< Hesekiel 9 >

1 Afei metee sɛ ɔde nne kɛse teɛ mu se, “Momfa kuropɔn no awɛmfo no mmra ha, a obiara kura akode.”
তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।”
2 Mihuu sɛ mmarima baasia fi atifi pon a ɛkyerɛ atifi fam reba, na obiara kura awudi akode. Na ɔbarima bi a ofura nwera na nkyerɛwde kotoku bɔ ne nkyɛn mu ka wɔn ho. Wɔba begyinaa kɔbere mfrafrae afɔremuka no ho.
তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।
3 Na Israel Nyankopɔn anuonyam maa ne ho so fi kerubim no so, faako a na anka ɛwɔ no, kɔɔ asɔredan no kwan ano. Afei Awurade frɛɛ ɔbarima a na ofura nwera na nkyerɛwde kotoku bɔ ne nkyɛn mu no
তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে।
4 ka kyerɛɛ no se, “Nantew fa Yerusalem nkuropɔn nyinaa mu na fa agyiraehyɛde keka wɔn a wosu na wodi awerɛhow wɔ akyiwadeyɛ a ɛkɔ so nyinaa ho no moma so.”
যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
5 Meretie no, ɔka kyerɛɛ wɔn a aka no se, “Munni nʼakyi mfa kuropɔn no mu na munkunkum, a monnkyerɛ ahummɔbɔ anaa ɔtema biara.
তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
6 Munkunkum nkwakoraa, mmerante ne mmeawa, mmea ne mmofra, nanso mommfa mo nsa nka obi a ɔwɔ agyiraehyɛde no. Mumfi ase wɔ me kronkronbea hɔ.” Enti wɔde mpanyimfo a wɔwɔ asɔredan no anim no fii ase.
বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
7 Ɔka kyerɛɛ wɔn se, “Mungu asɔredan no ho fi na momfa wɔn a wɔakunkum wɔn no nhyɛ adiwo hɔ ma. Monkɔ!” Enti wɔkɔe, na wofii ase kunkum nnipa wɔ Yerusalem kuropɔn no mu nyinaa.
তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।
8 Bere a wɔrekunkum na aka me nko ara no, mibutuw hɔ sui se, “Aa, Otumfo Awurade! Worebɛsɛe Israel nkae yi nyinaa esiane wʼabufuwhyew a aba Yerusalem so yi nti ana?”
যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
9 Na obuaa me se, “Israelfi ne Yuda amumɔyɛ dɔɔso dodo; mogyahwiegu ahyɛ asase no so ma na ntɛnkyew ahyɛ asase no so ma. Wɔka se, ‘Awurade agyaw asase no; Awurade nhu.’
তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
10 Ɛno nti, merenhu wɔn mmɔbɔ na meremma wɔmmfa wɔn ho nni, na mɛma nea wɔayɛ no abɔ wɔn ankasa ti so.”
১০গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
11 Afei ɔbarima a ofura nwera na nkyerɛwe ade bɔ ne nkyɛn mu no de nkra bae se, “Mayɛ sɛnea wohyɛe no.”
১১আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।

< Hesekiel 9 >