< Ɛsra 6 >
1 Enti ɔhene Dario hyɛɛ sɛ, wɔnkɔhwehwɛ Babilonia nneɛma dedaw akorae hɔ faako a wɔkora nneɛma a ɛsom bo no.
১সেয়ে দাৰিয়াবচ ৰজাই বাবিলৰ ৰাজভঁৰালত থকা নথি-পত্ৰবোৰ বিচাৰ কৰিবলৈ আজ্ঞা দিলে।
2 Na Ekbatana aban a ɛwɔ Mediaman no mu hɔ no na wohuu krataa mmobɔwee bi. Na emu nsɛm ni: Amanneɛbɔ krataa:
২মাদীয়াৰ অকমথাত নগৰৰ গড়ত এখন নুৰিওৱা পুথি পোৱা গ’ল; সেই পুথিত এই বিৱৰণ লিখা আছিল:
3 Ɔhene Kores dii ade nʼafe a edi so no, wɔhyɛɛ mmara faa Onyankopɔn asɔredan a ɛwɔ Yerusalem no ho. Ɛkae se ɛsɛ sɛ wɔsan si no wɔ beae a na Yudafo bɔ wɔn afɔre hɔ, wɔ fapem dedaw no so. Ɛsɛ sɛ ne sorokɔ yɛ anammɔn aduɔkron, na ne trɛw nso anammɔn aduɔkron.
৩“কোৰচ ৰজাৰ প্ৰথম বছৰত, কোৰচ ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিল: ‘বলিদানৰ বাবে গৃহটো নিৰ্ম্মাণ কৰা হওঁক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল ষাঠি হাত,
4 Abo a wɔasiesie no sononko no mmeaso abiɛsa biara so no, ɛsɛ sɛ wɔde nnua gu. Na adehye foto mu na wobefi atua ho ka.
৪তিনি শাৰী ডাঙৰ শিল আৰু এশাৰী নতুন কাঠৰ সৈতে নিৰ্ম্মাণ কৰা হওক। এই নিৰ্ম্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক।
5 Sikakɔkɔɔ ne dwetɛ nkuku ne nkaka a Nebukadnessar tase fii Onyankopɔn asɔredan a esi Yerusalem no mu de kɔɔ Babilonia no, ɛsɛ sɛ wɔsan de kɔ Yerusalem, de kogu Onyankopɔn asɔredan no mu sɛnea na ɛte no.
৫ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক। সেইবোৰ যিৰূচালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক।’
6 Na ɔhene Dario de saa nkra yi somae: Mede krataa yi kɔma amrado Tatenai a ɔwɔ asu Eufrate agya ne Setar-Bosnai ne mo mfɛfo ne mpanyimfo a wɔwɔ Eufrate agya sɛ monnkɔ hɔ.
৬চথৰ-বোজনয় তত্তনয় আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী কৰ্মচাৰীসকলৰ পৰা আঁতৰি থাকা।
7 Monnkotwintwan Onyankopɔn asɔredan no si anan mu. Wonsi no wɔ beae dedaw mu hɔ ara, na monntoto Yuda amrado ne Yudafo mpanyimfo anan mu wɔ adwuma no yɛ ho.
৭ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহূদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্ম্মাণ কৰক।
8 Na mesan hyɛ mo bio sɛ, mommoa saa Yudafo mpanyimfo no wɔ Onyankopɔn asɔredan no si mu. Ɛsɛ sɛ mutua adansi no ho ka nyinaa fi tow a mugyigye fi mo man mu a monntwentwɛn so koraa, sɛnea adwuma no yɛ renka.
৮যিসকল যিহূদী বৃদ্ধলোকে ঈশ্বৰৰ সেই গৃহ নিৰ্ম্মাণ কৰি আছে তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁ: সেই লোকসকলৰ কাৰ্য বন্ধ নহবৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক।
9 Biribiara a ɛho hia asɔfo a wɔwɔ Yerusalem, sɛ ebia, nantwimma, adwennini ne nguantenmma a wɔde bɛbɔ ɔhyew afɔre ama Onyankopɔn a ɔwɔ ɔsorosoro no, momfa mma wɔn. Afei, momma wɔn atoko, nkyene, nsa ne ngo a ɛho behia wɔn da biara a monnto mu.
৯স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম-বলি দিবলৈ যিৰূচালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্রতিদিনে ক্ষতি নকৰাকৈ যি যি প্রয়োজনীয় বস্তু যেনে, দমৰা, মতা মেৰ বা মেৰ-ছাগ পোৱালি, ঘেঁহু, লোণ, দ্রাসাৰস, বা তেল, এইসকলো বস্তু তেওঁলোকক দিয়া হওক।
10 Sɛ ɛba saa a, wobetumi abɔ afɔre a ɛsɔ ani ama ɔsorosoro Nyankopɔn, na wɔabɔ mpae ama me ne me mmabarima.
১০স্ৱৰ্গৰ ঈশ্ৱৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্রসকলৰ কাৰণে তেওঁলোকে প্রাৰ্থনা কৰিবলৈ তোমালোকে এই দৰে কৰা।
11 Wɔn a wobebu mmara no so wɔ ɔkwan biara so no, wobeyi wɔn adan so mpuran, na wɔde wɔn abobɔ mu, abɔ wɔn mmaa, ama wɔn afi adwiriw, adan sumina siw.
