. Wɔde ahodwiriw bɛhwɛ wɔn ho wɔn ho anim, a wɔn ani asosɔ gya.
৮প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব।
9 Hwɛ, Awurade da no reba da bɔne a abufuw ne abufuwhyew wɔ mu, ɛrebɛsɛe asase no na asɛe abɔnefo a wɔte so no.
৯চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
10 Ɔsoro nsoromma ne wɔn akuw renhyerɛn. Sum beduru owia a ɛrepue na ɔsram nso renhyerɛn.
১০আকাশ মণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজৰ দীপ্তি প্ৰকাশ নকৰিব; পূৱাৰ পৰাই সূৰ্য আন্ধাৰেৰে আবৃত হ’ব, আৰু চন্দ্ৰই দীপ্তি নিদিব।
11 Mɛtwe wiase aso, ne bɔne nti, ne amumɔyɛfo wɔ wɔn nnebɔne ho. Metwa ahantanfo ahomaso so mɛbrɛ nea odi awurukasɛm no ahantan ase.
১১মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।
12 Mɛma onipa ho ayɛ na asen sika kɔkɔɔ ankasa ɔbɛsen Ofir sikakɔkɔɔ.
১২মই মানুহক শুদ্ধ সোণতকৈ, আৰু মনুষ্যক ওফীৰৰ শুদ্ধ সোণতকৈয়ো দুৰ্ল্লভ কৰিম।
13 Enti mɛma ɔsoro awosow; na asase ahinhim wɔ ne sibea wɔ Asafo Awurade abufuwhyew ano nʼabufuwhyewda no.
১৩এই হেতুকে মই আকাশ মণ্ডলক কঁপাম, আৰু বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড খঙৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ’ব।
14 Te sɛ ɔwansan a ɔbɔmmɔfo rehwehwɛ no akum no, te sɛ nguan a wonni ɔhwɛfo, obiara bɛkɔ ne nkurɔfo mu, obiara beguan akɔ nʼasase so.
১৪খেদা খোৱা হৰিণৰ বা ৰখীয়া নথকা মেৰ-ছাগৰ দৰে তেওঁলোক প্ৰতিজনে নিজৰ দেশলৈ পলাই যাব।
15 Obiara a wɔbɛfa no dedua no, wobehwirew no afoa akum no; wɔn a wɔbɛkyere wɔn no nyinaa bɛtotɔ wɔ afoa ano.
১৫বিচাৰি পোৱা প্রতিজনকে হত্যা কৰা হ’ব, আৰু বন্দী কৰা প্রতিজনকে তৰোৱালেৰে বধ কৰা হ’ব।
16 Wɔbɛtotow nkokoaa ahwehwe fam wɔ wɔn anim: wɔbɛfom wɔn afi mu nneɛma na wɔato wɔn yerenom mmonnaa.
১৬তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ কেঁচুৱাবোৰক দলিয়াই ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ ঘৰবোৰ লুট কৰা হ’ব, আৰু তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰা হ’ব।
17 Hwɛ mɛhwanyan Mediafo atia wɔn, wɔn na wɔmfa dwetɛ nyɛ hwee na wɔn ani nnye sikakɔkɔɔ ho.
১৭চোৱা, ৰূপ গণ্য নকৰা, আৰু সোণতো সন্তুষ্ট নোহোৱা লোকসকলক আক্রমণ কৰিবলৈ মই মাদিয়াসকলক উচটাম।
18 Wɔn tadua bɛbobɔ mmerante ahwehwe fam; wɔrenhu nkokoaa mmɔbɔ na wɔrennya ayamhyehye mma mmofra.
১৮তেওঁলোকৰ ধনুকাঁড় ডেকাসকলক বিন্ধিব, তেওঁলোকে শিশুবোৰক দয়া নকৰিব, আৰু সন্তান সকলক কৃপাদৃষ্টি নকৰিব।
19 Babilonia, ahenni ahorow mu ɔbohemaa, anuonyam a Babiloniafo de hoahoa wɔn ho no Onyankopɔn bɛdan abutuw te sɛ Sodom ne Gomora.
১৯আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব।
20 Nnipa rentena hɔ bio awo ntoatoaso nyinaa mu; Arabni biara rensi ne ntamadan wɔ hɔ oguanhwɛfo biara remfa ne nguan nkɔhome wɔ hɔ.
২০সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
21 Nanso sare so mmoa bɛda hɔ. Sakraman bɛyɛ nʼafi no mu ma; hɔ na mpatu bɛtena, hɔ na wura mu mmirekyi nso bedi agoru.
২১কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব; তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ’ব, আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জপিয়াব।
22 Mpataku bɛtena nʼabandennen mu, adompo bɛyɛ nʼahemfi fɛfɛ no mu ma. Ne bere aso, na wɔrentwe ne nna mu.
২২তেওঁলোকৰ দুর্গবোৰত ৰাংকুকুৰ, আৰু মনোহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব। তেওঁৰ সময় ওচৰ চাপিছে, আৰু তেওঁৰ দিনবোৰ বিলম্ব নকৰিব।