< Asomafo 18 >
1 Eyinom akyi no, Paulo fii Atene kɔɔ Korinto.
১ইয়াৰ পাছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল।
2 Ɛhɔ na ohyiaa Yudani bi a wɔfrɛ no Akwila a wɔwoo no wɔ Ponto a ɔne ne yere Priskila fi Italia aba hɔ a na ɛnkyɛe. Wofii Italia efisɛ na Roma hempɔn Klaudio ahyɛ mmara se Yudafo nyinaa mfi Roma asase so.
২তাতে তেওঁ পন্ত দেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্যা প্ৰিষ্কিলাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ নির্দেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
3 Paulo kɔtenaa wɔn nkyɛn ne wɔn yɛɛ adwuma, efisɛ na wɔn nyinaa nwen ntamadan.
৩তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে।
4 Na Paulo kɔ hyiadan mu homeda biara kɔka asɛm no de pɛɛ sɛ anka ɔdan Yudafo ne Helafo no adwene ma wogye di.
৪প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।
5 Bere a Silas ne Timoteo fii Makedonia bae no, Paulo de nʼadagyew nyinaa kaa Awurade asɛm no, dii adanse kyerɛɛ Yudafo no se Yesu ne Agyenkwa no.
৫চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
6 Bere a Yudafo no ampɛ sɛ wotie Paulo asɛnka, na wɔyeyaw no no, ɔde abufuw poroporow nʼatade mu ka kyerɛɛ wɔn se, “Mo mmusu ngu mo atifi. Mo afɔbu nna me so. Efi nnɛ de rekɔ, merekɔka asɛm no makyerɛ amanamanmufo.”
৬যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”
7 Ofii hɔ kɔtenaa Amanamanmuni Nyamesomni bi a wɔfrɛ no Tito Yusto a ne fi bata hyiadan ho no nkyɛn.
৭পাছত, তেওঁ তাৰ পৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ’ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল।
8 Krispo a na ɔyɛ hyiadan mu panyin no ne ne fifo nyinaa gyee Awurade dii ma wɔbɔɔ wɔn asu. Saa ara na Korintofo bebree a wɔtee Awurade asɛm no nso gye dii ma wɔbɔɔ wɔn asu.
৮পৌলৰ কথা শুনি নাম-ঘৰৰ অধিকাৰী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহুলোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।
9 Da bi anadwo, Awurade ka kyerɛɛ Paulo wɔ anisoadehu mu se, “Nsuro! Mpa abaw! Kɔ so ara ka mʼasɛm no,
৯প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
10 efisɛ meka wo ho. Obiara rentumi nyɛ wo hwee, efisɛ nnipa pii wɔ kurow yi mu a wɔyɛ mʼakyidifo.”
১০মই তোমাৰ লগত আছোঁ, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে৷’’
11 Paulo tenaa hɔ afe ne fa kyerɛkyerɛɛ Onyankopɔn asɛm no wɔ wɔn mu.
১১তাতে পৌলে এবছৰ ছয় মাহ তেওঁলোকৰ মাজত থাকি ঈশ্বৰৰ বাক্য শিকালে।
12 Bere a Galio yɛ amrado wɔ Akaia no, Yudafo no sɔre tiaa Paulo kyeree no de no kɔɔ asennii,
১২তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে;
13 kae se, “Saa onipa yi retu nkurɔfo aso sɛ wɔnkwati Yudafo mmara no mfa ɔkwan foforo so nsom Onyankopɔn.”
১৩তেওঁলোকে কলে, “এই লোক জনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।”
14 Paulo yɛɛ sɛ ɔrebue nʼano akasa pɛ na Galio ka kyerɛɛ Yudafo no se, “Yudafo, sɛ mode asɛm foforo bi a ɛfa nsɛmmɔnedi anaa abususɛm ho na ɛbae a, anka mɛhwɛ na maka.
১৪পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।
15 Nanso esiane sɛ ɛyɛ akyinnyegye a ɛfa nsɛm, din ne mo mmara ho nti, mo ara monkɔhwɛ nka. Merenyɛ saa asɛm yi mu otemmufo.”