১১মই আজ্ঞা কৰিছোঁ, যে, যি কোনোৱে এই আজ্ঞা লঙ্ঘন কৰিব, তাৰ ঘৰৰ চালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আৰি থোৱা হ’ব আৰু সেই দোষৰ বাবে তেওঁৰ ঘৰ জাবৰৰ দ’ম কৰা হ’ব।
12 Onyankopɔn a wayi Yerusalem kurow sɛ beae a wɔnhyɛ ne din anuonyam no nsɛe ɔhene anaa ɔman biara a wobebu ne mmara so, asɛe asɔredan no. Me Dario na mahyɛ saa mmara yi. Ma ɔmanfo ntie no aso pa mu.
১২যিকোনো ৰজা আৰু প্ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা-লঙ্ঘন কৰিব, তেওঁক ঈশ্ৱৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবচে, এই আজ্ঞা কৰিছোঁ। ইয়াক সম্পূৰ্ণভাৱে পালন কৰা।”
13 Na Tatenai a ɔyɛ asu Eufrate agya amrado ne Setar-Bosnai ne ne mfɛfo dii Dario mmara a ɔhyɛɛ no so prɛko pɛ.
১৩তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে।
14 Enti Yudafo mpanyimfo toaa wɔn dwumadi no so na asɛm a adiyifo Hagai ne Ido babarima Sakaria kae no hyɛɛ wɔn nkuran. Na wowiee asɔredan no si, sɛnea Israel Nyankopɔn hyɛe na Kores, Dario ne Persiahene Artasasta hyɛɛ mmara no.
১৪সেয়ে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে।
15 Wowiee asɔredan no si wɔ Abib (bɛyɛ Ɔbɛnem) da a ɛto so dumien, ɔhene Dario ahenni mfe asia so.
১৫ৰজা দাৰিয়াবচৰ ৰাজত্বৰ ষষ্ঠ বছৰৰ, অদৰ মাহৰ (মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্রিল মাহৰ পূৰ্ণিমালৈকে) তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ’ল।
16 Israelfo, asɔfo, Lewifo ne nnipa no nkae a wofi nnommum mu aba no de ahosɛpɛw too Onyankopɔn asɔredan no din.
১৬ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ইস্ৰায়েলৰ লোক, পুৰোহিত, লেবীয়া আৰু বন্দীত্বৰ পৰা অহা লোকসকলে ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ঈশ্ৱৰলৈ উৎসৰ্গা কৰিলে।
17 Onyankopɔn asɔredan no dinto afahyɛ no mu no, wɔde nantwimma ɔha, adwennini ahannu ne nguantenmma ahannan bɔɔ afɔre. Na wɔmaa mmirekyi dumien sɛ bɔne ho afɔrebɔde, de gyinaa hɔ maa Israel mmusuakuw dumien no.
১৭ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে এশ দমৰা, এশ মতা মেৰ-ছাগ, আৰু চাৰিশ মেৰ-ছাগ পোৱালি, তেওঁলোকে দান দিলে। ইস্রায়েলত থকা প্রতিটো জাতিৰ বাবে এটা আৰু সকলো ইস্রায়েল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে বাৰটা মতা ছাগলীও দান কৰিলে।
18 Na wɔkyekyɛɛ asɔfo ne Lewifo no mu, sɛnea wɔn akuw ahorow te no ma wɔsom wɔ Onyankopɔn asɔredan no mu wɔ Yerusalem, sɛnea wɔakyerɛw wɔ Mose Nhoma mu no.
১৮মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।
19 Adar ɔsram (bɛyɛ Oforisuo) da a ɛto so aduonu baako no, wɔn a wofi nnommum mu bae no dii Twam Afahyɛ.
১৯সেয়ে প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা বন্দীত্বৰ পৰা অহা লোকসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।
20 Asɔfo no ne Lewifo no dwiraa wɔn ho maa wɔn ho tew maa afahyɛ no. Enti wokum Twam Afahyɛ guamma maa wɔn a wofi nnommum mu bae no nyinaa ne asɔfo a wɔaka ne wɔn ankasa wɔn ho.
২০পুৰোহিত আৰু লেবীয়াসকলে নিজকে শুচি কৰিলে আৰু যি সকল বন্দীত্বৰ পৰা আহিছিল, তেওঁলোক সকলোৰে বাবে নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিলে।
21 Nnipa a wɔwɔ Israel a wofi nnommum mu aba no ne nnipa no nkae a wɔwɔ ɔman no mu no a wɔadan afi wɔn amumɔyɛ akwan ho abɛsom Awurade, Israel Nyankopɔn, no na wodii twam aduan no.
২১বন্দীত্বৰ পৰা অহা ইস্ৰায়েলৰ লোকসকল, যিসকলে দেশৰ অশুচি লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইস্রায়েলৰ ঈশ্ৱৰ যিহোৱাৰ উদ্দেশ্যে হৰ্ষধ্ৱনি কৰিলে, তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে।
22 Wodii Twam Afahyɛ aduan no, na wɔde nnanson nso dii Apiti Afahyɛ no. Ahosɛpɛw baa ɔman no mmaa nyinaa, efisɛ Awurade sakraa Asiriahene adwene a ɔwɔ wɔ wɔn ho ma ɔboaa wɔn sii Onyankopɔn, Israel Nyankopɔn, asɔredan no.
২২তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে।