< Ɔsɛnkafo 3 >
1 Biribiara wɔ ne bere, na dwumadi biara a ɛwɔ ɔsoro ase wɔ ne bere.
১প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে।
2 Awo wɔ ne bere, na owu wɔ ne bere, ogu wɔ ne bere na otwa nso wɔ ne bere,
২জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ সময় আছে; ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে।
3 okum wɔ ne bere na ayaresa wɔ ne bere, obubu wɔ ne bere, na osi nso wɔ ne bere,
৩বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।
4 agyaadwotwa wɔ ne bere, na ɔserew nso wɔ ne bere, awerɛhow wɔ ne bere na asaw wɔ ne bere,
৪কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।
5 abo hwete wɔ ne bere na abo anoboa wɔ ne bere, atuuyɛ wɔ ne bere na ne ntetewmudi nso wɔ ne bere,
৫শিল দলিয়াবৰ আৰু শিল গোটাবৰো সময় আছে। আঁকোৱালি লোৱাৰ সময় আৰু আঁকোৱালি ধৰাৰ পৰা আতৰি থকাৰ সময় আছে।
6 adehwehwɛ wɔ ne bere na adehwere wɔ ne bere, adekora wɔ ne bere na adetowgu wɔ ne bere,
৬বস্তু বিচাৰিবৰ সময় আছে, পুনৰ নিবিচৰাৰো এক সময় আছে। বস্তু ৰাখি থোৱা আৰু পেলাবৰো এক এক সময় আছে।
7 ade mu sunsuane wɔ ne bere na ne pempam wɔ ne bere, kommyɛ wɔ ne bere na kasa wɔ ne bere,
৭কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে; মনে মনে থকাৰ সময় আৰু কথা মৈদাম সময় আছে।
8 ɔdɔ wɔ ne bere na ɔtan wɔ ne bere, ɔko wɔ ne bere na asomdwoe wɔ ne bere.
৮ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে; যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে।
9 Mfaso bɛn na odwumayɛni nya fi nʼadwumaden mu?
৯শ্রমিকে তেওঁৰ পৰিশ্রমৰ কি ফল লাভ কৰে?
10 Mahu adesoa a Onyankopɔn de ato nnipa so.
১০ঈশ্বৰে মনুষ্যক সম্পূর্ণ কৰিবলৈ যি কাম দিছে, তাক মই দেখিলোঁ।
11 Wayɛ biribiara fɛfɛ wɔ ne bere mu. Ɔde nkwa a ɛnsa da ahyɛ nnipa koma mu, nanso wontumi nte nea Onyankopɔn ayɛ fi mfiase kosi awiei no ase.
১১নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই।
12 Minim sɛ biribiara nni hɔ a eye ma nnipa kyɛn sɛ wobegye wɔn ani na wɔayɛ nea eye bere a wɔte ase.
১২মই জানিলোঁ যে, মানুহৰ বাবে জীৱন কালত আনন্দ আৰু সৎকৰ্ম কৰাৰ বাহিৰে ভাল একো নাই।
13 Sɛ obiara bedidi na wanom na wanya anigye wɔ ne dwumadi nyinaa mu, eyi ne Onyankopɔn akyɛde.
১৩ইও ঈশ্বৰৰ দান। প্ৰত্যেক মানুহে খোৱা-বোৱা কৰি সকলো কার্যতে সন্তুষ্ট হৈ থকা উচিত।
14 Minim sɛ biribiara a Onyankopɔn yɛ no bɛtena hɔ daa, wɔrentumi mfa biribi nka ho na wɔrentumi nyi biribi mfi mu. Onyankopɔn yɛ eyi sɛnea nnipa de nidi bɛma no.
১৪মই জানো যে, ঈশ্বৰে যি যি কৰে, সেই সকলো চিৰকাল থাকে; তাক বঢ়াবও নোৱাৰি বা কমাবও নোৱাৰি; ঈশ্বৰে এনেদৰে কৰিলে যাতে মানুহে তেওঁক ভয় কৰে।
15 Biribiara a ɛwɔ hɔ nnɛ no, aba pɛn, na nea ɛbɛba no nso aba dedaw; na Onyankopɔn bɛfrɛ nea asi dedaw no ama akontaabu.
১৫যি যি আছে, সেয়ে পূর্বেও আছিল; যি যি হব, সেয়াও পূর্বে আছিল; যি হৈ গ’ল, ঈশ্বৰে পুনৰ তাকেই বিচাৰে।
16 Na mihuu biribi foforo wɔ owia yi ase sɛ: Amumɔyɛsɛm wɔ nea atemmu wɔ, atɛntreneebea no, amumɔyɛsɛm wɔ hɔ.
১৬মই সূৰ্যৰ তলত আৰু এক বিষয় দেখিলোঁ যে, ন্যায় বিচাৰ আৰু ধার্মিকর্তাৰ ঠাইত দুষ্টতা আছে।
17 Medwenee wɔ me koma mu se, “Onyankopɔn bebu atreneefo ne amumɔyɛfo nyinaa atɛn, efisɛ adwuma biara benya ne bere, nneyɛe biara ne ne bere.”
১৭মই মনতে ক’লো, “ঈশ্বৰে ধাৰ্মিক আৰু দুষ্ট এই দুজনৰে বিচাৰ কৰিব; কাৰণ ঈশ্বৰৰ ওচৰত প্ৰত্যেক বিষয় আৰু কৰ্মৰ বাবে এক নিৰ্দিষ্ট সময় আছে।”
18 Afei medwenee se, “Nnipa de, Onyankopɔn sɔ wɔn hwɛ ma wohu sɛ wɔte sɛ mmoa.
১৮মই মনতে ক’লো, “ঈশ্বৰে লোকসকলক যেন পৰীক্ষা কৰি বুজিবলৈ দিয়ে যে, তেওঁলোক নিজে পশুতুল্য।”
19 Onipa nkrabea te sɛ mmoa de na ɛda hɔ ma wɔn nyinaa. Sɛnea ɔbaako wu no, saa ara na ɔfoforo nso wu. Wɔn nyinaa wɔ ɔhome baako; onipa nni biribi a ɔde kyɛn aboa. Biribiara yɛ ahuhude.
১৯কাৰণ মানুহলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে; পশু যেনেকৈ মৰে, মানুহো মৰে। উভয়ে একে বাযু়ৰ শ্বাস-প্ৰশ্বাস লয়; সেয়ে পশুতকৈ মানুহৰ কোনো প্রাধান্য নাই; কিয়নো একোৱেই স্থায়ী নহয়।
20 Wɔn nyinaa kɔ faako; wɔn nyinaa fi dɔte mu na wɔsan kɔ dɔte mu.
২০সকলোৱেই একে মাটিলৈকে যায়; সকলোৱেই ধুলিৰ পৰা আহিছে আৰু ধুলিলৈকে উলটি যায়।
21 Hena na onim sɛ onipa honhom foro soro na aboa de sian kɔ asase mu ana?”
২১মানুহৰ প্রাণবায়ু যে উৰ্দ্ধগামী হয় আৰু পশুৰ প্ৰাণবায়ু যে মাটিৰ তললৈ অধোগামী হয়, তাক কোনে জানে?
22 Enti mihuu sɛ biribiara nni hɔ a eye ma onipa kyɛn sɛ nʼani bɛka nʼadwuma ho, efisɛ ɛno ne ne kyɛfa. Na hena na obetumi de no asan aba sɛ ɔmmɛhwɛ nea ebesi ne wu nʼakyi?
২২মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?।