১৫কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷”
16 Na ɔpam wɔn fii asennii hɔ.
১৬পাছত গেল্লিয়োৱে তেওঁলোকক বিচাৰৰ আসনৰ পৰা আতৰ কৰিলে।
17 Afei dɔm no tow hyɛɛ Sostene a ɔyɛ hyiadan mu panyin no so, twee no kɔɔ asennii hɔ kɔbroo no, nanso Galio anka ho hwee.
১৭তাতে তেওঁলোকে নাম-ঘৰৰ অধিকাৰী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহঁতে কৰা কামবোৰত গাল্লিয়োৱে মনোযোগ নিদিলে।
18 Paulo tenaa Korinto kyɛɛ kakra ansa na ɔrekra anuanom no ma ɔne Priskila ne Akwila refi hɔ akɔ Siria. Esiane bɔ a na wahyɛ no nti, ansa na ɔrebɛkɔ no, ɔma woyii ne ti wɔ Kenkrea.
১৮পৌলে, সেই ঠাইতে বহু দিনলৈকে থাকি, ভাই সকলৰ পৰা বিদায় লৈ সাগৰীয় পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে; তেওঁৰ লগত প্ৰিষ্কিলা আৰু আক্কিলাও গ’ল৷ তেওঁ কিংক্ৰিয়াত নিজৰ মূৰ খুৰাইছিল; কিয়নো তেওঁৰ কোনো সংকল্প আছিল।
19 Woduu Efeso no, Paulo gyaw Priskila ne Akwila hɔ kɔɔ hyiadan mu ne Yudafo no kɔkasae.
১৯ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে।
20 Wɔsrɛɛ no sɛ, sɛ obetumi a anka ɔntena wɔn nkyɛn nkyɛ kakra nanso wampene so.
২০তাতে আৰু কিছুদিন থাকিবলৈ তেওঁলোকে পৌলক অনুৰোধ কৰিলে, কিন্তু তেওঁ অমান্তি হল।
21 Mmom, ɔrebefi hɔ no ɔka kyerɛɛ wɔn se, “Sɛ Onyankopɔn pɛ a mɛsan aba bio.” Na ofii hɔ kɔɔ Efeso.
২১“ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয় পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে।
22 Oduu Kaesarea no, ɔkɔɔ Yerusalem kokyiaa asafo no fii hɔ kɔɔ Antiokia.
২২পাছত চীজাৰিয়াত নামি, যিৰূচালেমলৈ গৈ মণ্ডলীক আন্তৰিক অভিনন্দন জনাই, তাৰ পৰা আন্তিয়খিয়ালৈ আহিল।
23 Odii nna kakra wɔ hɔ no, ofii hɔ kɔɔ Galati ne Frigia kɔhyɛɛ agyidifo a wɔwɔ hɔ no den.
২৩তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফিৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
24 Saa bere no ara mu na Yudani bi a wɔfrɛ no Apolo a wɔwoo no wɔ Aleksandria no kɔɔ Efeso. Ɔyɛ obi a na nʼano atew na onim Kyerɛwsɛm no yiye.
২৪সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।
25 Esiane sɛ na wɔnam Awurade kwan so akyerɛkyerɛ no nti, na ɔde nnam kasa kyerɛkyerɛ nokwasɛm a ɛfa Yesu ho no. Nanso na Yohane asubɔ no nko ara na onim.
২৫তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল।
26 Ofii ase de nnam kasaa wɔ hyiadan no mu. Bere a Priskila ne Akwila tee asɛm a ɔreka no, wɔde no kɔɔ fie kɔkyerɛkyerɛ no Onyankopɔn asɛm no mu yiye.
২৬পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।
27 Bere a Apolo pɛɛ sɛ ɔkɔ Akaia no, agyidifo a wɔwɔ Efeso no hyɛɛ no nkuran, kyerɛw krataa kɔmaa agyidifo a wɔwɔ hɔ no se wonnye no. Bere a okodui no, ɔboaa wɔn a Onyankopɔn adom nti wɔabɛyɛ agyidifo no yiye.
২৭যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।
28 Ɔde ne nimdeɛ kyerɛɛ Onyankopɔn asɛm mu de tuu Yudafo no guu wɔ bagua mu, nam Kyerɛwsɛm no so daa no adi pefee sɛ Yesu ne Agyenkwa no.
২৮কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।